নিউজ ডেস্ক, ১৮ জুনঃ ছত্তিশগড়ৰ কানকেৰ জিলাত সীমা সুৰক্ষা বাহিনীয়ে অব্যাহত ৰাখিছে নক্সাল বিৰোধী অভিযান। এই অভিযানৰ সময়ত বৃহস্পতিবাৰে সীমা সুৰক্ষা বাহিনীৰ সৈতে সংঘৰ্ষত লিপ্ত হয় নক্সাল। এই সংঘৰ্ষৰ ফলত নিৰাপত্তাবাহিনীৰ কোনো লোক হতাহত নোহোৱাৰ খৱৰ পোৱা গৈছে।

জিলাখনৰ মাহলা অঞ্চলৰ প্ৰতাপুৰ জংঘলত সংঘটিত হোৱা IED বিস্ফোৰণৰ ঘটনাৰ পাছতেই সীমা সুৰক্ষা বাহিনীয়ে অঞ্চলটোত অব্যাহত ৰাখিছে নক্সাল বিৰোধী অভিযান। তেনে সময়তেই নিৰাপত্তাৰক্ষীৰ সৈতে নক্সালৰ সংঘৰ্ষ হয় যদিও এই সংঘৰ্ষত কোনো হতাহত হোৱা নাই। তদুপৰি বৰ্তমানেও অঞ্চলটোত এই অভিযান অব্য়াহত আছে বুলি এগৰাকী আৰক্ষী বিষয়াই জানিবলৈ দিয়ে।
লগতে চাওকঃ বিপিএফ আৰু ইউপিপিএল দলৰ বিৰুদ্ধে মন্তব্য নৱ কুমাৰ শৰনীয়াৰ