জম্মু-কাশ্মীৰ, 29 মে’: জম্মু-কাশ্মীৰৰ তাজিপৰাৰ মহম্মদপাৰা অঞ্চল বুধবাৰে পুৱতি নিশাৰ পৰা আৰম্ভ হৈছে সেনা আৰু আৰক্ষীৰ মাজত গুলীয়াগুলী ৷ অঞ্চলটোত দুটাকৈ উগ্ৰপন্থী আৱদ্ধ হৈ থকা বুলি জানিব পৰা গৈছে ৷ অৱশ্যে এই পৰ্যন্ত এই সন্দৰ্ভত অধিক তথ্য আহি পোৱা নাই ৷
ইয়াৰ এদিনৰ পূৰ্বে জম্মু কাশ্মীৰৰ অনন্তনাগ জিলাৰ ক’কাৰনাগ অঞ্চলত দুজনকৈ সন্ত্ৰাসবাদী নিহত হৈছিল ৷ লগতে উদ্ধাৰ হৈছিল বহুতো মৰণাস্ত্ৰ ৷ লগতে, যোৱা 24 মে’ তাৰিখে সেনাই অঞ্চলটোত মষ্ট ৱান্টেড সন্ত্ৰাসবাদী জাকিৰ মোচাক হত্যা কৰিছিল ভাৰতীয় সেনা বাহিনীয়ে ৷