ETV Bharat / bharat

হাৰিয়ানাৰ কেজিপি এক্সপ্ৰেছ হাইৱে'ত বায়ুসেনাৰ হেলিকপ্তাৰৰ জৰুৰী অৱতৰণ

হাৰিয়ানাৰ চোনীপত জিলাৰ কেজিপি এক্সপ্ৰেছ হাইৱেত জৰুৰী অৱতৰণ বায়ুসেনাৰ এখন হেলিকপ্তাৰৰ। যান্ত্ৰিক বিজুতিৰ বাবে সংঘটিত হয় এই ঘটনা।

air force helicopter
emergency landing of air force helicopter on kgp expressway sonipat, haryana
author img

By

Published : Jun 26, 2020, 9:34 PM IST

নিউজ ডেস্ক, ২৬ জুনঃ হাৰিয়ানাৰ চোনীপত জিলাৰ কেজিপি এক্সপ্ৰেছ হাইৱে'ত জৰুৰী অৱতৰণ কৰিবলগীয়া হয় বায়ুসেনাৰ এখন হেলিকপ্তাৰে। যান্ত্ৰিক বিজুতিৰ বাবে হেলিকপ্তাৰখন জৰুৰী অৱতৰণ কৰিবলগীয়া হয় বুলি পাইলটগৰাকীয়ে বিভাগীয় কৰ্তৃপক্ষক অৱগত কৰে। এই ঘটনা সংঘটিত হোৱাৰ খৱৰ লাভ কৰাৰ পাছতেই হিনদম এয়াৰবেচ (Hindon Airbase)ৰ বিষয়া আৰু মেকানিক ঘটনাস্থলীত উপস্থিত হয়।

emergency landing of air force helicopter on kgp expressway sonipat, haryana
হাৰিয়ানাৰ কেজিপি এক্সপ্ৰেছ হাইৱে'ত বায়ুসেনাৰ হেলিকপ্তাৰৰ জৰুৰী অৱতৰণ

শুকুৰবাৰে পুৱা প্ৰায় ১০ বজাত সংঘটিত হয় এই ঘটনা। হেলিকপ্তাৰখন পথত অৱতৰণ কৰা প্ৰত্যক্ষ কৰি স্থানীয় লোকসকলৰ আচৰিত হৈ পৰে আৰু পথটোৰে গৈ থকা লোকসকলে ৰৈ দি এই দৃশ্য প্ৰত্যক্ষ কৰে। কেইবাঘণ্টা ধৰি হেলিকপ্তাৰখন ঘাইপথটোতে আছিল বুলি জানিব পৰা গৈছে । পাছত, এয়াৰবেচ বিষয়াৰ লগত অহা মেকানিকে হেলিকপ্তাৰখন ঠিক কৰাতহে পুনৰ গন্তব্য স্থানলৈ ৰাওনা হয় ।

লগতে পঢ়ক : গহপুৰত চত্ৰং নৈয়ে ধাৰণ কৰিছে বিধ্বংসী ৰূপ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.