নিউজ ডেস্ক, 13 জুলাইঃ প্ৰাক্তন প্ৰধানমন্ত্ৰী বাজপেয়ীৰ ভাষ্য অনুসৰি,ভাৰতবৰ্ষত নিৰ্বাচন হৈছে লোকতান্ত্ৰিক কুম্ভমেলা ৷ কিন্তু কৰ'ণাই সৰ্বত্ৰে ত্ৰাসৰ সৃষ্টি কৰা এই সময়ছোৱাত নিৰ্বাচন পৰিচালনা কৰাটো একপ্ৰকাৰৰ দুঃসাহসিক কাম ৷ প্ৰায় 10,600 কৰ'ণা ৰোগী আৰু 220 জনৰ কৰ'ণাত মৃত্যু হোৱা ঘটনাৰ মাজতে দক্ষিণ কোৰিয়াই সাধাৰণ নিৰ্বাচন অনুষ্ঠিত কৰে ৷ ইয়াকে অনুসৰণ কৰি ভাৰতৰ নিৰ্বাচন আয়োগে অক্টোবৰ-নৱেম্বৰ মাহত বিহাৰ বিধানসভা নিৰ্বাচনৰ বাবে গ্ৰাউণ্ড ৰিপ'ৰ্ট প্ৰস্তুত কৰিছে ৷ এই সন্দৰ্ভত নিৰ্বাচনী আয়োগে বিভিন্ন নীতি-নিৰ্দেশনাৰ লগতে ভোটাৰসকলৰ মাজত শাৰিৰীক দূৰত্ব,নিৰ্বাচনী কেন্দ্ৰসমূহ দুগুণ কৰা,জেষ্ঠ নাগৰিকসকলৰ বাবে পোষ্টেল বেলেটৰ সুবিধা প্ৰদান কৰা,65 + - সকলোৰে বাবে ক'ভিড এক ভাবুকি ৷ এই পৰিস্থিতিত ৰাজনৈতিক দলসমূহৰ দ্বাৰা ভোটাৰসকলক সুখী কৰিবলৈ নতুনকৈ অৱলম্বন কৰা পদ্ধতিসমূহক স্বাগতম জনোৱা হৈছে ৷
যিসমূহ দলে বিশাল জনসমাৱেশৰ সৃষ্টি কৰিব পাৰে,বিশাল ৰেলীৰ লগতে ধুমধামেৰে জনসভা কৰিছিল,সেই দলসমূহে বৰ্তমান ডিজিটেল পদ্ধতিৰে ভাৰ্চুৱেল জনসভাৰ ব্যৱস্থা কৰিছে ৷ বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰেও ডিজিটেল পদ্ধতিৰ সহায় লৈ এখন জনসভাৰ প্ৰস্তুতি কৰিছে ৷ যাতে পৰৱৰ্তী মাহৰ প্ৰথম সপ্তাহতে বিহাৰৰ 243 সমষ্টিৰ 10 লাখ জনসাধাৰণ সেই জনসভাত গোট খাব পাৰে ৷ কৰ'ণাৰ বাবে পুৰণিকলীয়া প্ৰক্ৰিয়াসমূহ এৰি নিৰ্বাচনৰ বাবে নতুন নতুন প্ৰক্ৰিয়াৰ সহায় লোৱাটো প্ৰতিটো দলৰ বাবে অতি আৱশ্যক ৷
ভাৰতত EVM মেচিনৰ ব্যৱহাৰে সম্পূৰ্ণ নিৰ্বাচনী প্ৰক্ৰিয়াটো লক্ষণীয়ভাৱে সলনি কৰি দিছে ৷ ইয়াৰ লগতে booth capturing , EVM মেচিনৰ সৈতে কৰা টেম্পাৰিঙ অথবা বহুতো বেআইনী কাৰ্যকালাপৰো পৰীক্ষা কৰা হৈছে ৷ ইয়াৰোপৰি নিৰ্বাচনী আয়োগে ৰাজনৈতিক দলসমূহৰ বাবে Sugam portal আৰু Samadh portal জৰিয়তে উত্থাপিত অভিযোগসমূহ তদন্ত কৰিবলৈ অনুমতি প্ৰদান কৰিছে ৷ জনসাধাৰণৰ অভিযোগসমূহ জানিবলৈ ভিডিঅ' কনফাৰেন্সৰ সহায়ত “C Vigil” পদ্ধতিৰ জৰিয়তে পৰ্যবেক্ষণ কৰা হৈছে ৷
ভাৰতত বিশৃংখল প্ৰচাৰ,কোটি কোটি টকা ব্যয় কৰা আৰু বিশাল সভাত লক্ষ লক্ষ জনসাধাৰণৰ সমাবেশ ঘটোৱা আৰু এই ধৰণৰ সভাসমূহত ৰাইজৰ বিচলিত কৰাৰ কোনো সীমা নাথাকে ৷ কোনো দলৰ ওচৰত এই সন্দৰ্ভত একো নিশ্চয়তা নাই যে ৰাইজে বিৰিয়ানীৰ পেকেট,সুৰাৰ বটল আৰু টকা প্ৰদান কৰা বাবে মানুহ একত্ৰিত হ'ব অথবা নেতাসকলৰ ভাষণ শুনি তেওঁলোকক ভোট দিব ৷
কি দৰকাৰ ইমান অৰ্থ ব্যয়ৰ জৰিয়তে অসম্ভৱক সম্ভৱ কৰি তোলাৰ প্ৰচেষ্টাৰ ? অথবা কি দৰকাৰ জনসাধাৰণৰ জীৱনত বিপৰ্যয় সৃষ্টি কৰাৰ ? কিয় এই শক্তিৰ মিছা প্ৰচেষ্টা ? দেশত স্মাৰ্ট ফোন ব্যৱহাৰকাৰীৰ সংখ্যা 50 কোটিৰ অধিক ৷ গতিকে সৰহ সংখ্যক লোকৰে প্ৰিয় টিভি অথবা ছ'চিয়েল মিডিয়া ৷ এই পটভূমিত দলসমূহে ডিজিটেল মাধ্যমৰ জৰিয়তে ভোটাৰসকলক হস্তগত কৰাৰ চেষ্টা ত্যাগ কৰা উচিত ৷
লগতে চাওকঃ অনুপম খেৰৰ মাতৃক ভৰ্ত্তি কৰোৱা হ'ল আইচ'লেচন ৱাৰ্ডত