ETV Bharat / bharat

বিশ্বব্যাপী জল সংকটঃ সময়ৰ আহ্বান পানীৰ উপযুক্ত ব্যৱহাৰ - বিশ্বব্যাপী জল সংকটঃ সময়ৰ আহ্বান পানীৰ উপযুক্ত ব্যৱহাৰ

সকলো জীৱকুলৰ বাবে পানীয়ে হৈছে প্ৰাণ ৷ পানী অবিহনে কোনো জীৱনেই বৰ্তি থাকিব নোৱাৰে ৷ মানুহে খাদ্য অবিহনে কেইদিনমান বাছি থাকিব পাৰে যদিও পানী অবিহনে এদিনো বাছি থাকিব নোৱাৰে ৷ সমগ্ৰ বিশ্বত 1960 চনৰ পৰাই বৃদ্ধি পাইছে পানীৰ ব্যৱহাৰ ৷ ফলশ্ৰুতিত পানীৰ উৎস সমূহ ক্ৰমান্বয়ে হ্ৰাস পাবলৈ ধৰে ৷ বিশ্বৰ মুঠ জনসংখ্যাৰ এক-চতুৰ্থাংশ সামৰি থকা 17খনকৈ দেশত ভয়ানক পানীৰ নাটনিয়ে দেখা দিছে ৷ 2018 চনৰ নিটি আয়োগৰ প্ৰতিবেদন অনুসৰি,ভয়ানক জলসংকটত ভোগা দেশৰ ভিতৰত ভাৰতৰ স্থান 13 সংখ্যক ৷ প্ৰতি টোপাল বৰষুণৰ পানী সংৰক্ষণ আৰু নিষ্কাষিত জলৰ পুনৰ ব্যৱহাৰ কৰাটো অতিকে প্ৰয়োজনীয় ৷ Etv Bharat অসমৰ এক প্ৰতিবেদন ৷

সময়ৰ আহ্বান পানীৰ উপযুক্ত ব্যৱহাৰ
author img

By

Published : Nov 18, 2019, 5:17 PM IST

সকলো জীৱকুলৰ বাবে পানীয়ে হৈছে প্ৰাণ ৷ পানী অবিহনে কোনো জীৱনেই বৰ্তি থাকিব নোৱাৰে ৷ মানুহে খাদ্য অবিহনে কেইদিনমান বাছি থাকিব পাৰে যদিও পানী অবিহনে এদিনো বাছি থাকিব নোৱাৰে ৷ সেয়েহে নাগৰিক আৰু চৰকাৰৰ বাবে পানীৰ উৎসৰ সংৰক্ষণ,পানীৰ অপচয় বন্ধ কৰা আৰু পানীৰ নতুন উৎসৰ সন্ধান কৰাটো সমানে প্ৰয়োজনীয় ৷ তেলেগু ৰাজ্যত প্ৰচুৰ পৰিমাণে বৰষুণ হয় ৷ ৰাজ্যখনৰ উপৰিভাগৰ জলস্ৰোতসমূহ উপচি পৰিলে কৃষ্ণা আৰু গোদাবৰী নৈত বৃহৎ পৰিমাণে পানীৰ সোঁত বৃদ্ধি হয় ৷ এইসমূহ পানী ভৱিষ্যতে ব্যৱহাৰ কৰিবলৈ উপযুক্ত ব্যৱস্থাৰে সংৰক্ষণ কৰিব লাগে ৷ কিন্তু দুৰ্ভাগ্যৰ বিষয় যে, এইক্ষেত্ৰত কোনো উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই ৷

সমগ্ৰ বিশ্বত 1960 চনৰ পৰাই বৃদ্ধি পাইছে পানীৰ ব্যৱহাৰ ৷ ফলশ্ৰুতিত পানীৰ উৎসসমূহ ক্ৰমান্বয়ে হ্ৰাস পাবলৈ ধৰে ৷ বিশ্বৰ মুঠ জনসংখ্যাৰ এক-চতুৰ্থাংশ সামৰি থকা 17 খনকৈ দেশত ভয়ানক পানীৰ নাটনিয়ে দেখা দিছে ৷ এইসমূহ দেশত খেতি,উদ্যোগ আৰু নগৰীয়া জনসংখ্যাই উপলব্ধ থকা পানীৰ 80 শতাংশকৈ ব্যৱহাৰ কৰি আহিছে ৷ বিশ্বৰ মুঠ জনসংখ্যাৰ এক-তৃতীয়াংশ সামৰি থকা 44 খনকৈ দেশেও পানীৰ নাটনিৰ দিশে আগবাঢ়িছে ৷ উপলব্ধ পানী আৰু পানীৰ যোগানৰ মাজত থকা বৃহৎ ফাঁকৰ বাবেই শুকান অঞ্চলৰ সংখ্যাও লাহে লাহে বৃদ্ধি পাবলৈ লৈছে ৷ ইয়াৰ পৰিণাম জীৱিকা,আত্মসংস্থাপন,কৃষি উৎপাদন,খাদ্য সুৰক্ষা আৰু ব্যৱসায় স্থায়ীত্বৰ ওপৰত পৰিলক্ষিত হৈছে ৷ জনসংখ্যা বৃদ্ধি, নগৰীকৰণ,আৰ্থসামাজিক উন্নয়ন আৰু ঔদ্যোগীকৰণে পানীৰ চাহিদা বৃদ্ধিত অৰিহণা যোগাইছে ৷

ভাৰতত পানীকলৰ দ্বাৰা 90 শতাংশ চহৰে পানী লাভ কৰে ৷ ভাৰতৰ 80 শতাংশ গাঁৱত এতিয়াও পানী যোগানৰ ব্যৱস্থা নাই ৷ একেদৰেই মহিলা আৰু শিশুসকলে পানী আহৰণৰ বাবে বহু কিলোমিটাৰ খোজকাঢ়ি যাবলগীয়া হয় ৷ স্বাধীনতাৰ পিচৰে পৰাই চৰকাৰে পানীযোগান ব্যৱস্থা আৰু জলাশয়ৰ ওপৰত গুৰুত্ব প্ৰদান কৰি আহিছে ৷ কিন্তু খোৱাপানীৰ উৎসৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হোৱা নাই ৷ লাহে লাহে,নাগৰিকৰ প্ৰয়োজন অনুসৰি প্ৰভাৱী জল উৎস সমূহ ব্যৱহাৰ কৰাৰ বিষয়ে চৰকাৰে বুজি উঠিছে ৷ যাৰ ফলশ্ৰুতিতে 1987 চনত প্ৰথমবাৰলৈ ৰাষ্ট্ৰীয় জল নীতি গ্ৰহণ কৰা হয় ৷

শুষ্ক অঞ্চলৰ বাবেই বৰষুণেই হৈছে পানীৰ প্ৰধান উৎস ৷ উত্তৰ ভাৰতীয় ৰাজ্যসমূহত ভূ-ভাগৰ পানীৰ স্তৰ অধিক ৷ দক্ষিণ ভাৰতীয় ৰাজ্যসমূহত ই সম্পূৰ্ণ বিপৰীত ৷ এইটো অঞ্চলৰ গাঁথনি বেছিভাগেই শিলাময় হোৱাৰ বাবেই বৰষুণৰ পানী সংৰক্ষণ কৰাটো অধিক কঠিন ৷ সমগ্ৰ ভাৰতৰ বহুটো অঞ্চলত বাৰিষা কালত গড়ে 500 মিলিমিটাৰ বৰষুণ হয় ৷ বৰষুণৰ পৰিমাণ আগত ৰাখি 10-12 বৰ্গ মিটাৰ অঞ্চলত ভূ-ভাগ অথবা ভূগৰ্ভস্থ পানী সংৰক্ষণৰ বাবে ব্যৱহাৰ কৰিব পৰা যাব ৷

শেহতীয়া কালচোৱাত ৰাজস্থান আৰু তামিলনাডুৰ লোকসকলে ভয়ানক পানীৰ সমস্যাত পৰা পৰিলক্ষিত হৈছে ৷ তামিলনাডুৰ পানীৰ নাটনিৰ কথা সৰ্বজনবিদিত ৷ উপলব্ধ থকা ভূ-ভাগৰ পানী সংৰক্ষণত ব্যৰ্থ হোৱাটো ইয়াত প্ৰমাণ হৈছে ৷ ঔদ্যোগিক আৱৰ্জনা,ৰাসায়নিক সাৰ আৰু অন্যান্য বিষাক্ত কণিকাৰ বাবে ভূগৰ্ভস্থ পানী প্ৰদূষিত হৈছে ৷ নিম্ন মানদণ্ডৰ পানীকলৰ বাবেই নৰ্দমাৰ পানী বাহিৰ হৈ খোৱাপানীৰ সৈতে মিহলি হোৱাৰ ফলত মানুহৰ মাজত নানা ৰোগ-উপসৰ্গই দেখা দিছে ৷ ৰাজস্থান যিয়ে খোৱাপানীৰ নাটনিত পৰিছে, তাত নলী নাদৰ দ্বাৰা খোৱাপানীৰ ব্যৱস্থা নামমাত্ৰ ৷

2018 চনৰ নিটি আয়োগৰ প্ৰতিবেদন অনুসৰি,ভয়ানক জলসংকটত ভোগা দেশৰ ভিতৰত ভাৰতৰ স্থান 13 সংখ্যক ৷ ভাৰতৰ জনসংখ্যা বিশ্বৰ মুঠ জনসংখ্যাৰ এক-চতুৰ্থাংশ সামৰি থকা 17খন দেশতকৈ তিনিগুণ বেছি ৷ 2018 চনৰ কেন্দ্ৰীয় ভূ-গৰ্ভস্থ জল বোৰ্ডৰ প্ৰতিবেদন অনুসৰি, ভাৰতত ভূগৰ্ভস্থ পানীৰ পৰিমাণ প্ৰতিবছৰে 8 চেন্টিমিটাৰকৈ কমি আহিছে ৷ ইয়াৰ পৰিণাম ভাৰতৰ অৰ্থনীতিটো পৰিলক্ষিত হৈছে ৷ যদিহে পানীৰ এই সমস্যাক গুৰুত্বসহকাৰে গ্ৰহণ কৰা নহয়, আহিবলগীয়া সময়ত ভাৰতত এই সমস্যাই অধিক ভয়াৱহ ৰূপ ধাৰণ কৰিব ৷ International Resource Panelৰ দ্বাৰা 2019 চনত চলোৱা এক জৰীপ অনুসৰি, জলসংকটত ভোগা দেশৰ ভিতৰত চতুৰ্থ স্থানত থকা ছৌদি আৰৱে, প্ৰতি টোপাল পানী সংৰক্ষণৰ বাবে ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে বছৰৰ ভিতৰতে পানীৰ ব্যৱহাৰ 43 শতাংশলৈ হ্ৰাস কৰাৰ লক্ষ্য বান্ধি লৈছে ৷ তালিকাত 37সংখ্যক স্থানত থকা নামিবিয়াই বিগত 50 বছৰ ধৰি নিষ্কাষিত জলৰ পুনৰ ব্যৱহাৰ কৰি আহিছে ৷ তালিকাত 50সংখ্যক স্থানত থকা অষ্ট্ৰেলিয়াই শুকান অৱস্থাৰ সময়ত ঘৰুৱা পানীৰ ব্যৱহাৰ আধালৈ কমাই দিয়ে ৷ একেদৰেই তালিকাৰ 56সংখ্যক স্থানত থকা চীনে নতুনকৈ নিৰ্মিত অট্টালিকাত পানী সংৰক্ষণ ইউনিটৰ ব্যৱস্থাৰে আগবাঢ়িছে ৷

বাষ্পীভৱন আৰু ঘনীভৱন প্ৰক্ৰিয়াৰ বাহিৰে বেলেগ উপায়েৰে পানীৰ সৃষ্টি নহয় ৷ সীমিত পানীৰ উৎসক সাৱধানতাৰে ব্যৱহাৰ কৰাৰ বাহিৰে পানী সংৰক্ষণৰ অন্য কোনো উপায়ো নাই ৷ সেয়েহে প্ৰতি টোপাল বৰষুণৰ পানী সংৰক্ষণ আৰু নিষ্কাষিত জলৰ পুনৰ ব্যৱহাৰ কৰাটো অতিকে প্ৰয়োজনীয় ৷ সময়ৰ আহ্বান হৈছে পানী পুনৰ ব্যৱহাৰযোগ্য কৰি তোলা আৰু খেতিপথাৰৰ বাবে কম পৰিমাণে প্ৰয়োগ কৰা ৷ নাগৰিকসকলেও জল সংৰক্ষণত নিজৰ অৱদান আগবঢ়োৱাৰ লগতে অংশগ্ৰহণ কৰক ৷ এইসমূহ ব্যৱস্থাৰ দ্বাৰাই আমি সকলোৱে জল সংকটৰ পৰা মুক্ত হ'ব পাৰিম ৷

Intro:Body:

সকলো জীৱকুলৰ বাবে পানীয়ে হৈছে প্ৰাণ ৷ পানী অবিহনে কোনো জীৱনেই বৰ্তি থাকিব নোৱাৰে ৷ মানুহে খাদ্য অবিহনে কেইদিনমান বাছি থাকিব পাৰে যদিও পানী অবিহনে এদিনো বাছি থাকিব নোৱাৰে ৷ সেয়েহে নাগৰিক আৰু চৰকাৰৰ বাবে পানীৰ উৎসৰ সংৰক্ষণ, পানীৰ অপচয় বন্ধ কৰা আৰু পানীৰ নতুন উৎসৰ সন্ধান কৰাটো সমানে প্ৰয়োজনীয় ৷ তেলুগু ৰাজ্যত প্ৰচুৰ পৰিমানে বৰষুণ হয় ৷ ৰাজ্যখনৰ উপৰিভাগৰ জলস্ৰোতসমূহ উপচি পৰিলে কৃষ্ণা আৰু গোদাবৰী নৈত বৃহৎ পৰিমানে পানীৰ সোঁত বৃদ্ধি হয় ৷ এইসমূহ পানী ভৱিষ্যতে ব্যৱহাৰ কৰিবলৈ উপযুক্ত ব্যৱস্থাৰে সংৰক্ষণ কৰিব লাগে ৷ কিন্তু দুৰ্ভাগ্যৰ বিষয় যে, এইক্ষেত্ৰত কোনো উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই ৷ 

সমগ্ৰ বিশ্বত 1960 চনৰ পৰাই বৃদ্ধি পাইছে পানীৰ ব্যৱহাৰ ৷ ফলশ্ৰুতিত পানীৰ উৎসসমূহ ক্ৰমান্বয়ে হ্ৰাস পাবলৈ ধৰে ৷ বিশ্বৰ মুঠ জনসংখ্যাৰ এক-চতুৰ্থাংশ সামৰি থকা 17খনকৈ দেশত ভয়ানক পানীৰ নাটনিয়ে দেখা দিছে ৷ এইসমূহ দেশত খেতি, উদ্যোগ আৰু নগৰীয়া জনসংখ্যাই উপলব্ধ থকা পানীৰ 80 শতাংশকৈ ব্যৱহাৰ কৰি আহিছে ৷ বিশ্বৰ মুঠ জনসংখ্যাৰ এক-তৃতীয়াংশ সামৰি থকা 44খনকৈ দেশেও পানীৰ নাটনিৰ দিশে আগবাঢ়িছে ৷ উপলব্ধ পানী আৰু পানীৰ যোগানৰ মাজত থকা বৃহৎ ফাঁকৰ বাবেই শুকান অঞ্চলৰ সংখ্যাও লাহে লাহে বৃদ্ধি পাবলৈ লৈছে ৷ ইয়াৰ পৰিনাম জীৱিকা, আত্মসংস্থাপন, কৃষি উৎপাদন, খাদ্য সুৰক্ষা আৰু ব্যৱসায় স্থায়িত্বৰ ওপৰত পৰিলক্ষিত হৈছে ৷ জনসংখ্যা বৃদ্ধি, নগৰীকৰণ, আৰ্থসামাজিক উন্নয়ন আৰু ঔদ্যোগীকৰণে পানীৰ চাহিদা বৃদ্ধিত অৰিহণা যোগাইছে ৷ 

ভাৰতত পানীকলৰ দ্বাৰা 90 শতাংশ চহৰে পানী লাভ কৰে ৷ ভাৰতৰ 80 শতাংশ গাঁৱত এতিয়াও পানীযোগানৰ ব্যৱস্থা নাই ৷ একেদৰেই মহিলা আৰু শিশুসকলে পানী আহৰণৰ বাবে বহু কিলোমিটাৰ খোজকাঢ়ি যাবলগীয়া হয় ৷ স্বাধীনতাৰ পিচৰে পৰাই চৰকাৰে পানীযোগান ব্যৱস্থা আৰু জলাশয়ৰ ওপৰত গুৰুত্ব প্ৰদান কৰি আহিছে ৷ কিন্তু খোৱাপানীৰ উৎসৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হোৱা নাই ৷ লাহে লাহে, নাগৰিকৰ প্ৰয়োজন অনুসৰি প্ৰভাৱী জল উৎসসমূহ উপয়োগ কৰাৰ বিষয়ে চৰকাৰে বুজি উঠিছে ৷ যাৰ ফলশ্ৰুতিতে 1987 চনত প্ৰথমবাৰলৈ ৰাষ্ট্ৰীয় জল নীতি গ্ৰহণ কৰা হয় ৷ 

শুষ্ক অঞ্চলৰ বাবেই বৰষুণেই হৈছে পানীৰ প্ৰধান উৎস ৷ উত্তৰ ভাৰতীয় ৰাজ্যসমূহত ভূ-ভাগৰ পানীৰ স্তৰ অধিক ৷ দক্ষিণ ভাৰতীয় ৰাজ্যসমূহত ই সম্পূৰ্ণ বিপৰীত ৷ এইটো অঞ্চলৰ গাঁথনি বেছিভাগেই শিলাময় হোৱাৰ বাবেই বৰষুণৰ পানী সংৰক্ষণ কৰাটো অধিক কঠিন ৷ সমগ্ৰ ভাৰতৰ বহুটো অঞ্চলত বাৰিষা কালত গড়ে 500 মিলিমিটাৰ বৰষুণ হয় ৷ বৰষুণৰ পৰিমান আগত ৰাখি 10-12 বৰ্গ মিটাৰ অঞ্চলত ভূ-ভাগ অথবা ভূগৰ্ভস্থ পানী সংৰক্ষণৰ বাবে ব্যৱহাৰ কৰিব পৰা যাব ৷ 

শেহতীয়া কালচোৱাত ৰাজস্থান আৰু তামিলনাডুৰ লোকসকলে ভয়ানক পানীৰ সমস্যাত পৰা পৰিলক্ষিত হৈছে ৷ তামিলনাডুৰ পানীৰ নাটনিৰ কথা সৰ্বজনবিদিত ৷ উপলব্ধ থকা ভূ-ভাগৰ পানী সংৰক্ষণত ব্যৰ্থ হোৱাটো ইয়াত প্ৰমাণ হৈছে ৷ ঔদ্যোগিক আৱৰ্জনা, ৰাসায়নিক সাৰ আৰু অন্যান্য বিষাক্ত কণিকাৰ বাবে ভূগৰ্ভস্থ পানী প্ৰদূষিত হৈছে ৷ নিম্ন মানদণ্ডৰ পানীকলৰ বাবেই নৰ্দমাৰ পানী বাহিৰ হৈ খোৱাপানীৰ সৈতে মিহলি হোৱাৰ ফলত মানুহৰ মাজত নানা ৰোগ-উপসৰ্গই দেখা দিছে ৷ ৰাজস্থান যিয়ে খোৱাপানীৰ নাটনিত পৰিছে, তাত নলীনাদৰ দ্বাৰা খোৱাপানীৰ ব্যৱস্থা নামমাত্ৰ ৷ 

2018 চনৰ নিটি আয়োগৰ প্ৰতিবেদন অনুসৰি, ভয়ানক জলসংকটত ভোগা দেশৰ ভিতৰত ভাৰতৰ স্থান 13 সংখ্যক ৷ ভাৰতৰ জনসংখ্যা বিশ্বৰ মুঠ জনসংখ্যাৰ এক-চতুৰ্থাংশ সামৰি থকা 17খন দেশতকৈ তিনিগুণ বেছি ৷ 2018 চনৰ কেন্দ্ৰীয় ভূ-গৰ্ভস্থ জল বোৰ্ডৰ প্ৰতিবেদন অনুসৰি, ভাৰতত ভূগৰ্ভস্থ পানীৰ পৰিমান প্ৰতিবছৰে 8 চেন্টিমিটাৰকৈ কমি আহিছে ৷ ইয়াৰ পৰিনাম ভাৰতৰ অৰ্থনীতিটো পৰিলক্ষিত হৈছে ৷ যদিহে পানীৰ এই সমস্যাক গুৰুত্বসহকাৰে গ্ৰহণ কৰা নহয়, আহিবলগীয়া সময়ত ভাৰতত এই সমস্যাই অধিক ভয়াৱহ ৰূপ ধাৰণ কৰিব ৷ International Resource Panelৰ দ্বাৰা 2019 চনত চলোৱা এক জৰীপ অনুসৰি, জলসংকটত ভোগা দেশৰ ভিতৰত 8ম স্থানত থকা ছৌদি আৰৱে, প্ৰতি টোপাল পানী সংৰক্ষণৰ বাবে ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে বছৰৰ ভিতৰতে পানীৰ ব্যৱহাৰ 43 শতাংশলৈ হ্ৰাস কৰাৰ লক্ষ্য বান্ধি লৈছে ৷ তালিকাত 37সংখ্যক স্থানত থকা নামিবিয়াই বিগত 50 বছৰ ধৰি নিষ্কাষিত জলৰ পুনৰ ব্যৱহাৰ কৰি আহিছে ৷ তালিকাত 50সংখ্যক স্থানত থকা অষ্ট্ৰেলিয়াই শুকান অৱস্থাৰ সময়ত ঘৰুৱা পানীৰ ব্যৱহাৰ আধালৈ কমাই দিয়ে ৷ একেদৰেই তালিকাৰ 56সংখ্যক স্থানত থকা চীনে নতুনকৈ নিৰ্মিত অট্টালিকাত পানী সংৰক্ষণ ইউনিটৰ ব্যৱস্থাৰে আগবাঢ়িছে ৷ 

বাষ্পীভৱন আৰু ঘনীভবন প্ৰক্ৰিয়াৰ বাহিৰে বেলেগ উপায়েৰে পানীৰ সৃষ্টি নহয় ৷ সীমিত পানীৰ উৎসক সাৱধানতাৰে ব্যৱহাৰ কৰা বাহিৰে পানী সংৰক্ষণৰ অন্য কোনো উপায়ো নাই ৷ সেয়েহে প্ৰতি টোপান বৰষুণৰ পানী সংৰক্ষণ আৰু নিষ্কাষিত জলৰ পুনৰ ব্যৱহাৰ কৰাটো অতিকে প্ৰয়োজনীয় ৷ সময়ৰ আহ্বান হৈছে পানী পুনৰ ব্যৱহাৰযোগ্য কৰি তোলা আৰু খেতিপথাৰৰ বাবে কম পৰিমানে প্ৰয়োগ কৰা ৷ নাগৰিকসকলেও জল সংৰক্ষণত নিজৰ অৱদান আগবঢ়োৱাৰ লগতে অংশগ্ৰহণ কৰিক ৷ এইসমূহ ব্যৱস্থাৰ দ্বাৰাই আমি সকলোৱে জল সংকটৰ পৰা মুকলি হ'ব পাৰিম ৷

Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.