ETV Bharat / bharat

লোকসভা নিৰ্বাচনৰ প্ৰাৰ্থীয়ে কিয় দিব লাগিব ষ্টাম্প চাইজ ফটো? - লোকসভাৰ নিৰ্বাচন

মনোনয়ন পত্ৰৰ লগত প্ৰাৰ্থীসকলে জমা দিব লাগিব অতিৰিক্ত ফটো ৷ পূৰ্বেও সকলো প্ৰাৰ্থীয়ে এখন অতিৰিক্ত ফটো জমা দিয়াটো বাধ্যতামূলক আছিল ৷ কিন্তু মনোনয়ন পত্ৰৰ সংশোধনৰ পাচত এই নিয়মৰো সংশোধন কৰোৱা হৈছিল ৷

ECI
author img

By

Published : Mar 21, 2019, 9:58 AM IST

চণ্ডীগড়,21 মাৰ্চ : লোকসভাৰ নিৰ্বাচনক সন্দৰ্ভত মুখ্য নিৰ্বাচনী আয়োগে বুধবাৰে জাৰি কৰিছে এক জাননী ৷ নিৰ্দেশ অনুসৰি লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা প্ৰতিজন প্ৰাৰ্থীয়ে বেলট পেপাৰত ছপা কৰিবৰ বাবে মনোনয়ন পত্ৰৰ লগত দাখিল কৰিব লাগিব এখন অতিৰিক্ত ষ্টাম্প চাইজ ফটো ৷

পঞ্জাৱৰ মুখ্য নিৰ্বাচনী বিষয়া এচ কৰুণা ৰাজুৱে কৰা মন্তব্য অনুসৰি পূৰ্বেও সকলো প্ৰাৰ্থীয়ে এখন অতিৰিক্ত ফটো জমা দিয়াটো বাধ্যতামূলক আছিল ৷ কিন্তু মনোনয়ন পত্ৰৰ সংশোধনৰ পাচত এই নিয়মৰো সংশোধন কৰোৱা হৈছিল ৷

মুখ্য নিৰ্বাচনী আয়োগৰ নিৰ্দেশনা অনুসৰি মনোননয় পত্ৰৰ সৈতে দিব লগা ফটোখনৰ সৈতে অতিৰিক্ত ফটোখন একে হ'ব লাগিব৷ আনহাতে নিৰ্বাচনী আয়োগৰ তৰফৰ পৰা প্ৰকাশ কৰা অনুসৰি যদি কোনো প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰৰ সৈতে অতিৰিক্ত ফটো গাঁঠি নিদিয়ে ,তেনেস্থলত মনোনয়ন পত্ৰৰ লগত গাঁঠি দিয়া ফটোখনেই বেলট পেপাৰত ছপা কৰিব লাগিব ৷

ECI ISSUES DIRECTIONS FOR SUBMISSION OF EXTRA STAMP SIZE PHOTO BY LS CANDIDATES FOR PAPER
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.