ETV Bharat / bharat

নিৰ্বাচনী আয়োগৰ আওতালৈ ছচিয়েল মিডিয়া - sunil arora

সকলো ৰাজনৈতিক বিজ্ঞাপনৰ থাকিব লাগিব আগতীয়া অনুমতি পত্ৰ

SUNIL ARORA
author img

By

Published : Mar 11, 2019, 7:37 AM IST

নতুন দিল্লী, 11 মাৰ্চ : মুখ্য নিৰ্বাচনী আয়োগে চোকা দৃষ্টিৰে নিৰীক্ষণ কৰিব ছচিয়েল মিডিয়া । প্ৰাৰ্থী তথা দলসমূহে ছচিয়েল মিডিয়া যোগে প্ৰকাশ কৰা নিৰ্বাচনী বিজ্ঞাপনো অন্তৰ্ভূক্ত হ'ব নিৰ্বাচনী ব্যয়ৰ পৰিমাণত । সকলো নিৰ্বাচনী বিষয়ক বিজ্ঞাপনৰ থাকিব লাগিব নিৰ্বাচনী সমিতিৰ অনুমতি পত্ৰ ।

মুখ্য নিৰ্বাচনী বিষয়া সুনীল অৰোৰাই প্ৰকাশ কৰা অনুসৰি জিলা তথা ৰাজ্যিক পৰ্যায়ত "মিডিয়া চাৰটিফিকেশ্বন এণ্ড মনিটৰিং কমিটি" চমুকৈ এম চি এম চি গঠন কৰা হ'ব । এই সমিতিসমূহত একোজনকৈ ছচিয়েল মিডিয়া বিশেষজ্ঞ অন্তৰ্ভূক্ত হ'ব । সকলো ধৰণৰ ৰাজনৈতিক বিজ্ঞাপনৰ এম চি এম চিৰ প্ৰমাণ পত্ৰ থাকিব লাগিব বুলিও মুখ্য নিৰ্বাচনী বিষয়া গৰাকীয়ে প্ৰকাশ কৰে । প্ৰাৰ্থীসকলে মনোনয়ন পত্ৰ দাখিলৰ সময়তে ছচিয়েল মিডিয়া একাউণ্টৰ সবিশেষ তথ্য দাখিল কৰিব লাগিব । ছচিয়েল মিডিয়াত প্ৰাৰ্থীসকলে প্ৰকাশ কৰা লিখনিৰ ওপৰতো কাৰ্যকৰী হ'ব নিৰ্বাচনী বিধিৰ সকলো নিয়ম । আগন্তুক লোকসভাৰ নিৰ্বাচনৰ সময়চোৱাত দেশত শান্তি শৃংখলা বজাই ৰখাৰ উদ্দেশ্যে এই নিয়ম প্ৰস্তুত কৰা হৈছে বুলি মুখ্য নিৰ্বাচনী বিষয়া গৰাকীয়ে প্ৰকাশ কৰে । সুনীল অৰোৰাই প্ৰকাশ কৰা অনুসৰি সকলো ছচিয়েল মিডিয়াৰ শাখাই ইতিমধ্যে সংযোজন ঘটোৱা এক বিশেষ ব্যৱস্থাৰ জৰিয়তে নিৰ্বাচনৰ সময়চোৱাত ছচিয়েল মিডিয়াত কেৱল পূৰ্বে প্ৰমাণ পত্ৰ লাভ কৰা নিৰ্বাচনী বিজ্ঞাপনহে গ্ৰহণ কৰা হ'ব । লগতে নিৰ্বাচনী সম্পৰ্কীয় বিজ্ঞাপনসমূহৰ ব্যয়ৰ সকলো খতিয়ান নিৰ্বাচনী কৰ্তৃপক্ষলৈ প্ৰেৰণ কৰিব । নিৰ্বাচনী আয়োগৰ নিয়ম ভংগ কৰা সকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলিও মুখ্য নিৰ্বাচনী বিষয়া সুনীল অৰোৰাই প্ৰকাশ কৰে । ইতিমধ্যে বিভিন্ন ছচিয়েল মিডিয়া প্লেটফৰ্ম সমূহে এই ক্ষেত্ৰত ব্যৱহাৰকাৰীসকলৰ মাজত সজাগতা সৃষ্টিৰ বাবে বহুতো পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলি নিৰ্বাচনী আয়োগৰ তৰফৰ পৰা প্ৰকাশ কৰা হয় । বিশষকৈ নিৰ্বাচনৰ 48 ঘণ্টাৰ পূৰ্বৰ পৰা কাৰ্যকৰী হোৱা নিষেধাজ্ঞাৰ সময়চোৱাত যাতে কোনো ধৰণৰ নিয়ম ভংগ নহয় এই বিষয়টোৰ ওপৰত নিৰ্বাচনী প্লেটফৰ্মসূহে বিশেষকৈ গুৰুত্ব আৰোপ কৰিছে । ছচিয়েল মিডিয়া যোগে প্ৰচাৰ হোৱা ভুৱা তথা ভিত্তিহীন বাতৰি সমূহ বাচি উলিয়াই শাস্তি প্ৰদানৰ ব্যৱস্থা কৰা হৈছে বুলিও নিৰ্বাচনী আয়োগৰ তৰফৰ পৰা প্ৰকাশ কৰা হয় । বিভিন্ন টি ভি চেনেল, সকলো ইলেক্ট্ৰনিক মিডিয়া , কেবোল নেটৱৰ্ক , ৰেডিঅ', চিনেমা হ'ল , ছচিয়েল মিডিয়াত প্ৰকাশিত বিভিন্ন ফোনৰ লিখিত আৰু কথিত বাৰ্তা তথা নিৰ্বাচনী প্ৰচাৰৰ কাৰ্যসূচীৰ বিভিন্ন বাৰ্তাও নিৰ্বাচনী বিজ্ঞাপনৰ আগতীয়া অনুমতি পত্ৰ লাভ কৰা নিয়মৰ অন্তৰ্ভূক্ত কৰাৰ সিদ্ধান্ত মুখ্য নিৰ্বাচনী আয়োগে গ্ৰহণ কৰাৰ কথা বিষয়াগৰাকীয়ে প্ৰকাশ কৰে ।

hj
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.