নিউজ ডেস্ক, ৬ জানুৱাৰী : ভাৰতৰ নিৰ্বাচনী আয়োগে বুধবাৰে অন্ধ্ৰপ্ৰদেশ বিধানসভাৰ এখন আসন আৰু বিহাৰ বিধানসভাৰ দুটা খালী হৈ থকা পদৰ উপ-নিৰ্বাচনৰ তাৰিখ ঘোষণা কৰে । ইয়াৰোপৰি উত্তৰ প্ৰদেশ বিধানসভাৰ 12 খন আসনৰ বাবে উপ-নিৰ্বাচনৰ তাৰিখ ঘোষণা কৰে আয়োগে ।
28 জানুৱাৰীত নিৰ্বাচন অনুষ্ঠিত কৰা হ'ব আৰু সেইদিনাখনেই ফলাফলো ঘোষণা কৰা হ'ব । 2021ৰ 30 জানুৱাৰীত তিনিওখন ৰাজ্যৰে এইসমূহ বিধানসভাৰ বিধায়কৰ কাৰ্যকালৰ অন্ত পৰিব । খালী হৈ থকা পদৰ বাবে 11 জানুৱাৰীত অধিসূচনা জাৰি কৰা হ'ব । ইফালে 18 জানুৱাৰীত মনোনয়ন পত্ৰ দাখিলৰ তাৰিখ নিৰ্ধাৰণ কৰা হৈছে । 21 জানুৱাৰীলৈ মনোনয়ন পত্ৰ উঠাই ল'ব পাৰিব প্ৰাৰ্থীসকলে ।
অন্ধ্ৰ প্ৰদেশৰ বিধায়িকা পতুলা সুনীতাই 2020ত পদত্যাগ কৰাৰ ফলত তেওঁৰ আসনখন খালী হৈ পৰে ৷ সমান্তৰালকৈ বিহাৰৰ সুশীল কুমাৰ মোডী আৰু বিনোদ নাৰায়ণ ঝাৰ পদত্যাগৰ পাচত দুখন আসন খালী হৈ আছে । নিৰ্বাচনী আয়োগে এই ৰাজ্য কেইখনৰ মুখ্য সচিবসকলক যাতে Covid-19 প্ৰটকল মানি চলি নিৰ্বাচন প্ৰক্ৰিয়া অনুষ্ঠিত হয় তাৰ বাবে এগৰাকীকৈ বিষয়া নিযুক্ত কৰিবলৈ নিৰ্দেশনা দিয়ে ৷
28 জানুৱাৰীৰ পুৱা 9 বজাৰ পৰা সন্ধিয়া 4 বজালৈকে নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু সেইদিনাখনেই সন্ধিয়া ৫ বজাৰ পৰা ফলাফল ঘোষণা কৰা হ'ব ।
লগতে পঢ়ক: পোলাচী যৌন নিৰ্যাতনৰ ৩ অভিযুক্তক গ্ৰেপ্তাৰ চিবিআইৰ