ETV Bharat / bharat

গ্ৰেপ্তাৰৰ পিচত বিকাশ ডুবে সম্পৰ্কত নতুন তথ্য উদঘাটন আৰক্ষীৰ - কানপুৰ

উত্তৰ প্ৰদেশৰ গেংষ্টাৰ বিকাশ ডুবেক বৃহস্পতিবাৰে আৰক্ষীয়ে মধ্য প্ৰদেশৰ উজ্জয়িনীৰ পৰা গ্ৰেপ্তাৰ কৰাৰ পিচতে পোহৰলৈ আহিছে কেতবোৰ নতুন নতুন তথ্য । ঘটনাৰ পিচত ডুবেই ২ দিনৰ বাবে কাণপুৰত আত্মগোপন কৰি আছিল ।

dubey-remained-in-kanpur-for-two-days-after-killing-policemen

author img

By

Published : Jul 10, 2020, 2:11 AM IST

নিউজ ডেস্ক, ৯ জুলাই : উত্তৰ প্ৰদেশৰ গেংষ্টাৰ বিকাশ ডুবেক বৃহস্পতিবাৰে আৰক্ষীয়ে মধ্য প্ৰদেশৰ উজ্জয়িনীৰ পৰা গ্ৰেপ্তাৰ কৰাৰ পিচতে পোহৰলৈ আহিছে কেতবোৰ নতুন নতুন তথ্য ।

ডুবেক গ্ৰেপ্তাৰ কৰা আৰক্ষীৰ ভিতৰত এগৰাকীয়ে শীৰ্ষ বিষয়াক জনোৱা অনুসৰি, বিগত শুকুৰবাৰে কাণপুৰত সংঘটিত ঘটনাৰ পিচত ডুবেয়ে ২ দিনৰ বাবে কাণপুৰত আত্মগোপন কৰি আছিল । আৰক্ষীয়ে যেতিয়া তেওঁক গ্ৰেপ্তাৰ কৰিবলৈ গৈছিল তেতিয়া গুলি চলোৱা বুলি উল্লেখ কৰে । ডুবেৰ লগত গ্ৰেপ্তাৰ কৰা আন এগৰাকী ব্যক্তিয়ে আৰক্ষীক জনোৱা অনুসৰি, ডুবে আৰু ২ জন সহযোগী চাইকেলৰে শিবলীত উপস্থিত হৈছিল আৰু দুদিন এগৰাকী বন্ধুৰ ঘৰত কটাইছিল । তাৰ পিচত সেই স্থানৰ পৰা ২ খন বাইকেৰে লক্ষ্ণৌলৈ যাত্ৰা কৰিছিল আৰু ডুবেৰ সহযোগী অমৰৰ সৈতে এখন ট্ৰাকত হাৰিয়ানালৈ যাত্ৰা কৰিছিল ।

শেহতীয়াকৈ কাণপুৰ আৰক্ষীয়ে কেনেকৈ ডুবে সীমান্ত পাৰ হৈ অন্য ৰাজ্যত উপস্থিত হৈছিল সেই সম্পৰ্কত তদন্ত অব্যাহত ৰাখিছে ।

লগতে পঢ়ক : কিয় আৰু কেনেকৈ গ্ৰেপ্তাৰ হ’ল খলনায়ক বিকাশ ডুবে ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.