ETV Bharat / bharat

লক্ ডাউনৰ সময়ত কেৰালাত হ্ৰাস পাইছে অপৰাধৰ সংখ্যা !

দেশত এতিয়া কৰ'ণা ভাইৰাছৰ বাবে চলি আছে লক্ ডাউন । লক্ ডাউনৰ মাজতই কেৰালাত হ্ৰাস পাইছে অপৰাধৰ সংখ্যা ।

author img

By

Published : Apr 12, 2020, 1:34 PM IST

Drop in crime rate across state during lockdown: Kerala police

নিউজ ডেস্ক, ১২ এপ্ৰিলঃ কেৰালাত লক্ ডাউনৰ ফলত হ্ৰাস পাইছে অপৰাধৰ সংখ্যা । ২৪ মাৰ্চৰ মাজ নিশাৰ পৰাই কাৰ্যকৰী হৈছিল দেশত লক্ ডাউন । লক্ ডাউনৰ ফলত অপৰাধৰ সংখ্যা হ্ৰাস হোৱাৰ কথা সদৰী কৰে কেৰালা পুলিছে । ষ্টেট ক্ৰাইম ৰেকৰ্ড ব্ৰিয়ৰ' (SCRB) ৰ প্ৰতিবেদনত যোৱা বৰ্ষৰ তুলনাত এই বৰ্ষৰ লক্ ডাউন সময় ছোৱাত অপৰাধৰ সংখ্যা যথেষ্ট হ্ৰাস পাইছে ।

২৫ মাৰ্চৰ পৰা ৩১ মাৰ্চলৈ যোৱা বৰ্ষত ১২ টা চুৰিকাণ্ডৰ ঘটনা পঞ্জীয়ন হোৱাৰ বিপৰীতে এই বৰ্ষত ইয়াৰ সংখ্যা আছিল ২ টা । আনহাতে এই বৰ্ষত ১৮ টা নিৰ্যাতনৰ ঘটনা পোহৰলৈ অহাৰ বিপৰীতে যোৱা বৰ্ষত ইয়াৰ সংখ্যা আছিল ৯২ টা । অৱশ্যে হত্যাকাণ্ডৰ ক্ষেত্ৰত বেছি হ্ৰাস দেখা পোৱা যোৱা নাই । এই বৰ্ষৰ ৭ দিনৰ লক্ ডাউনৰ সময়ত ৪ টা হত্যাকাণ্ড হোৱাৰ বিপৰীতে যোৱা বৰ্ষত ৬ টাকৈ হত্যাকাণ্ড সংঘটিত হৈছিল ।

হত্যাৰ সংখ্যা অত্যাধিক হ্ৰাস নাপালেও চুৰি, ধৰ্ষণ, গোষ্ঠী সংঘৰ্ষ, অপহৰণ, প্ৰৱঞ্চনা ইত্যাদি ঘটনা যথেষ্ট হ্ৰাস পাইছে । আৰ্মছ এক্ট আৰু এনডিপিএছ এক্টৰ অধীনতো বহু ঘটনা হ্ৰাস পোৱা দেখা পোৱা গৈছে ।

আনহাতে ২০১৯ ত ২৫ ৰ পৰা ৩১ মাৰ্চলৈ ১৪৬০ টা দুৰ্ঘটনা সংঘটিত হোৱাৰ বিপৰীতে এইবাৰ এই কেইটা দিনত ৯৭ টা ঘটনা পোহৰলৈ আহিছিল । ইপিনে এইবাৰ লক্ ডাউনৰ ২৫ ৰ পৰা ৩১ মাৰ্চলৈকে দুৰ্ঘটনাত ১৫ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে যোৱা বৰ্ষত ১৮১ জন লোকে প্ৰাণ হেৰুৱাইছিল ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.