নিউজ ডেস্ক, 18 ডিচেম্বৰ : প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থাৰ গুৰুত্বক উল্লেখ কৰি শুকুৰবাৰে দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কয় যে, আমি দেশক মহাশক্তি বনাব বিছাৰিছো আৰু এইক্ষেত্ৰই সংস্থাই বিশেষ ভূমিকা পালন কৰিব ৷
প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থাৰ বিষয়াসকলক সম্বোধন কৰি কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কয় যে, "সংস্থাই টেজাছকে ধৰি বেলিষ্টিক মিছাইল প্ৰণালী আদি বিভিন্ন প্ৰতিৰক্ষা সামগ্ৰী আৰু প্ৰণালীৰ সফল পৰীক্ষণ সম্পন্ন কৰিছে আৰু ইয়ে দেশৰ প্ৰতিৰক্ষা খণ্ডৰ সক্ষমতা বৃদ্ধি কৰিছে ৷ সিঙে কয়, আমি দেশক মহাশক্তি বনাব বিছাৰিছো আৰু আপোনালোকে ইয়াত বিশেষ ভূমিকা পালন কৰিব লাগিব ৷"
চীনৰ সৈতে হোৱা সংঘৰ্ষক উনুকিয়াই দি সিঙে কয় যে, আমি আমাৰ (উত্তৰ আৰু পশ্চিম) সীমান্তত বহুটো প্ৰত্যাহ্বানৰ সন্মুখীন হৈছো আৰু আমাৰ ওচৰত থকা সম্পদক লৈয়ো প্ৰত্যাহ্বানৰ সন্মুখীন হৈছো ৷ মই নিশ্চিত যে, আমাৰ চৰকাৰ, আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে সীমান্তত যাতে সম্পদৰ অভাৱ নহয় তাৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে ৷
অনুষ্ঠানত চীফ অৱ ডিফেন্স ষ্টাফ জেন. বিপিন ৰাৱাটো উপস্থিত আছিল ৷ তেওঁ কয় যে, সংস্থাই দেশৰ সশস্ত্ৰ বাহিনীক আত্মনিৰ্ভৰ কৰাৰ লগতে ভৱিষ্যতে উদ্ভৱ হ'ব পৰা প্ৰত্যাহ্বানত স্বদেশী অস্ত্ৰৰে আমাৰ দেশক জয়ৰ সন্মুখীন কৰাব ৷
ৰাৱাটে কয় যে, "বিগত কিছুবছৰ ধৰি সংস্থাই আমাৰ দেশৰ সশস্ত্ৰ বাহিনীয়ে সন্মুখীন হোৱা প্ৰযুক্তিগত আৰু সম্পদৰ প্ৰত্যাহ্বানৰ সফলতাৰে মুখামুখি হৈ ইয়াৰ বাবে নিৰ্দিষ্ট পৰিমানে উৎসৰ যোগান ধৰিছে ৷ এইদৰেই সংস্থাই আগলৈয়ো কাম কৰি যাব বুলি মই আশাবাদী ৷"
আলোচনাৰ শেষত প্ৰতিৰক্ষা মন্ত্ৰীয়ে সংস্থাৰ দ্বাৰা নিৰ্মিত নৌ-সেনা প্ৰধানক Indian Maritime Situational Awareness প্ৰণালী, বায়ুসেনা প্ৰধানক ASTRA MK ক্ষেপনাস্ত্ৰ আৰু স্থলসেনা প্ৰধানক Border Surveillance (BOSS) প্ৰণালী অৰ্পণ কৰে ৷
লগতে পঢ়ক : ভাৰতৰ কৃষকৰ বীমা যোঁজনাঃ এক সমীকৰণ