ETV Bharat / bharat

পাঞ্জাৱক উদ্ধাৰ কৰাত সকলো ক্ষেত্ৰতে উপদেশ দিব ডঃ মনমোহন সিঙে

মণ্টেক সিং আহলুৱালিয়া নেতৃত্বাধীন বিশেষজ্ঞৰ দলে পাঞ্জাৱৰ মুখ্যমন্ত্ৰীৰ সৈতে ভিডিঅ' কনফাৰেঞ্চৰ মাধ্যমেৰে মিলিত হয় এখন বৈঠকত । পাঞ্জাৱৰ অৰ্থনীতি উদ্ধাৰৰ ৰণনীতি প্ৰস্তুতৰ বাবে এই বৈঠক অনুষ্ঠিত হয় ।

author img

By

Published : Apr 28, 2020, 1:47 PM IST

পাঞ্জাৱক উদ্ধাৰ কৰাত সকলো ক্ষেত্ৰতে উপদেশ দিব ডঃ মনমোহন সিঙে
পাঞ্জাৱক উদ্ধাৰ কৰাত সকলো ক্ষেত্ৰতে উপদেশ দিব ডঃ মনমোহন সিঙে

নেশ্যনেল ডেস্ক, ২৮ এপ্ৰিলঃ প্ৰাক্তন প্ৰধানমন্ত্ৰী তথা অৰ্থনীতিবিদ ডঃ মনমোহন সিঙে অৰ্থনৈতিক পুনৰুদ্ধাৰৰ বাবে ৰাজ্য চৰকাৰক সাৰ্বজনীন দিক নিৰ্দেশনা প্ৰদান কৰিবলৈ পাঞ্জাৱৰ মুখ্যমন্ত্ৰীৰ অনুৰোধ গ্ৰহণ কৰিছে ।

dr-manmohan-singh-to-provide-overall-guidance-for-punjabs-revival-strategy
ডঃ মনমোহন সিঙৰ সৈতে মুখ্যমন্ত্ৰী কেপ্তেইন অমৰিন্দৰ

COVID-19ৰ পৰৱৰ্তী সময়ত পুনৰ জাগৰণ কৌশল গঠনৰ বাবে সোমবাৰে পঞ্জাৱ চৰকাৰে প্ৰাথমিক পদক্ষেপ গ্ৰহণ কৰিছ । মণ্টেক সিং আহলুৱালিয়া নেতৃত্বাধীন বিশেষজ্ঞৰ দলে মুখ্যমন্ত্ৰীৰ সৈতে ভিডিঅ' কনফাৰেঞ্চৰ মাধ্যমেৰে এখন বৈঠকত মিলিত হয় ।

  • I had written to Dr Manmohan Singh Ji to guide us along with the group of experts headed by Montek Singh Ahluwalia & I am grateful to him for accepting. We have been working hard to steer Punjab to the path of economic growth & post #Covid19 we will again focus on same. pic.twitter.com/EKCZkqNKHK

    — Capt.Amarinder Singh (@capt_amarinder) April 27, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

এই বৈঠকত মিলিত হোৱা সদস্য সকলক পাঞ্জাৱৰ মুখ্যমন্ত্ৰী গৰাকীয়ে ধন্যবাদ জ্ঞাপন কৰে । তেওঁ টুইটৰ জৰিয়তে জনাই যে, COVID-19ৰ পাচৰ পৰ্যায়ত অৰ্থনৈতিক উন্নয়ণৰ বাবে তেওঁলোকে সৰ্বতোপ্ৰকাৰে চেষ্টা অব্যাহত ৰাখিছে । প্ৰথম বৈঠকত 20 জন সদস্যৰ লগতে 5 খন উপ সমিতিয়ে অংশ লয় । এই উপ সমিতি সমূহ বিত্ত,কৃষি,স্বাস্থ্য, উদ্যোগ আৰু সামাজিক ক্ষেত্ৰৰ সৈতে জৰিত । এই সকলো গ্ৰুপৰে সদস্য সকলে উদ্দ্যেশ্য সমূহক কঢ়িয়াই নিব বুলি জনায় ।

পাঞ্জাৱ চৰকাৰৰ অৱস্থা শোচনীয় হৈ থাকোতে ভাৰত চৰকাৰে সমাধান দিবলৈ আগবাঢ়ি আহিছিল বুলি উল্লেখ কৰাৰ লগতে মন্টেকে কয় যে,বৰ্তমান তেওঁলোকে ৰাজ্যখনক উদ্ধাৰৰ বাবে নিশ্চিতভাৱে সমাধান লৈ আহিছে । ৰাজ্যখনৰ মুখ্যমন্ত্ৰী কেপ্তেইন অমৰিন্দৰে দল সমূহক কয় যে,ৰাজ্যখনে 3360 কোটি টকাৰ ৰাজহ হেৰুৱাইছে । তাৰে ভিতৰত আছে GSTৰ 1322 কোটি টকা,ৰাজ্যিক আবকাৰী শুল্কৰ 521 কোটি টকা,গাড়ী মটৰ কৰৰ 198 কোটি টকা,পেট্ৰ'ল-ডিজেলৰ মূল্য সংযোজিত কৰৰ 456 টকা,বৈদ্যুতিক মাছুলৰ 243 কোটি টকা,ষ্টাম্পৰ 219 কোটি টকা আৰু অনা কৰ ৰাজহৰ 392 কোটি টকা ।

ৰাজ্যখনৰ মুখ্যমন্ত্ৰীয়ে জনোৱা অনুসৰি,ৰাজ্যখনৰ শক্তিৰ ব্যৱহাৰ 30 শতাংশ কমি গৈছে আৰু দৈনিক 30 কোটি টকাৰ লোকচান হৈ আছে । ৰাজ্যখনৰ 1 শতাংশ উদ্যোগৰ বাহিৰে বাকী সকলো উদ্যোগ বন্ধ হৈ আছে । আনহাতে কেন্দ্ৰই ৰাজ্যখনক 4,365.37 কোটি টকা আদায় দিবলৈ থকা বুলিও তেওঁ প্ৰকাশ কৰে।

ৰাজ্যখনৰ 8 খন জিলাত COVID-19ৰ মৃত্যুৰ হাৰ দেশৰ হাৰতকৈয়ো অধিক হৈ আছিল। আনহাতে কেন্দ্ৰীয় চৰকাৰে শীঘ্ৰেই সাহাৰ্য পুঁজি মুকলি কৰি দিব বুলি ৰাজ্যখনৰ মুখ্যমন্ত্ৰীয়ে আশা প্ৰকাশ কৰিছে ।

লগতে চাওকঃ টিংখাঙত সুলভ মূল্যৰ চাউল বিতৰণত ব্যাপক দুৰ্নীতিৰ অভিযোগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.