ETV Bharat / bharat

লক ডাউনৰ সময়ত কি কৰিব কি নকৰিব ! - Do's and Dont's during lockdown bharat news etv bharat news

ক’ভিড ১৯ ৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে ভাৰতবৰ্ষত দেশজোৰা লক ডাউন অব্যাহত আছে । নতুন অভ্যাস গঢ়ি বা নতুনকৈ বিভিন্ন দিশ আৱিষ্কাৰ কৰি লক ডাউন বিভিন্ন ধৰণে সদ ব্যৱহাৰ কৰিব পাৰি । একে সময়তে নিজৰ স্বাস্থ্যৰ যতন আৰু প্ৰতিৰোধমূলক ব্যৱস্থা গ্ৰহণ কৰাটোও জৰুৰী । এই লেখাৰ জৰিয়তে এজন লোকে লক ডাউনৰ সময়ত কি কৰিব লাগে আৰু কোনবোৰ কাম কৰাৰ পৰা বিৰত থাকিব লাগে সেই বিষয়ে আলোচনা কৰা হৈছে ৷

Do's and Dont's during lockdown
লক ডাউনৰ সময়ত কি কৰিব কি নকৰিব !
author img

By

Published : Apr 3, 2020, 4:48 PM IST

হায়দৰাবাদ,3 এপ্ৰিলঃ সমগ্ৰ বিশ্বই বৰ্তমান ভয়াৱহ মহামাৰীৰ সন্মুখীন হৈছে । আমাৰ সকলোৰে বাবে ক’ভিড ১৯ ৰোধ কৰাৰ বাবে এয়া এক কঠিন সময় । ক’ভিড ১৯ নিয়ন্ত্ৰণ কৰাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২৫ মাৰ্চৰ পৰা ২১ দিনীয়া দেশজোৰা লক ডাউন ঘোষণা কৰিছিল । যাৰ উদ্দেশ্য এজনৰ পৰা আন এজনৰ দেহলৈ সংক্ৰমণ ৰোধ কৰা ৷ আমি নিজৰ লগতে আনক সুৰক্ষিত ৰখাটো আমাৰ কৰ্তব্য ৷ এক কথাত লক ডাউনৰ অৰ্থ হৈছে অত্যাৱশ্যকীয় সামগ্ৰী ক্ৰয় কৰাৰ বাদে ঘৰৰ বাহিৰলৈ ওলাই নোযোৱা ৷ আৰু যেতিয়া একেবাৰে প্ৰয়োজন পৰিয়ালৰ একমাত্ৰ এজন সুস্থ সদস্য বাহিৰলৈ যোৱা । যদি কাৰোবাৰ ঘৰত ৰুগীয়া ব্যক্তি আছে আৰু চিকিৎসাৰ সহায়ৰ প্ৰয়োজন হ’ব পাৰে,তেন্তে তেওঁলোক কাষতে থকা স্বাস্থ্য সেৱাৰ সুবিধা সম্পৰ্কে সচেতন হ’ব লাগিব । মন ইতিবাচক আৰু আনন্দময় কৰি ৰাখিবলৈ লক ডাউনক বিভিন্ন ধৰণে সদ ব্যৱহাৰ কৰিব পাৰি । কিছুমান সময়ত এয়া বহুত আমনিদায়ক আৰু অধিক বাধা-নিষেধ যেন অনুভৱ হ’ব পাৰে যদিও বহু সময়ত ঘৰত থকাটো আমোদজনক হৈ উঠিব পাৰে । এক ব্যস্ত সময়সূচীৰে ঘৰতে থাৰি লক ডাউনৰ সময়ছোৱা সদ ব্যৱহাৰ কৰিব পাৰি । গান শুনা, কিতাপ পঢ়া, টেলিভিশ্বনত মনোৰঞ্জনৰ অনুষ্ঠান চোৱা আদি কামে নেতিবাচক চিন্তা দূৰ কৰিব পাৰে । প্ৰতিদিনে আমি টেলিভিশ্বন,ছ’চিয়েল মিডিয়া,বাতৰি কাকত, পৰিয়াল,বন্ধুবৰ্গ আৰু আন আন উৎসৰ পৰা নতুনকৈ কৰ’ণা ভাইৰাছত আক্ৰান্ত লোকৰ বিষয়ে শুনো যিয়ে পৰিস্থিতি আতংকময় কৰি তোলে । এনে পৰিস্থিতিয়ে আমাক উদ্বিগ্ন আৰু আতংকিত কৰি তোলাৰ লগতে আমি স্বাভাৱিক পৰিস্থিতিত নোকোৱা কথাবোৰ ক’বলৈ বা নকৰা কামবোৰ কৰিবলৈ-ভাবিবলৈ বাধ্য কৰাব পাৰে । নিজকে আশাবাদী আৰু ব্যস্ত কৰি ৰাখিবলৈ ছবি অঁকা, বাগিছা কৰা বা ঊল গুঠা জাতীয় কামবোৰ কৰিব পাৰে । স্বাস্থ্যৰ যতন লোৱাটো সমানেই গুৰুত্বপূ্ৰ্ণ । ভালদৰে খাব লাগে আৰু যথেষ্ট পৰিমাণে পানী বা ফলৰ ৰস খাব লাগে । একে সময়তে ঘৰৰ ভিতৰত সাধাৰণ অনুশীলন কৰি শাৰীৰিকভাৱে সক্ৰিয় হৈ থাকিব লাগে । এই পৰিস্থিতিত আমি আনৰ প্ৰয়োজন আৰু ইচ্ছাসমূহৰ বিষয়েও বুজাটো জৰুৰী । যদি আমাৰ মাজৰে কাৰোবাক খাদ্য বা আন অত্যাৱশ্যকীয় সামগ্ৰীৰ প্ৰয়োজন হয় আমি সেয়া ভগাই ল’বলৈ ইচ্ছুক হ’ব লাগিব । বিবুদ্ধিত পৰা বা হেৰাই যোৱা যেন অনুভৱ কৰা বয়োজ্যেষ্ঠ লোকসকলৰ বিশেষ যতন ল’ব লাগে । আমি তেওঁলোকক ঔষধ বা দৈনন্দিন প্ৰয়োজনীয় সামগ্ৰী সমূহ যোগান ধৰি সহায় কৰিব পাৰো । লক ডাউনৰ সময়ছোৱা শিশুসকলৰ বাবে অধিক উপকাৰী হ'ব পাৰে আৰু সিহঁতে নতুন দক্ষতা আয়ত্ব কৰিব পাৰে । শিশুসকলক ঘৰত ব্যস্ত ৰাখি ঘৰুৱা কাৰ্যাৱলীত অংশ লোৱাত অনুমতি দিব পাৰি ।

তথ্যৰ প্ৰতি ‘য়েছ’, উৰা বাতৰিৰ প্ৰতি ‘ন’ কওকঃ

ক’ভিড-১৯ ত আক্ৰান্ত হোৱাৰ অধিক ঘটনা পোহৰলৈ অহাৰ পাছত ছ’চিয়েল মিডিয়াত অসংখ্য ভুল তথ্য আৰু ভুৱা বাতৰি বিয়পি পৰিছে । আপুনি এটা নিৰ্দিষ্ট বিষয়ৰ বিষয়ে যিমান জানিব সিমানেই কমকৈ ভয় অনুভৱ কৰিব । নিজৰ সুৰক্ষাৰ বাবে আমি আটাইতকৈ বিশ্বাসযোগ্য উৎস সমূহহে ব্যৱহাৰ আৰু বিশ্বাস কৰিব লাগে । খবৰ ৰখাৰ বাবেই চাঞ্চল্যকৰ বাতৰি বা ছ’চিয়েল মিডিয়াৰ পোষ্ট চাই থাকিব নালাগে । ইয়াৰ ফলত তেওঁলোকৰ মানসিক অৱস্থাৰ ওপৰত প্ৰভাৱ পৰে । সত্যাসত্য পৰীক্ষা নকৰাকৈ কোনো বাতৰি বিলাই ফুৰাৰ পৰা বিৰত থকা উচিত । কঠিন সময়ত আমি ইতিবাচক চিন্তা কৰিব লাগে । অনবৰতে কোনো অসুস্থ হৈ পৰিছে সেয়া আলোচনা কৰাৰ সলনি কাৰ ভাল হৈছে বা আৰোগ্য লাভ কৰিছে সেই বিষয়ে আলোচনা কৰিবলৈ শিকিব লাগে । পৰামৰ্শ অনুসৰি হাত চাফা ৰখা আৰু আনৰ পৰা শাৰীৰিক দূৰত্ব বজাই ৰাখিলেও বহু পৰিমাণে সহায়ক হ’ব । ইয়ে এজন মানুহক সাৱধান কৰিব কিন্তু আন সকলেও সতৰ্ক হ’ব লাগিব । ক’ভিড-১৯ ৰ বিৰুদ্ধে যুঁজিবলৈ হ’লে বহু চিকিৎসা বিশেষজ্ঞই ভালদৰে ব্যাখ্যা কৰা সঠিক লক্ষণসমূহৰ বিষয়ে জানিব লাগিব । বাহিৰত হাঁচি-কাহ মৰাৰ পৰামৰ্শসমূহ মানি চলিব লাগিব বা ৰাজহুৱা স্থানত থুঁই পেলোৱা আদি কামৰ পৰা বিৰত থাকিব লাগিব । বহু লোকৰ ক্ষেত্ৰত কৰ’ণা ভাইৰাছ সংক্ৰমণৰ সামান্য লক্ষণ দেখা পোৱা যায় । সেয়ে অন্ততঃ দুই সপ্তাহৰ বাবে সামাজিক দূৰত্ব ৰক্ষা কৰিব লাগে । সামান্য সংক্ৰমণৰ অৱস্থাত এজন লোকৰ চিকিৎসালয়ত ভৰ্তি হোৱাৰ প্ৰয়োজন নহয় । মাত্ৰ যি সকল লোকৰ উশাহ লোৱাৰ সমস্যা হয়,চিকিৎসালয়ত ভৰ্তি হ’বলগীয়া হয় আৰু অধিকাংশই সুস্থ হৈ উঠে । তেনে সময়ত শান্ত হৈ পৰিস্থিতিৰ লগত খাপ খুৱাওক । আৱেগিক সমস্যা থাকিব পাৰে কিন্তু কিছুমান উপায়ে নিশ্চিতভাৱে সহায় কৰিব । উদ্বিগ্নতাৰ সময়ত লাহে লাহে উশাহ লোৱাৰ চেষ্টা কৰক । যিবোৰ বিষয়ে এজন লোকক চিন্তিত কৰি তোলে সেইবোৰ কথা মনলৈ নানিবলৈ চেষ্টা কৰক । কিছু শান্ত,ভাল লগা কথা ভাবিলে মনৰ চিন্তাবোৰ শাম কাটে । যেতিয়া এজন লোকৰ খং উঠে বা বিৰক্ত হয় দহৰ পৰা একলৈ গণনা কৰিলে মন ঠাণ্ডা হৈ পৰে । যেতিয়া এজন লোকে অকলশৰীয়া বা বিষণ্ণতা অনুভৱ কৰে,তেতিয়া যোগাযোগে একমাত্ৰ সমস্যাৰ সমাধানৰ উপায় ৷ পৰিয়াল,বন্ধু বা বহুদিন খা-খবৰ নোহোৱা বন্ধুবৰ্গৰ লগত কথা পাতিলে মন ভাল লগাবলৈ বহুখিনি সহায়ক হৈ উঠে । দীৰ্ঘদিন কথা নপতা বন্ধুক ফোন কৰি ভাল লগা ঘটনাবোৰ, একে ৰুচি-অভিৰুচিবোৰৰ কথা, ৰন্ধা-বঢ়াৰ পৰামৰ্শ বা সংগীতৰ বিষয়ে আলোচনা কৰিলে শান্ত লাভ কৰিব পাৰি । অৱশ্য যদিহে চিন্তাবোৰ অধিক হয় আৰু নিজকে অসহায় আৰু নিৰাশ অনুভৱ কৰে, তেনেহ’লে ০৮০-৪৬১১০০০৭ হেল্পলাইন নম্বৰত ফোন কৰি মানসিক স্বাস্থ্য বিশেষজ্ঞ বা চিকিৎসকৰ পৰামৰ্শ ল’লে বহু উপকাৰ লাভ কৰিব । যদি প্ৰয়োজন চিকিৎসাৰ সহায় বিচাৰক । এটা কথা মনত ৰখা উচিত যে লক ডাউনৰ সময়ত বিৰক্ত গুচাবলৈ সুৰাপান বা গুটখা খোৱাটো সঠিক উপায় নহয় । গুটখা,সুৰা বা ড্ৰাগছজাতীয় বস্তুৰ ব্যৱহাৰে শাৰীৰিক,মানসিক স্বাস্থ্যৰ অৱনতি ঘটোৱাৰ লগতে প্ৰতিৰোধ ক্ষমতা হ্ৰাস কৰে । যি সকল লোকৰ নিচা জাতীয় সমস্যা আছে,বিশেষকৈ যেতিয়া মানুহ উদ্বিগ্ন হৈ পৰে তেতিয়া বিশেষজ্ঞৰ সহায়ৰ প্ৰয়োজন হ’ব পাৰে । যদি এজন লোক ক’ভিড-১৯ ত আক্ৰান্ত হয়,তেন্তে ব্যক্তিগৰাকীৰ সঠিক যত্ন লোৱাটো প্ৰয়োজন । সংক্ৰমণ ৰোধৰ বাবে সামাজিক দূৰত্ব ৰক্ষা কৰাটো জৰুৰী যদিও একে সময়তে যাতে কোনো লোকক অকলশৰীয়া অনুভৱ কৰিবলৈ দিয়া নহয় বা হাৰাশাস্তিৰ সন্মুখীন নহয় তাৰ প্ৰতি নজৰ দিয়াটো দৰকাৰ । যদি কোনোবা সংক্ৰমিত ৰোগীৰ বিষয়ে জানে তেন্তে তেওঁক প্ৰতিৰোধমূলক ব্যৱস্থাৰ বিষয়ে কওক বা চিকিৎসাৰ সহায় কেনেদৰে লাভ কৰিব সেই বিষয়ে সজাগ কৰক । কাৰোবাৰ গাত লক্ষণ দেখা দিলেই আতংকিত হোৱাৰ কোনো কাৰণ নাই । নিজকে একাষৰীয়াকৈ ৰখা বা যোগাসন কৰা আদি উপায়বোৰ অৱলম্বন কৰিলে দ্ৰুত আৰোগ্য লাভ কৰাত সহায়ক হ’ব ।

সুস্থ হোৱাৰ পাছত আৱেগিক সমস্যাঃ

ক’ভিড-১৯ সংক্ৰমণৰ পৰা সুস্থ হোৱাৰ পাছত এজন লোকে মানসিক চাপ অনুভৱ কৰিব পাৰে বা পুনৰ সমাজৰ মাজলৈ উভতি যাব বিচাৰিব পাৰে । আপোনাৰ আপোন মানুহ এজন অসুস্থ হৈ পৰিলে চিন্তা হোৱাটো নিশ্চিত । বহু ক্ষেত্ৰত মানুহে বুজিবলৈ অক্ষম যে এই অসুস্থতাই লোকজনক দূৰত্বত ৰাখে আৰু সেয়া অতিকৈ পীড়াদায়ক । তেনে সময়ত শীতল মগজুৰে আনৰ যতন লোৱাটোৱেই উত্তম উপায় । যদি লোক এজনে নিজকে দোষী অনুভৱ কৰে তেতিয়া হতাশা, অসহায়বোধ আদিয়ে আৱৰি ধৰিব পাৰে । ৰোগৰ পৰা সুস্থ হৈ উঠা আন লোকৰ কথা ক’লে ৰোগীজনক আশ্বস্ত কৰিব পাৰে । আপোনাৰ আপোজন মানুহৰ শাৰীৰিক-মানসিক সমস্যাক নিজৰ বুলি চিনাক্ত কৰাটো অতিকৈ জৰুৰী । টোপনিৰ সমস্যা, শোৱাত অসুবিধা বা মনোযোগ দিয়াত সমস্যা, স্বাস্থ্যৰ অৱস্থাৰ অৱনতি, সুৰা বা গুটখাৰ অধিক ব্যৱহাৰ আদি ক্ষেত্ৰত সকলোৱে সাৱধান হ’ব লাগে । চিকিৎসক বা মানসিক ৰোগ বিশেষজ্ঞৰ হেল্পলাইন নম্বৰ ০৮০-৪৬১১০০০৭ প্ৰদান কৰি বহু সহায় কৰিব পাৰি ।

আছুতীয়াকৈ থকাৰ সময়ৰ সমস্যাঃ

আছুতীয়াকৈ থকাৰ সময়ত বা ক’ভিড-১৯ ত আক্ৰান্ত হোৱাৰ সময়ত পূৰ্বতে মানসিক অসুস্থতা থকা লোকসকলে নতুন সমস্যাৰ সন্মুখীন হ’ব পাৰে । তেওঁলোকে আনসকলৰ দৰে একেই ভয় বা হেঁচা অনুভৱ কৰিব পাৰে,যিয়ে তেওঁলোকৰ পূৰ্বৰ স্বাস্থ্যৰ অৱস্থাৰ অৱনতি ঘটাব । সামাজিক দূৰত্বই তেওঁলোকক অধিক একাশৰীয়া,উত্তেজিত আৰু খিংখিঙীয়া কৰি তুলিব পাৰে যদিহে সময়মতে ঔষধ আৰু কাউন্সেলিং লাভ নকৰে । সহায় আৰু সমৰ্থন তেওঁলোকৰ বাবে বৰ জৰুৰী । নিৰ্ধাৰিত ঔষধ নিয়মীয়াকৈ গ্ৰহণ কৰিলে, দৈনিক নিয়মীয়া ৰুটিন, নিজকে ব্যস্ত আৰু ইতিবাচকভাৱে ৰখাৰ উপৰি স্বাস্থ্য পৰামৰ্শৰ হেল্পলাইনবোৰে তেওঁলোকক সহায় কৰিব পাৰে । মনত ৰাখিব কঠিন সময়ত সবল মানসিক অৱস্থাই যুঁজখনত জয়ী হোৱাত আপোনাক সহায় কৰিব ।

লগতে চাওকঃ ICMR ৰ অনুমোদনত ভূপালত শীঘ্ৰেই তৈয়াৰ হ'ব পাৰে কভিড 19 টেষ্ট কিট

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.