নেশ্যনেল ডেস্ক, ২৯ মে': ছত্তিশগড়ৰ মখ্যমন্ত্ৰী ভূপেশ বাঘেলে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক ৰাজ্যিক সীমা সমূহ মুকলি কৰি নিদিবলৈ আহ্বান জনাইছে । লগতে লক ডাউনৰ সময়ত ৰাজ্যসমূহক ৰে'ল আৰু বিমান সেৱাৰ বিষয়ে পৰামৰ্শ দিব লাগে বুলিও উল্লেখ কৰে ।
বৃহস্পতিবাৰে বাঘেল আৰু গৃহমন্ত্ৰী গৰাকীৰ মাজত এই বিষয়ক লৈ এক টেলিফোনিক বাৰ্তালাপ হয় ।
ইয়াৰোপৰি মুখ্যমন্ত্ৰী গৰাকীয়ে ৰাজ্যই বহন কৰিব পৰা আৰ্থিক পেকেজত কিছু ৰেহাই প্ৰদানৰ বাবেও অনুৰোধ জনায় ।
বৃহস্পতিবাৰে অমিত শ্বাহে কৰ'ণা ভাইৰাছৰ বাবে জাৰি কৰা লক ডাউনৰ সম্পৰ্কত বিভিন্ন ৰাজ্যৰ মুখ্যমন্ত্ৰী সকলৰ মতামত জানিবলৈ তেওঁলোকৰ সৈতে বাৰ্তালাপ কৰে ।
লক ডাউন বৃদ্ধি সম্পৰ্কীয় বিষয়ত সিদ্ধান্ত গ্ৰহণ কৰিবলৈ কেন্দ্ৰই দেশৰ ৰাজ্য় চৰকাৰ সমূহৰ পৰা পৰামৰ্শ বিচাৰিছে ।