ETV Bharat / bharat

সীমান্ত উলংঘনৰ অনুমতি নিদিব, সম্পূৰ্ণ অনুশাসন মানি চলক : গ্ৰাউণ্ড কমাণ্ডাৰলৈ সেনাৰ নিৰ্দেশ

চীনৰ সেনাৰ সৈতে উদ্বিগ্নতা বৃদ্ধি পোৱাৰ সময়তে ভাৰতীয় সেনাই গ্ৰাউণ্ড কমাণ্ডাৰসকললৈ প্ৰদান কৰিছে কিছু নিৰ্দেশাৱলী ৷

চীনৰ সেনাৰ সৈতে ভাৰতীয় সেনাৰ উদ্বিগ্নতা বৃদ্ধি
গ্ৰাউণ্ড কমাণ্ডাৰলৈ সেনাৰ নিৰ্দেশ
author img

By

Published : Sep 10, 2020, 7:16 AM IST

নেশ্যনেল ডেস্ক, 10 ছেপ্তেম্বৰ : চীনৰ সেনাৰ সৈতে উদ্বিগ্নতা বৃদ্ধি পোৱাৰ সময়তে ভাৰতীয় সেনাই গ্ৰাউণ্ড কমাণ্ডাৰসকললৈ প্ৰদান কৰিছে কিছু নিৰ্দেশাৱলী ৷ সেই অনুসৰি, কোনো কাৰণতে চীনা সৈন্যক দেশৰ চাৰিসীমা উলংঘন কৰিবলৈ দিয়া অনুচিত আৰু সৈন্যবাহিনীৰ জোৱানে দেশৰ ভূমি সুৰক্ষিত কৰাৰ ক্ষেত্ৰত সম্পূৰ্ণ অনুশাসন মানি চলিব লাগিব ৷

চীনা সৈন্যই ভাৰতীয় সীমাৰ তেনেই কাষৰ কিছু অঞ্চলত গুলীবৰ্ষণ কৰিছে বুলি তথ্য লাভ কৰা হৈছে ৷ এই গুলীবৰ্ষণৰ শব্দ লাডাখৰ পৰা অৰুণাচল প্ৰদেশৰ প্ৰকৃত নিয়ন্ত্ৰণ সীমাৰেখাত শুনিবলৈ পোৱা গৈছে ৷

ভাৰতে ৰেজাং লা আৰু ৰেচেন লাৰ উচ্চ স্থানত সামৰিক শক্তি অধিক তীব্ৰতৰ কৰি তোলা হৈছে বুলি সূত্ৰই জানিবলৈ দিয়ে ৷ ইয়াৰোপৰি, ভাৰতীয় প্ৰতিৰক্ষাক উলংঘা কৰিলে ভয়াবহ পৰিস্থিতিৰ সন্মুখীন হ'ব লাগিব বুলিও চীনা পক্ষক সতৰ্ক কৰি দিয়া হৈছে ৷

চীনা সৈন্যই গধুৰ টেংক আৰু আৰ্টিলেৰীৰ সৈতে প্ৰায় 50,000 সৈন্যক সীমান্ত অঞ্চলত থিয় কৰাইছে ৷ আনহাতে, ভাৰতৰ চুচুলৰ ওচৰৰ নিজৰ পক্ষত চীনা সৈন্যই টেংক আৰু বিভিন্ন অস্ত্ৰধাৰী বাহন সাজু কৰি ৰাখিছে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.