ETV Bharat / bharat

বাইকত সদ্যাজাতক চিকিৎসালয়লৈ নি প্ৰাণ ৰক্ষা এগৰাকী চিকিৎসকৰ

author img

By

Published : Apr 12, 2020, 3:48 PM IST

মহাৰাষ্ট্ৰত এগৰাকী চিকিৎসকে বাইকত এটি সদ্য়জাতকলৈ ১.৫ কিল'মিটাৰ বাট অতিক্ৰম কৰি সদ্যজাতটোৰ প্ৰাণ ৰক্ষা কৰিবলৈ সক্ষম হয় ।

Doctor takes sick newborn to hospital on bike; saves his life

নিউজ ডেস্ক, ১২ এপ্ৰিলঃ ভগৱানৰ পাচতেই দ্বিতীয় স্থান দিয়া হয় চিকিৎসকক । সেই কথাই সত্য প্ৰতিপন্ন হ'ল মুম্বাইৰ আলিবাগত । জন্মৰ কিছু সময়ৰ পাচতেই শ্বাস-প্ৰশ্বাস জনিত সমস্য়াৰ সন্মুখিন হোৱা এটি সদ্যজাতক বাইকত চিকিৎসালয়লৈ নি প্ৰাণ ৰক্ষা কৰিলে এগৰাকী চিকিৎসকে ।

আলিবাগৰ বাসিন্দা শ্বেতা পাটিলে শুকুৰবাৰে প্ৰসৱ বেদনাত ভোগাত লক্ ডাউনৰ মাজতেই স্বামী কেতানে পত্নীক এখন নাৰ্ছিং হোমত ভৰ্তি কৰোৱায় । এই দম্পতীয়ে পূৰ্বেও তেওঁলোকৰ প্ৰথম সন্তানটি হেৰুৱাইছিল ।

কেতনে কয়, শ্বেতা মধুমেহ ৰোগী । শীঘ্ৰেই চুগাৰৰ স্তৰ কম কৰিবলৈ তেওঁক ঔষধৰ প্ৰয়োজন । শ্বেতাৰ পূৰ্বৰ চিকিৎসা ৰেকৰ্ডৰ ভিত্তিতেই প্ৰথম সন্তান জন্ম দিয়া স্ত্ৰী-ৰোগ বিশেষজ্ঞ, শিশু বিশেষজ্ঞ ৰাজেন্দ্ৰ চন্দ্ৰোৰকৰক মতা হৈছিল ।

পিচত এটা c-section কৰাৰ পাচত ৩.১ কে.জিৰ সন্তান জন্ম দিয়ে শ্বেতাই । কিন্তু জন্মৰ কিছু সময়ৰ পাচতেই শ্বাস-প্ৰশ্বাসত অসুবিধাৰ সন্মুখীন হৈ ক্ৰমান্বয়ে নীলা হৈ পৰে শিশুটি । তাৰ পাচত জৰুৰী অৱস্থাত neonatal care ৰ প্ৰয়োজন হয় শিশুটিক । কিন্তু লক্ ডাউনৰ ফলত হাস্পতালখনত এই সুবিধা নথকাত ১.৫ কিলোমিটাৰ বাইকত অতিক্ৰম কৰি শিশুটিক চন্দ্ৰোৰকৰ হাস্পতাললৈ লৈ অনা হয় । পিচত ১২ ঘণ্টাৰ পাচত শিশুটিৰ স্বাস্থ্যৰ অৱস্থা স্বাভাৱিক হয় ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.