স্থানীয় লোকসকলৰ বাবে চাকৰি-বাকৰিত সংৰক্ষণৰ দাবী পুনৰ ভাৰতবৰ্ষত প্ৰতিধ্বনিত হৈছে । মহাৰাষ্ট্ৰৰ নতুন চৰকাৰে স্থানীয় লোকসকলৰ বাবে ৮০ শতাংশ চাকৰি সংৰক্ষণ কৰা হ’ব বুলি ঘোষণা কৰিছে । বৰ্তমানৰ অন্ধ্ৰপ্ৰদেশ চৰকাৰে কিছু মাহ পূ্ৰ্বে “অন্ধ্ৰপ্ৰদেশ উদ্যোগ/কাৰখানাত স্থানীয় প্ৰাৰ্থীক নিয়োগ বিধেয়ক,২০১৯” খন গৃহীত কৰিছিল। এই আইনৰ মতে উদ্যোগ খণ্ডৰ ৭৫ শতাংশ চাকৰি স্থানীয় প্ৰাৰ্থীৰ বাবে সংৰক্ষণ কৰা হৈছে । যদিহে উপযুক্ত দক্ষতাসম্পন্ন প্ৰাৰ্থী নাথাকে তেন্তে স্থানীয় লোকসকলক প্ৰশিক্ষণ প্ৰদান কৰাৰো দায়িত্ব উদ্যোগসমূহৰ ।
এই সিদ্ধান্তই ৰাজ্যখনত নতুন বিনিয়োগৰ ক্ষেত্ৰত নেতিবাচক প্ৰভাৱ পেলাব পাৰে আৰু ইয়াৰ ফলত চাকৰি কৰ্তন আৰু অৰ্থনৈতিক বিকাশ মন্থৰ হ’ব পাৰে । ব্ৰিটেইনত ব্ৰেক্সিটৰ ক্ষেত্ৰত
চাকৰি-বাকৰিত সংৰক্ষণৰ দাবী সম্বাৱনা কৰাৰ দৰে তদ্ৰুপ পৰিস্থিতি ইয়াতো আশংকা কৰা হৈছে । অৱশ্যে উন্নত ৰাজ্য এখনত প্ৰাৰম্ভিক পৰ্যায়ত ই কাৰ্যকৰী হ’ব পাৰে । কিন্তু দীৰ্ঘকালীনভাৱে দুখীয়া বা বিশেষভাৱে বীমাকৃত ৰাজ্য অৰ্থাৎ বিহাৰ,মধ্য প্ৰদেশ,ৰাজস্থান আৰু উত্তৰ প্ৰদেশৰ দৰে ৰাজ্যসমূহত উপাৰ্জন আৰু সুযোগৰ মাজত ব্যাপক ব্যৱধান সৃষ্টি কৰিব। ভাৰতৰ ২০ শতাংশ বা ১০০ মিলিয়ন কৰ্মীয়েই প্ৰব্ৰজনকাৰী। তদুপৰি স্থানীয় লোকসকলৰ মাজত দক্ষতাৰ অভাৱে লাভাংশতো প্ৰভাৱ পেলাব।
২০০৮ চনত মহাৰাষ্ট্ৰ চৰকাৰেও ৰাজসাহায্য প্ৰদানেৰে স্থানীয় প্ৰাৰ্থীৰ বাবে ৮০শতাংশ চাকৰি সংৰক্ষণৰ প্ৰস্তাৱ গ্ৰহণ কৰিছিল যদিও কিন্তু স্থানীয় লোকসকলৰ মাজত দক্ষতাৰ অভাৱ থকাৰ বাবে এই প্ৰস্তাৱ সফলভাৱে ৰূপায়ণ কৰাত ব্যৰ্থ হয়। একেদৰে কৰ্ণাটকে ২০১৬ চনত স্থানীয়সকলৰ বাবে ১০০ শতাংশ সংৰক্ষণৰ এক প্ৰস্তাৱ উত্থাপন কৰিছিল যদিও ন্যায়িক বিভাগে ইয়াক অসাংবিধানিক আখ্যা দিয়াত কাৰ্যকৰী হোৱাত বিফল হয়।
মধ্য প্ৰদেশেও একেধৰণৰ এখন আইনৰ চিন্তা-চৰ্চা অব্যাহত ৰাখিছে। এই ক্ষেত্ৰত পৰৱৰ্তী শাৰীত আছে গোৱা আৰু ওড়িশা। মহাৰাষ্ট্ৰ আৰু অসমত বিভিন্ন কাৰণত এনেধৰণৰ দাবী উত্থাপন হোৱাৰ লগতে স্থানীয় আৱেগ জড়িত বিভিন্ন আন্দোলন হৈ আহিছে । আনহাতে উত্তৰ ভাৰতৰ পৰা অধিক হাৰত দক্ষিণ ভাৰতলৈ গমন কৰাত উত্তৰ ভাৰত বিৰোধী ধ্বনিও লাহে লাহে শুনা পোৱা গৈছে । এই ক্ষেত্ৰত শেহতীয়াকৈ চিন্তা-চৰ্চা কৰা ৰাজ্যখন হৈছে কৰ্ণাটক। ৰাজ্যখনে স্থানীয় লোকসকলৰ দক্ষতা বিকাশৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে যাতে তথ্য প্ৰযুক্তি খণ্ডৰ চাকৰিসমূহ দখল কৰিব পাৰে। কৰ্ণাটকৰ মুখ্যমন্ত্ৰীয়ে এই সন্দৰ্ভত তেওঁৰ স্বাধীনতা দিৱসৰ ভাষণত ঘোষণা কৰিছিল।
ৰাজনৈতিক কাৰচাজিবোৰ তথ্য দ্বাৰা পৰিচালিত নহয়। এই ক্ষেত্ৰত পৰিৱৰ্তিত প্ৰব্ৰজনৰ ধাৰাটোক চাব খোজাসকলৰ বাবেও যোৱা মাহলৈকে কোনো নিৰ্ভৰযোগ্য তথ্য নাছিল। ২০১১ চনৰ লোকপিয়লৰ পলমকৈ উপলব্ধ তথ্য অনুসৰি ২০০০ চনৰ পাছত ভাৰতৰ অৰ্থনীতিৰ বিকাশৰ গতি খৰতকীয়া হোৱাৰ পাছতো বেছিভাগ সংস্থাপন জড়িত প্ৰব্ৰজন ৰাজ্যৰ সীমাৰ ভিতৰতে সীমাবদ্ধ আছিল। ২০০১ ৰ পৰা ২০১১ চনলৈকে আন্তঃৰাজ্যিক প্ৰব্ৰজন নাটকীয়ভাৱে বৃদ্ধি পোৱা নাছিল।
স্বাধীনতা আৰু সংস্থাপনৰ অধিকাৰ সংবিধান প্ৰদত্ত কিন্তু লোকপিয়লে উন্মোচন কৰ তথ্যই প্ৰব্ৰজন সম্পৰ্কীয় বহু নতুন কথাই কয়-হিন্দী প্ৰধান ৰাজ্যসমূহৰ পৰা প্ৰব্ৰজন পশ্চিম উপকূলৰ পাৰৰ অৰ্থনৈতিক কেন্দ্ৰসমূহতেই নহয়,শেহতীয়াকৈ উদ্ভৱ হোৱা উত্তৰৰ পৰা দক্ষিণলৈ বিস্তৃত কৰিড'ৰলৈকে বৃদ্ধি পাইছে । বহু ভাৰতীয়ই অধিক সুযোগ-সুবিধাৰ সন্ধানত দেশৰ সীমাও অতিক্ৰম কৰিছে । কিন্তু ইয়াৰ বিপৰীতে ভাৰতৰ অধিকাংশ জিলাতে দহজনৰ এজন বা দহ শতাংশতকৈ কম নগৰীয়া শ্ৰমিক বা কৰ্মচাৰী আন্তঃৰাজ্যিক প্ৰব্ৰজনকাৰী । মধ্য প্ৰদেশত স্থানীয় লোকৰ বাবে সংৰক্ষণৰ দাবী উঠিছে যদিও আন্তঃৰাজ্যিক প্ৰব্ৰজনকাৰী কৰ্মীৰ সংখ্যা ৫ শতাংশহে ।
আন্তঃৰাজ্যিক প্ৰব্ৰজনঃ
ভাৰতীয় সংবিধান বিভিন্ন মাধ্যমেৰে ভাৰতৰ ভিতৰত স্বাধীনভাৱে বিচৰণ কৰিব পৰাৰ স্বাধীনতা আৰু সংস্থাপনৰ অধিকাৰ প্ৰদান কৰিছে । নাগৰিকসকলে যাতে দেশৰ ভূখণ্ডৰ ভিতৰত স্বাধীনভাৱে ফুৰা-চকা কৰিব পাৰে সেয়ে ১৯নং অনুচ্ছেদে নিশ্চয়তা প্ৰদান কৰিছে । ১৬ নং অনুচ্ছেদে জন্মৰ স্থানক লৈ সংস্থাপনৰ ক্ষেত্ৰত বিভেদ সৃষ্টি নকৰিবলৈ বাৰণ কৰিছে। জন্মৰ স্থানক লৈ শোষণ বা বিভাজনৰ বিৰোধিতা ১৫ নং অনুচ্ছেদে কৰাৰ দৰে ১৪ নং অনুচ্ছেদে জন্মৰ স্থান নিৰ্বিশেষে ন্যায়ৰ ওচৰত সমতাৰ অধিকাৰ প্ৰদান কৰে। ২০১৪ চনত ঐতিহাসিক চাৰু খোৰানা বনাম ভাৰত চৰকাৰ গোচৰত ইয়াৰে অনুচ্ছেদবোৰক ন্যায়ালয়ে সমৰ্থন জনাইছিল। এক ট্ৰেড ইউনিয়নে ইয়াৰ নিয়ম অনুসৰি মহাৰাষ্ট্ৰত ন্যূনতম পাঁচ বছৰ বসবাস নকৰাৰ বাবে এগৰাকী ৰূপচৰ্চা শিল্পীক সদস্যৰ মৰ্যাদা নিদিয়াত এই বিষয়টো আদালতৰ দুৱাৰ পাইছিল । গতিকে শেহতীয়াকৈ অন্ধ্ৰ প্ৰদেশ চৰকাৰে প্ৰণয়ন কৰা চাকৰি সংৰক্ষণ আইনখন সাংবিধানিক ভিত্তিত প্ৰত্যাহ্বান জনাব পাৰি । সাংবিধানিক বিষয়টো একাৰষীয়া কৰি থৈ আন্তঃৰাজ্যিক প্ৰব্ৰজনৰ সংখ্যাই সংস্থাপন সুৰক্ষাৰ বিষয়টো অধিক বিতৰ্কিত কৰি তুলিব পাৰে ।
উত্তৰ-দক্ষিণ কৰিড'ৰঃ
পৰিসংখ্যাত স্পষ্টভাৱে উত্তৰৰ পৰা দক্ষিণ কৰিড'ৰ দেখা পোৱা যায় । যদি উত্তৰ প্ৰদেশ,বিহাৰ,পশ্চিমবংগক এটা ব্লক আৰু কৰ্ণাটক,কেৰালা,তামিলনাডু,অন্ধ্ৰ প্ৰদেশ আৰু তেলেংগানাক আন এটা ব্লক হিচাপে ধৰা হয়,৮৫ শতাংশ দ্বিপাক্ষিক সৰবৰাহ দক্ষিণৰ দিশেৰেহে ধাৱমান হয় । ২২০১১ চনৰ পৰাই লাভ কৰা তথ্যই প্ৰকাশ কৰে যে এই কৰিড'ৰ ক্ৰমান্বয়ে বৃদ্ধি পাইছে আৰু পৰৱৰ্তী ২০২১ চনৰ পিয়লত এয়া নিশ্চিত কৰিব লাগিব ।
২০০১ৰ পৰা ২০১১ চনৰ পৰা অৰ্থনৈতিক কাৰণত আন্তঃৰাজ্যিক প্ৰব্ৰজন কৰা মুঠ লোকৰ সংখ্যা ১১.৬ মিলিয়নৰ পৰা ১৩ মিলিয়নলৈ বৃদ্ধি লাভ কৰে। কিন্তু নগৰাঞ্চলৰ কৰ্মীসকলৰ মাজত তেনে প্ৰব্ৰজনকাৰী মাত্ৰ ৮ শতাংশহে থাকে । নেশ্যনেল চেম্পল চাৰ্ভে অফিচ বা এন এছ এছ অ’ৰ চাকৰি সংক্ৰান্তীয় ২০১৭-১৮ৰ খচৰা সমীক্ষা মতে ২০১৭-১৮ বৰ্ষত দেশত নিবনুৱাৰ হাৰ ৬.১ শতাংশ । এই হাৰ বিগত ৪৫ বছৰৰ ভিতৰত সৰ্বাধিক । এতিয়াও প্ৰকাশ পাবলগীয়া এই প্ৰবিবেদন অনুসৰি প্ৰায় এক তৃতীয়াংশ ৰাজ্য অৰ্থাৎ এঘাৰখন ৰাজ্যত ৰাষ্ট্ৰীয় গড় হাৰতকৈ ২০১৭-১৮ বৰ্ষত নিবনুৱাৰ হাৰ অধিক ।
২০১৭ চনৰ অৰ্থনৈতিক পিয়লে প্ৰকাশ কৰামতে ২০১১ ৰ পৰা ২০১৬ চনলৈকে বছৰেকীয়া গড় শ্ৰমিক প্ৰব্ৰজনৰ হাৰ প্ৰায় ৯ মিলিয়ন আছিল । দিল্লী,মহাৰাষ্ট্ৰ,তামিলনাডু,গুজৰাট আদি ৰাজ্যলৈ হিন্দী প্ৰধান ৰাজ্য যেনে উত্তৰ প্ৰদেশ, বিহাৰ, মধ্য প্ৰদেশৰ পৰা বৃহৎ সংখ্যক শ্ৰমিকে প্ৰব্ৰজন কৰে । ২০১১ চনৰ লোকপিয়ল মতে আন্তঃজিলা প্ৰব্ৰজনো বৃদ্ধি পাইছে । ১৯৯১ চনৰ পৰা ২০০১ চনৰ লোকপিয়ললৈ আন্তঃজিলা প্ৰব্ৰজন ৩০ শতাংশ বৃদ্ধি পোৱাৰ বিপৰীতে ২০০১ চনৰ পৰা ২০১১ চনৰ লোকপিয়ললৈ এই হাৰ ৫৮ শতাংশলৈকে বৃদ্ধি পায় । ২০১১ চনৰ লোকপিয়লমতে ৯৩.৯১ শতাংশ শিক্ষিতৰ হাৰেৰে দেশৰ ভিতৰত শীৰ্ষত থকা কেৰালাত ২০১৭ চনৰ অৰ্থনৈতিক সমীক্ষাত প্ৰকাশ পোৱা অনুসৰি ১১.৪ শতাংশৰে সৰ্বাধিক সংস্থাপনহীন লোক আছে । তদুপৰি ৰাজ্যখনৰ পৰা প্ৰব্ৰজনো বৃদ্ধি পাইছে । সম্ভৱতঃ অদক্ষ শ্ৰমিক কেন্দ্ৰিক উদ্যোগ অধিক হোৱাৰ বাবে ৰাজ্যখনৰ লোকসকল সংস্থাপনৰ সন্ধানত আন ৰাজ্যলৈ ঢাপলি মেলিব লগা হৈছে । প্ৰকৃততে চাকৰিবোৰ আইনে সৃষ্টি নকৰে,বৰঞ্চ সেই নিৰ্দিষ্ট অঞ্চলত গঢ়ি উঠা উদ্যোগসমূহেহে সৃষ্টি কৰে। দীৰ্ঘকালীনভাৱে ৰাজসাহায্য আৰু সংৰক্ষণে বহনক্ষম উন্নয়নৰ বাবে সহায় নকৰিব। তাৰ সলনি প্ৰয়োজন বিনিয়োগ সুলভ নীতি,দক্ষতা বিকাশ আৰু ৰাজ্যখনত ব্যৱসায় কৰাৰ সুবিধা ।
এখন আইন গৃহীত কৰা আৰু ইয়াক কাৰ্যকৰী কৰাত যে পাৰ্থক্য আছে সেই কথা বুজি পোৱা উচিত । আনকি অন্ধ্ৰ প্ৰদেশৰ আইনখনেও সাৰ,কয়লা,ফাৰ্মাচিউটিকেল, পেট্ৰ’লিয়াম, চিমেণ্ট আদি উদ্যোগক ৰেহাই দিয়াৰ লগতে তথ্য প্ৰযুক্তি খণ্ডটোকো আওতাৰ পৰা বাহিৰত ৰাখিছে । দিল্লী, চণ্ডীগড়, দমন আদি চহৰসদৃশ ৰাজ্য বা কেন্দ্ৰীয়শাসিত অঞ্চলত মুঠ কৰ্মচাৰীৰ ৪০ শতাংশই প্ৰব্ৰজনকাৰী । মুম্বাইত এই সংখ্যা ২৪ শতাংশ হোৱাৰ বিপৰীতে বেংগালুৰু, চেন্নাই, হায়দৰাবাদ আদিত এই সংখ্যা ১৫ শতাংশতকৈ কম ।
৬৪০ খন জিলাৰ ভিতৰত ৪১০ জিলাতে, বিশেষকৈ দক্ষিণ ভাৰতত এই হাৰ ৫ শতাংশতকৈ তলত আছিল । তামিলনাডুৰ তিৰুপ্পুৰ আদিৰ দৰে উদ্যোগকেন্দ্ৰিক চহৰত কাম কৰিবলৈ অহা অধিকাংশ লোক ৰাজ্যখনৰ ভিতৰৰেই । লোকপিয়ল অনুসৰি সংস্থাপনকেন্দ্ৰিক আন্তঃৰাজ্যিক প্ৰব্ৰজনকাৰী লোকৰ সংখ্যা চহৰাঞ্চলৰ মুঠ কৰ্মচাৰীৰ ১০ শতাংশ মানহে হ’ব । এই হাৰ বৰ্তমান দুগুণ হোৱা বুলি ধৰিলেও প্ৰায় ২০ শতাংশ মানহে হোৱাৰ সম্ভাৱনা আছে । যিয়ে আন্তঃৰাজ্যিক প্ৰব্ৰজনে স্থানীয়সকলক সংস্থাপনৰ পৰা বঞ্চিত কৰা কথাটো নস্যাৎ কৰে ।
স্থানীয় সংৰক্ষণৰ চিন্তা-চৰ্চাৰ সলনি ৰাজ্যসমূহে এনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে যাৰ দ্বাৰা নিৰাপদ আন্তঃৰাজ্যিক প্ৰব্ৰজন কৰা হয় আৰু সামাজিক নিৰাপত্তা প্ৰদান কৰা হয় । যদি এই ব্যৱস্থা গ্ৰহণ কৰা হয় তেন্তে আন্তঃৰাজ্যিক প্ৰব্ৰজন বৃদ্ধি পোৱাৰ লগতে স্থানীয় অসমতাসমূহ দূৰ কৰি অধিক সা-সুবিধাও প্ৰদান কৰাৰো থল আছে । দেশৰ সকলো প্ৰান্ততে প্ৰয়োজনীয় দক্ষতাসম্পন্ন লোক উপলব্ধ হ’লে ব্যৱসায়-বাণিজ্য কৰাতো সুবিধাজনক হ’ব যি কথাত বৰ্তমানৰ কেন্দ্ৰীয় চৰকাৰে গুৰুত্ব প্ৰদান কৰি আহিছে ।
অন্ধ্ৰ প্ৰদেশৰ কাহিনীঃ
যিহেতু আন্তঃৰাজ্যিক প্ৰব্ৰজনৰ ক্ষেত্ৰত সাংবিধানিক সুৰক্ষা আছে আৰু ব্যাপক হাৰত ঘটা নাই গতিকে অন্ধ্ৰ প্ৰদেশে স্থানীয় লোকৰ বাবে চাকৰি সংৰক্ষণ কৰা ব্যৱস্থাটো বিসংগতিপূৰ্ণ । যদি তেলেংগানাই অনুৰূপ নীতি গ্ৰহণ কৰে অন্ধ্ৰ প্ৰদেশেই আটাইতকৈ ক্ষতিগ্ৰস্ত হ’ব । কিয়নো তেতিয়া হায়দৰাবাদ মহানগৰখনত অন্ধ্ৰ প্ৰদেশৰ আধিপত্য হ্ৰাস পাব । লোকপিয়লে এটা কথা স্পষ্ট কৰিছে যে পুনৰ্গঠনৰ পাছত অন্ধ্ৰ প্ৰদেশত চহৰাঞ্চলত থকা অৰ্থনৈতিক প্ৰব্ৰজনকাৰীসকল একেখন জিলাৰে পৰা অহা আৰু অতি কমসংখ্যকহে বাহিৰৰ পৰা অহা প্ৰব্ৰজনকাৰী ।তেনে এক পৰিস্থিতিত এনেধৰণৰ স্থানীয় লোকৰ সংৰক্ষণৰ বাবে গ্ৰহণ কৰা আইনে কোনো সমস্যাৰ সৃষ্টি নকৰে যদিও ইয়াৰ প্ৰয়োজনীয়তাকলৈহে প্ৰশ্নৰ উত্থাপন হয় । অন্ধ প্ৰদেশে এক বিপজ্জনক আৰম্ভণিৰ বাট দেখুৱাইছে আৰু এই বাট আন ৰাজ্যসমূহেও অনুসৰণ কৰিলে ভয়াৱহ সমস্যাৰ সৃষ্টি হ’ব । এনেধৰণৰ স্থানীয়বাদ বা স্থানীয়বাদৰ সমালোচনা ভাৰতত নতুন কথা নহয় আৰু অৰ্থনৈতিক বিকাশ মন্থৰ হোৱাৰ সময়তে ইয়াৰ প্ৰৱণতা বৃদ্ধি পায় । এনেধৰণৰ দাবীবোৰক অৰ্থনৈতিক বিকাশৰ দুৰ্বল গতিৰ দৃষ্টিভংগীৰে চাব লাগে । এই ধ্যান-ধাৰণাৰ পৰা মুক্ত হোৱাৰ সৰ্বোৎকৃষ্ট উপায়টো হ’ল শীঘ্ৰে আৰ্থিক বিকাশ নিশ্চিত কৰা । ২০-১৭ চনৰ অৰ্থনৈতিক সমীক্ষাই উৎসাহেৰে প্ৰকাশ কৰিছিল যে ভাৰতত আন্তঃৰাজ্যিক প্ৰব্ৰজন দ্ৰুত গতিৰে বৃদ্ধি পাইছে । ভাৰত এতিয়াও কৰ্মীৰ বজাৰ হোৱাৰ পৰা দূৰত থকাৰ পাছতো গুজৰাটৰ মুখ্যমন্ত্ৰী-সাংসদ বা শিৱসেনাৰ নেতাসকলে নিৰ্বাচনকেন্দ্ৰিক উদ্দেশ্যৰে বাহিৰৰ লোকসকলে স্থানীয় লোকসকলৰ চাকৰি দখল কৰা বুলি অতিৰঞ্জিত প্ৰচাৰ চলায় । কিন্তু প্ৰকৃততে আভ্যন্তৰীণ প্ৰব্ৰজনৰ দ্বাৰা ভাৰতবৰ্ষ অধিক উপকৃতহে হ’ব ।
দেশৰ ৰাজধানী অঞ্চলত নিৰ্মাণৰ কামবোৰৰ ক্ষেত্ৰত প্ৰব্ৰজনকাৰী শ্ৰমিক বিশেষকৈ মধ্য প্ৰদেশৰ শ্ৰমিকসকল আহে । কিয়নো এনেবোৰ কাম স্থানীয়সকলে কৰিব নিবিচাৰে । পঞ্জাৱ আৰু হাৰিয়ানাতো খেতিৰ কামৰ বাবে প্ৰব্ৰজনকাৰী শ্ৰমিকৰ আগমন ঘটে । প্ৰব্ৰজনকাৰী শ্ৰমিক অবিহনে অধিকাংশ চহৰ-মহানগৰৰে বিভিন্ন সেৱা ব্যাপক হাৰত বিঘ্নিত হৈ পৰিব । আনকি যিকোনো এখন দেশৰ অৰ্থনৈতিক প্ৰগতিৰ ক্ষেত্ৰত উচ্চ হাৰত আভ্যন্তৰীণ প্ৰব্ৰজন দেখা পোৱা যায় । কাৰণটো সাধাৰণ-অধিক প্ৰব্ৰজনৰ অৰ্থ এয়ে যে শ্ৰমৰ বজাৰখনে বিভিন্ন লোকৰ বিভিন্ন স্থানত সংস্থাপিত হোৱাৰ প্ৰয়োজনসমূহ পূৰণ কৰিব পাৰিছে ।
পাৰিতালা পুৰুষোত্তম

Intro:Body:
স্থানীয়সকলৰ বাবে চাকৰিৰ সংৰক্ষণে নিবনুৱা সমস্যা সমাধান কৰিবনে?
পাৰিতালা পুৰুষোত্তম
স্থানীয় লোকসকলৰ বাবে চাকৰি-বাকৰিত সংৰক্ষণৰ দাবী পুনৰ ভাৰতবৰ্ষত প্ৰতিধ্বনিত হৈছে । মহাৰাষ্ট্ৰৰ নতুন চৰকাৰে স্থানীয় লোকসকলৰ বাবে ৮০ শতাংশ চাকৰি সংৰক্ষণ কৰা হ’ব বুলি ঘোষণা কৰিছে । বৰ্তমানৰ অন্ধ্ৰ প্ৰদেশ চৰকাৰে কিছু মাহ পূ্ৰ্বে “অন্ধ্ৰ প্ৰদেশ উদ্যোগ/কাৰখানাত স্থানীয় প্ৰাৰ্থীক নিয়োগ বিধেয়ক,২০১৯” খন গৃহীত কৰিছিল । এই আইনৰ মতে উদ্যোগ খণ্ডৰ ৭৫ শতাংশ চাকৰি স্থানীয় প্ৰাৰ্থীৰ বাবে সংৰক্ষণ কৰা হৈছে । যদিহে উপযুক্ত দক্ষতাসম্পন্ন প্ৰাৰ্থী নাথাকে তেন্তে স্থানীয় লোকসকলক প্ৰশিক্ষণ প্ৰদান কৰাৰো দায়িত্ব উদ্যোগসমূহৰ ।
এই সিদ্ধান্তই ৰাজ্যখনত নতুন বিনিয়োগৰ ক্ষেত্ৰত নেতিবাচক প্ৰভাৱ পেলাব পাৰে আৰু ইয়াৰ ফলত চাকৰি কৰ্তন আৰু অৰ্থনৈতিক বিকাশ মন্থৰ হ’ব পাৰে । ব্ৰিটেইনত ব্ৰেক্সিটৰ ক্ষেত্ৰত সম্বাৱনা কৰাৰ দৰে তদ্ৰুপ পৰিস্থিতি ইয়াতো আশংকা কৰা হৈছে । অৱশ্যে উন্নত ৰাজ্য এখনত প্ৰাৰম্ভিক পৰ্যায়ত ই কাৰ্যকৰী হ’ব পাৰে । কিন্তু দীৰ্ঘকালীনভাৱে দুখীয়া বা বিশেষভাৱে বিমাৰু ৰাজ্য অৰ্থাৎ বিহাৰ, মধ্য প্ৰদেশ, ৰাজস্থান আৰু উত্তৰ প্ৰদেশৰ দৰে ৰাজ্যসমূহত উপাৰ্জন আৰু সুযোগৰ মাজত ব্যাপক ব্যৱধান সৃষ্টি কৰিব । ভাৰতৰ ২০ শতাংশ বা ১০০ মিলিয়ন কৰ্মীয়েই প্ৰব্ৰজনকাৰী । তদুপৰি স্থানীয় লোকসকলৰ মাজত দক্ষতাৰ অভাৱে লাভাংশতো প্ৰভাৱ পেলাব ।
২০০৮ চনত মহাৰাষ্ট্ৰ চৰকাৰেও ৰাজসাহায্য প্ৰদানেৰে স্থানীয় প্ৰাৰ্থীৰ বাবে ৮০শতাংশ চাকৰি সংৰক্ষণৰ প্ৰস্তাৱ গ্ৰহণ কৰিছিল যদিও কিন্তু স্থানীয় লোকসকলৰ মাজত দক্ষতাৰ অবাৱ থকাৰ বাবে এই প্ৰস্তাৱ সফলভাৱে ৰূপায়ণ কৰাত ব্যৰ্থ হয় । একেদৰে কৰ্ণাটকে ২০১৬ চনত স্থানীয়সকলৰ বাবে ১০০ শতাংশ সংৰক্ষণৰ এক প্ৰস্তাৱ উত্থাপন কৰিছিল যদিও ন্যায়িক বিভাগে ইয়াক অসাংবিধানিক আখ্যা দিয়াত কাৰ্যকৰী হোৱাত বিফল হয় ।
মধ্য প্ৰদেশেও একেধৰণৰ এখন আইনৰ চিন্তা-চৰ্চা অব্যাহত ৰাখিছে । এই ক্ষেত্ৰত পৰৱৰ্তী শাৰীত আছে গোৱা আৰু ওড়িশা । মহাৰাষ্ট্ৰ আৰু অসমত বিভিন্ন কাৰণত এনেধৰণৰ দাবী উত্থাপন হোৱাৰ লগতে স্থানীয় আৱেগজড়িত বিভিন্ন আন্দোলন হৈ আহিছে । আনহাতে উত্তৰ ভাৰতৰ পৰা অধিক হাৰত দক্ষিণ ভাৰতলৈ গমন কৰাত উত্তৰ ভাৰত বিৰোধী ধ্বনিও লাহে লাহে শুনা পোৱা গৈছে ।
এই ক্ষেত্ৰত শেহতীয়াকৈ চিন্তা-চৰ্চা কৰা ৰাজ্যখন হৈছে কৰ্ণাটক । ৰাজ্যখনে স্থানীয় লোকসকলৰ দক্ষতা বিকাশৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে যাতে তথ্য প্ৰযুক্তি খণ্ডৰ চাকৰিসমূহ দখল কৰিব পাৰে । কৰ্ণাটকৰ মুখ্যমন্ত্ৰীয়ে এই সন্দৰ্ভত তেওঁৰ স্বাধীনতা দিৱসৰ ভাষণত ঘোষণা কৰিছিল ।
ৰাজনৈতিক কাৰচাজিবোৰ তথ্য দ্বাৰা পৰিচালিত নহয় । এই ক্ষেত্ৰত পৰিৱৰ্তিত প্ৰৱজনৰ দাৰাটোক চাব খোজাসকলৰ বাবেও যোৱা মাহলৈকে কোনো নিৰ্ভৰযোগ্য তথ্য নাছিল । ২০১১ চনৰ লোকপিয়লৰ পলমকৈ উপলব্ধ তথ্য অনুসৰি ২০০০ চনৰ পাছত ভাৰতৰ অৰ্থনীতিৰ বিকাশৰ গতি খৰতকীয়া হোৱাৰ পাছতো বেছিভাগ সংস্থাপন জড়িত প্ৰব্ৰজন ৰাজ্যৰ সীমাৰ ভিতৰতে সীমাবদ্ধ আছিল । ২০০১ ৰ পৰা ২০১১ চনলৈকে আন্তঃৰাজ্যিক প্ৰব্ৰজন নাটকীয়ভাৱে বৃদ্ধি পোৱা নাছিল ।
কিন্তু লোকপিয়লে উন্মোচন কৰ তথ্যই প্ৰব্ৰন সম্পৰ্কীয় বহু নতুন কথাই কয়-হিন্দী প্ৰধান ৰাজ্যসমূহৰ পৰা প্ৰব্ৰজন পশ্চিম উপকূলৰ পাৰৰ অৰ্থনৈতিক কেন্দ্ৰসমূহতেই নহয়, শেহতীয়াকৈ উদ্ভৱ হোৱা উত্তৰৰ পৰা দক্ষিণলৈ বিস্তৃত কৰিডৰলৈকে বৃদ্ধি পাইছে । বহু ভাৰতীয়ই অধিক সুযোগ-সুবিধাৰ সন্ধানত দেশৰ সীমাও অতিক্ৰম কৰিছে । কিন্তু ইয়াৰ বিপৰীতে ভাৰতৰ অধিকাংশ জিলাতে দহজনৰ এজন বা দহ শতাংশতকৈ কম নগৰীয়া শ্ৰমিক বা কৰ্মচাৰী আন্তঃৰাজ্যিক প্ৰব্ৰজনকাৰী । মধ্য প্ৰদেশত স্থানীয় লোকৰ বাবে সংৰক্ষণৰ দাবী উঠিছে যদিও আন্তঃৰাজ্যিক প্ৰব্ৰজনকাৰী কৰ্মীৰ সংখ্যা ৫ শতাংশহে ।
আন্তঃৰাজ্যিক প্ৰব্ৰজনঃ
ভাৰতীয় সংবিধান বিভিন্ন মাধ্যমেৰে ভাৰতৰ ভিতৰত স্বাধীনভাৱে বিচৰণ কৰিব পৰাৰ স্বাধীনতা আৰু সংস্থাপনৰ অধিকাৰ প্ৰদান কৰিছে । নাগৰিকসকলে যাতে দেশৰ ভূখণ্ডৰ ভিতৰত স্বাধীনভাৱে ফুৰা-চকা কৰিব পাৰে সেয়ে ১৯ নং অনুচ্ছেদে নিশ্চয়তা প্ৰদান কৰিছে । ১৬ নং অনুচ্ছেদে জন্মৰ স্থানকলৈ সংস্থাপনৰ ক্ষেত্ৰত বিভেদ সৃষ্টি নকৰিবলৈ বাৰণ কৰিছে । জন্মৰ স্থানকলৈ শোষণ বা বিভাজনৰ বিৰোধিতা ১৫ নং অনুচ্ছেদে কৰাৰ দৰে ১৪ নং অনুচ্ছেদে জন্মৰ স্থান নিৰ্বিশেষে ন্যায়ৰ ওচৰত সমতাৰ অধিকাৰ প্ৰদান কৰে ।২০১৪ চনত ঐতিহাসিক চাৰু খোৰানা বনাম ভাৰত চৰকাৰ গোচৰত ইয়াৰে অনুচ্ছেদবোৰক ন্যায়ালয়ে সমৰ্থন জনাইছিল । এক ট্ৰেড ইউনিয়নে ইয়াৰ নিয়ম অনুসৰি মহাৰাষ্ট্ৰত ন্যূনতম পাঁচ বছৰ বসবাস নকৰাৰ বাবে এগৰাকী মেক-আপ শিল্পীক সদস্যৰ মৰ্যাদা নিদিয়াত এই বিষয়টো আদালতৰ দুৱাৰ পাইছিল । গতিকে শেহতীয়াকৈ অন্ধ্ৰ প্ৰদেশ চৰকাৰে প্ৰণয়ন কৰা চাকৰি সংৰক্ষণ আইনখন সাংবিধানিক ভিত্তিত প্ৰত্যাহ্বান জনাব পাৰি ।
সাংবিধানিক বিষয়টো একাৰষীয়া কৰি থৈ আন্তঃৰাজ্যিক প্ৰব্ৰজনৰ সংখ্যাই সংস্থাপন সুৰক্ষাৰ বিষয়টো অধিক বিতৰ্কিত কৰি তুলিব পাৰে ।
উত্তৰ-দক্ষিণ কৰিডৰঃ
পৰিসংখ্যাত স্পষ্টভাৱে উত্তৰৰ পৰা দক্ষিণ কৰিডৰ দেখা পোৱা যায় । যদি উত্তৰ প্ৰদেশ, বিহাৰ, পশ্চিমবংগক এটা ব্লক আৰু কৰ্ণাটক, কেৰালা, তামিলনাডু, অন্ধ্ৰ প্ৰদেশ আৰু তেলেংগানাক আন এটা ব্লক হিচাপে ধৰা হয়, ৮৫ শতাংশ দ্বিপাক্ষিক সৰবৰাহ দক্ষিণৰ দিশেৰেহে ধাৱমান হয় । ২২০১১ ৰে পৰা লাভ কৰা তথ্যই প্ৰকাশ কৰে যে এই কৰিডৰ ক্ৰমান্বয়ে বৃদ্ধি পাইছে আৰু পৰৱৰ্তী ২০২১ চনৰ পিয়লত এয়া নিশ্চিত কৰিব লাগিব ।
২০০১ ৰ পৰা ২০১১ চনৰ পৰা অৰ্থনৈতিক কাৰণত আন্তঃৰাজ্যিক প্ৰব্ৰজন কৰা মুঠ লোকৰ সংখ্যা ১১.৬ মিলিয়নৰ পৰা ১৩ মিলিয়নলৈ বৃদ্ধি লাভ কৰে । কিন্তু নগৰাঞ্চলৰ কৰ্মীসকলৰ মাজত তেনে প্ৰব্ৰজনকাৰী মাত্ৰ ৮ শতাংশহে থাকে ।
নেচনেল চেম্পল চাৰ্ভে অফিচ বা এন এছ এছ অ’ৰ চাকৰি সংক্ৰান্তীয় ২০১৭-১৮ৰ খচৰা সমীক্ষা মতে ২০১৭-১৮ বৰ্ষত দেশত নিবনুৱাৰ হাৰ ৬.১ শতাংশ । এই হাৰ বিগত ৪৫ বছৰৰ ভিতৰত সৰ্বাধিক । এতিয়াও প্ৰকাশ পাবলগীয়া এই প্ৰবিবেদন অনুসৰি প্ৰায় এক তৃতীয়াংশ ৰাজ্য অৰ্থাৎ এঘাৰখন ৰাজ্যত ৰাষ্ট্ৰীয় গড় হাৰতকৈ ২০১৭-১৮ বৰ্ষত নিবনুৱাৰ হাৰ অধিক ।
২০১৭ চনৰ অৰ্থনৈতিক পিয়লে প্ৰকাশ কৰামতে ২০১১ ৰ পৰা ২০১৬ চনলৈকে বছৰেকীয়া গড় শ্ৰমিক প্ৰব্ৰজনৰ হাৰ প্ৰায় ৯ মিলিয়ন আছিল । দিল্লী, মহাৰাষ্ট্ৰ, তামিল নাডু, গুজৰাট আদি ৰাজ্যলৈ হিন্দী প্ৰধান ৰাজ্য যেনে উত্তৰ প্ৰদেশ, বিহাৰ, মধ্য প্ৰদেশৰ পৰা বৃহৎ সংখ্যক শ্ৰমিকে প্ৰব্ৰজন কৰে । ২০১১ চনৰ লোকপিয়ল মতে আন্তঃজিলা প্ৰব্ৰজনো বৃদ্ধি পাইছে । ১৯৯১ চনৰ পৰা ২০০১ চনৰ লোকপিয়ললৈ আন্তঃজিলা প্ৰব্ৰজন ৩০ শতাংশ বৃদ্ধি পোৱাৰ বিপৰীতে ২০০১ চনৰ পৰা ২০১১ চনৰ লোকপিয়লৈল এই হাৰ ৫৮ শতাংশলৈকে বৃদ্ধি পায় ।
২০১১ চনৰ লোকপিয়লমতে ৯৩.৯১ শতাংশ শিক্ষিতৰ হাৰেৰে দেশৰ ভিতৰত শীৰ্শত থকা কেৰালাত ২০১৭ চনৰ অৰ্থনৈতিক সমীক্ষাত প্ৰকাশ পোৱা অনুসৰি ১১.৪ শতাংশৰে সৰ্বাধইক সংস্থাপনহীন লোক আছে । তদুপৰি ৰাজ্যখনৰ পৰা প্ৰব্ৰজনো বৃদ্ধি পাইছে । সম্ভৱতঃ অদক্ষ শ্ৰমিক কেন্দ্ৰিক উদ্যোগ অধিক হোৱাৰ বাবে ৰাযখনৰ লোকসকল সংস্থাপনৰ সন্ধানত আন ৰাজ্যলৈ ঢাপলি মেলিব লগা হৈছে ।
প্ৰকৃততে চাকৰিবোৰ আইনে সৃষ্টি নকৰে, বৰঞ্চ সেই নিৰ্দিষ্ট অঞ্চলত গঢ়ি উঠা উদ্যোগসমূহেহে সৃষ্টি কৰে । দীৰ্ঘকালীনভাৱে ৰাজসাহায্য আৰু সংৰক্ষণে বহনক্ষম উন্নয়নৰ বাবে সহায় নকৰিব । তাৰ সলনি প্ৰয়োজন বিনিয়োগসুলভ নীতি, দক্ষতা বিকাশ আৰু ৰাজ্যখনত ব্যৱসায় কৰাৰ সুবিধা ।
এখন আইন গৃহীত কৰা আৰু ইয়াক কাৰ্যকৰী কৰাত যে পাৰ্থক্য আছে সেই কথা বুজি পোৱা উচিত । আনকি অন্ধ্ৰ প্ৰদেশৰ আইনখনেওসাৰ, কয়লা, ফাৰ্মাচিউটিকেল, পেট্ৰ’লিয়াম, চিমেণ্ট আদি উদ্যোগক ৰেহাই দিয়াৰ লগতে তথ্য প্ৰযুক্তি খণ্ডটোকো আওতাৰ পৰা বাহিৰত ৰাখিছে ।
দিল্লী, চণ্ডীগড়, দমন আদি চহৰসদৃশ ৰাজ্য বা কেন্দ্ৰীয়শাসিত অঞ্চলত মুঠ কৰ্মচাৰীৰ ৪০ শতাংশই প্ৰব্ৰজনকাৰী । মুম্বাইত এই সংখ্যা ২৪ শতাংশ হোৱাৰ বিপৰীতে বেংলুৰু, চেন্নাই, হায়দৰাবাদ আদিত এই সংখ্যা ১৫ শতাংশতকৈ কম ।
৬৪০ খন জিলাৰ ভিতৰত ৪১০ জিলাতে, বিশেষকৈ দক্ষিণ ভাৰতত এই হাৰ ৫ শতাংশতকৈ তলত আছিল । তামিন লাডুৰ তিৰুপ্পুৰ আদিৰ দৰে উদ্যোগকেন্দ্ৰিক চহৰত কাম কৰিবলৈ অহা অধিকাংশ লোক ৰাজ্যখনৰ ভিতৰৰেই । লোকপিয়ল অনুসৰি সংস্থাপনকেন্দ্ৰিক আন্তঃৰাজ্যিক প্ৰব্ৰজনকাৰী লোকৰ সংখ্যা চহৰাঞ্চলৰ মুঠ কৰ্মচাৰীৰ ১০ শতাংশ মানহে হ’ব । এই হাৰ বৰ্তমান দুগুণ হোৱা বুলি ধৰিলেও প্ৰায় ২০ শতাংশ মানহে হোৱাৰ সম্ভাৱনা আছে । যিয়ে আন্তঃৰাজ্যিক প্ৰব্ৰজনে স্থানীয়সকলক সংস্থাপনৰ পৰা বঞ্চিত কৰা কথাটো নস্যাৎ কৰে ।
স্থানীয় সংৰক্ষণৰ চিন্তা-চৰ্চাৰ সলনি ৰাজ্যসমূহে এনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে যাৰ দ্বাৰা নিৰাপদ আন্তঃৰাজ্যিক প্ৰব্ৰজন কৰা হয় আৰু সামাজিক নিৰাপত্তা প্ৰদান কৰা হয় । যদি এই ব্যৱস্থা গ্ৰহণ কৰা হয় তেন্তে আন্তঃৰাজ্যিক প্ৰব্ৰজন বৃদ্ধি পোৱাৰ লগতে স্থানীয় অসমতাসমূহ দূৰ কৰি অধিক সা-সুবিধাও প্ৰদান কৰাৰো থল আছে । দেশৰ সকলো প্ৰান্ততে প্ৰয়োজনীয় দক্ষতাসম্পন্ন লোক উপলব্ধ হ’লে ব্যৱসায়-বাণিজ্য কৰাতো সুবিধাজনক হ’ব যি কথাত বৰ্তমানৰ কেন্দ্ৰীয় চৰকাৰে গুৰুত্ব প্ৰদান কৰি আহিছে ।
অন্ধ্ৰ প্ৰদেশৰ কাহিনীঃ
যিহেতু আন্তঃৰাজ্যিক প্ৰব্ৰজনৰ ক্ষেত্ৰত সাংবিধানিক সুৰক্ষা আছে আৰু ব্যাপক হাৰত ঘটা নাই গতিকে অন্ধ্ৰ প্ৰদেশে স্থানীয় লোকৰ বাবে চাকৰি সংৰক্ষণ কৰা ব্যৱস্থাটো বিসংগতিপূৰ্ণ ।
যদি তেলেংগানাই অনুৰূপ নীতি গ্ৰহণ কৰে অন্ধ্ৰ প্ৰদেশেই আটাইতকৈ ক্ষতিগ্ৰস্ত হ’ব । কিয়নো তেতিয়া হায়দৰাবাদ মহানগৰখনত অন্ধ্ৰ প্ৰদেশৰ আধিপত্য হ্ৰাস পাব । লোকপিয়লে এটা কথা স্পষ্ট কৰিছে যে পুনৰ্গঠনৰ পাছত অন্ধ্ৰ প্ৰদেশত চহৰাঞ্চলত থকা অৰ্থনৈতিক প্ৰব্ৰজনকাৰীসকল একেখন জিলাৰে পৰা অহা আৰু অতি কমসংখ্যকহে বাহিৰৰ পৰা অহা প্ৰব্ৰজনকাৰী ।
তেনে এক পৰিস্থিতিত এনেধৰণৰ স্থানীয় লোকৰ সংৰক্ষণৰ বাবে গ্ৰহণ কৰা আইনে কোনো সমস্যাৰ সৃষ্টি নকৰে যদিও ইয়াৰ প্ৰয়োজনীয়তাকলৈহে প্ৰশ্নৰ উত্থাপন হয় । অন্ধ প্ৰদেশে এক বিপজ্জনক আৰম্ভণিৰ বাট দেখুৱাইছে আৰু এই বাট আন ৰাজ্যসমূহেও অনুসৰণ কৰিলে ভয়াৱহ সমস্যাৰ সৃষ্টি হ’ব ।
এনেধৰণৰ স্থানীয়বাদ বা স্থানীয়বাদৰ সমালোচনা ভাৰতত নতুন কথা নহয় আৰু অৰ্থনৈতিক বিকাশ মন্থৰ হোৱাৰ সময়তে ইয়াৰ প্ৰৱণতা বৃদ্ধি পায় । এনেধৰণৰ দাবীবোৰক অৰ্থনৈতিক বিকাশৰ দুৰ্বল গতিৰ দৃষ্টিভংগীৰে চাব লাগে । এই ধ্যাণ-ধাৰণাৰ পৰা মুক্ত হোৱাৰ সৰ্বোৎকৃষ্ট উপায়টো হ’ল শীঘ্ৰে আৰ্থিক বিকাশ নিশ্চিত কৰা ।
২০-১৭ চনৰ অৰ্থনৈতিক সমীক্ষাই উৎসাহেৰে প্ৰকাশ কৰিছিল যে ভাৰতত আন্তঃৰাজ্যিক প্ৰব্ৰজন দ্ৰুত গতিৰে বৃদ্ধি পাইছে । ভাৰত এতিয়াও কৰ্মীৰ বজাৰ হোৱাৰ পৰা দূৰত থকাৰ পাছতো গুজৰাটৰ মুখ্যমন্ত্ৰী-সাংসদ বা শিৱসেনাৰ নেতাসকলে নিৰ্বাচনকেন্দ্ৰিক উদ্দেশ্যৰে বাহিৰৰ লোকসকলে স্থানীয় লোকসকলৰ চাকৰি দখল কৰা বুলি অতিৰঞ্জিত প্ৰচাৰ চলায় । কিন্তু প্ৰকৃততে আভ্যন্তৰীণ প্ৰব্ৰজনৰ দ্বাৰা ভাৰতবৰ্ষ অধিক উপকৃতহে হ’ব ।
দেশৰ ৰাজধানী অঞ্চলত নিৰ্মাণৰ কামবোৰৰ ক্ষেত্ৰত প্ৰব্ৰজনকাৰী শ্ৰমিক বিশেষকৈ মধ্য প্ৰদেশৰ শ্ৰমিকসকল আহে । কিয়নো এনেবোৰ কাম স্থানীয়সকলে কৰিব নিবিচাৰে । পঞ্জাৱ আৰু হাৰিয়ানাতো খেতিৰ কামৰ বাবে প্ৰব্ৰজনকাৰী শ্ৰমিকৰ আগমন ঘটে । প্ৰব্ৰজনকাৰী শ্ৰমিক অবিহনে অধিকাংশ চহৰ-মহানগৰৰে বিভিন্ন সেৱা ব্যাপক হাৰত বিঘ্নিত হৈ পৰিব ।
আনকি যিকোনো এখন দেশৰ অৰ্থনৈতিক প্ৰগতিৰ ক্ষেত্ৰত উচ্চ হাৰত আভ্যন্তৰীণ প্ৰব্ৰজন দেখা পোৱা যায় । কাৰণটো সাধাৰণ-অধিক প্ৰব্ৰজনৰ অৰ্থ এয়ে যে শ্ৰমৰ বজাৰখনে বিভিন্ন লোকৰ বিভিন্ন স্থানত সংস্থাপিত হোৱাৰ প্ৰয়োজনসমূহ পূৰণ কৰিব পাৰিছে ।
Conclusion: