ETV Bharat / bharat

সংকটজনক অৱস্থাত বিশিষ্ট অভিনেতা দিলীপ কুমাৰৰ দুই ভাতৃ

author img

By

Published : Aug 21, 2020, 8:26 AM IST

বিশিষ্ট অভিনেতা দিলীপ কুমাৰৰ দুই ভাতৃক চিকিৎসালয়ত ভৰ্তি ৷ শ্বাস-প্ৰশ্বাসজনিত সমস্যাৰ বাবে চিকিৎসালয়ত ভৰ্তি দুই ভাতৃক ৷ চিকিৎসালয়ত ক'ভিড-19 পজিটিভ ধৰা পৰে দুই ভাতৃৰ ৷

Dilip Kumar's brothers in critical condition
স্বাস্থ্য অধিক শোচনীয় বিশিষ্ট অভিনেতা দিলীপ কুমাৰৰ দুই ভাতৃৰ

নিউজ ডেস্ক, 21 আগষ্ট : কিছুদিন পূৰ্বে বিশিষ্ট অভিনেতা দিলীপ কুমাৰৰ ভাতৃ ইচান খান আৰু আচলম খানক শ্বাস-প্ৰশ্বাসজনিত সমস্যাৰ বাবে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল ৷ বৰ্তমান দুই ভাতৃৰ অৱস্থা অধিক শোচনীয় বুলি জানিব পৰা গৈছে ৷ চিকিৎসকৰ পৰামৰ্শ অনুসৰি, তেওঁলোকক কিছুদিনৰ বাবে পুনৰ চিকিৎসকৰ নিৰীক্ষণত ৰখা হ'ব ৷

তথ্য অনুসৰি, চিকিৎসকৰ নেৰানেপেৰা প্ৰচেষ্টাৰ পিচতো তেওঁলোকৰ স্বাস্থ্যৰ উন্নতি ঘটা নাই ৷ দুই ভাতৃদ্বয়ক চিকিৎসা সেৱা আগবঢ়াই থকা ডাঃ জলীল পাৰকৰে জনোৱা অনুসৰি, তেওঁলোকৰ যিহেতু বয়স হৈছে সেই অনুপাতে চিকিৎসাই তেওঁলোকৰ স্বাস্থ্য সুস্থ অৱস্থালৈ ঘুৰাই আনিব পৰা নাই ৷

তেওঁ আকৌ জনোৱা অনুসৰি, শনিবাৰে নিশা তেওঁলোকক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল ৷ চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ পিচত তেওঁলোকৰ ক'ভিড-19 পজিটিভ পোৱা গৈছিল ৷ পৰৱৰ্তী সময়ত তেওঁলোকৰ শ্বাস-প্ৰশ্বাসত অসুবিধা হোৱাৰ বাবে ভেন্টিলেটৰত ৰখা হৈছিল বুলি চিকিৎসকগৰাকীয়ে জানিবলৈ দিয়ে ৷

উল্লেখ্য যে, শ্বাস-প্ৰশ্বাসজনিত সমস্যাৰ বাবে প্ৰায় 90 বছৰীয়া ভাতৃদ্বয়ক শনিবাৰে নিশা লীলাৱতী চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল ৷

লগতে পঢ়ক : অসমীয়া সংস্কৃতিৰ একনিষ্ঠ সাধক বিনোদ খনালৰ কথাৰে...

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.