ETV Bharat / bharat

উচ্চতম ন্যায়ালয়ৰ ৰায়ৰ পিচতেই ডিজিচিএ ঘোষণা কৰিলে ৰিফাণ্ড নীতি

author img

By

Published : Oct 8, 2020, 11:40 AM IST

লকডাউনৰ সময়ত বাতিল হোৱা টিকটৰ ৰিফাণ্ড সন্দৰ্ভত শেহতীয়া নীতি ঘোষণা কৰিছে অসামৰিক বিমান পৰিবহণ মহানিৰ্দেশকে ৷ সেই অনুসৰি, টিকট ক্ৰয় কৰা গ্ৰাহকক তিনিটা শাখাত ভাগ কৰিছে ডিজিচিএ য়ে ৷ মাৰ্চ 25ৰ পৰা মে' 24ৰ ভিতৰত টিকট বুক কৰা আৰু ভ্ৰমণ কৰা, মাৰ্চ 25ৰ পৰা টিকট বুক কৰা আৰু মে' 24ৰ পৰা ভ্ৰমণ কৰা আৰু লকডাউনৰ মাজত যিকোনো সময়ত টিকট বুক কৰা আৰু মে' 25ৰ পিচত ভ্ৰমণ কৰা ৷

উচ্চতম ন্যায়ালয়ৰ ৰায়ৰ পিচতেই ডিজিচিএ ঘোষণা কৰিলে ৰিফাণ্ড নীতি
উচ্চতম ন্যায়ালয়ৰ ৰায়ৰ পিচতেই ডিজিচিএ ঘোষণা কৰিলে ৰিফাণ্ড নীতি

নিউজ ডেস্ক, 8 অক্টোবৰ : লকডাউনৰ সময়ত বিমানৰ টিকট ক্ৰয় কৰা গ্ৰাহকৰ ধনৰাশি ঘুৰাই দিবলৈ উচ্চতম ন্যায়ালয়ে নিৰ্দেশ দিয়াৰ পিচতে টিকট বাতিল কৰা গ্ৰাহকৰ বাবে শেহতীয়া নীতি ঘোষণা কৰে কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ মহানিৰ্দেশকে ৷ যাত্ৰীক শীঘ্ৰেই টিকটৰ সম্পূৰ্ণ ধনৰাশি উভোটাই দিবলৈ উচ্চতম ন্যায়ালয়ে নিৰ্দেশনা দিয়াৰ 6দিন পিচতে এই বিষয়ত স্পষ্টতা প্ৰকাশ কৰে ডিজিচিএয়ে ৷

1 অক্টোবৰত উচ্চতম ন্যায়ালয়ে মাৰ্চ 25ৰ পৰা মে'ৰ 24ৰ ভিতৰত টিকট বুক কৰি তাক বাতিল কৰা ঘৰুৱা যাত্ৰী সকলক অতিশীঘ্ৰেই টিকটৰ সম্পূৰ্ণ ধনৰাশি উভোটাই দিবলৈ ডিজিচিএক নিৰ্দেশনা দিছিল ৷ ইয়াৰ উপৰিও সৰ্বোচ্চ ন্যায়ালয়ে ৰিফাণ্ড আৰু ক্ৰেডিট ছেল সন্দৰ্ভতো নিৰ্দেশনা প্ৰদান কৰিছিল ৷

উচ্চতম ন্যায়ালয়ৰ এই নিৰ্দেশনাৰ পিচতেই ডিজিচিএ যাত্ৰীসকলক তিনিটা শাখাত ভাগ কৰে ৷ মাৰ্চ 25ৰ পৰা মে' 24ৰ ভিতৰত টিকট বুক কৰা আৰু ভ্ৰমণ কৰা, মাৰ্চ 25ৰ পৰা টিকট বুক কৰা আৰু মে' 24ৰ পৰা ভ্ৰমণ কৰা আৰু লকডাউনৰ মাজত যিকোনো সময়ত টিকট বুক কৰা আৰু মে' 25ৰ পিচত ভ্ৰমণ কৰা হিচাপত ভাগ কৰি টিকটৰ মূল্য ঘুৰাই দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে ডিজিচিএ ৷

প্ৰথমটো শাখাৰ যাত্ৰীসকলক টিকটৰ সম্পূৰ্ণ টকা ঘুৰাই দিয়া হ'ব, আৰু এইক্ষেত্ৰত বিমান পৰিবহণকাৰী সংস্থাই সকলো দিশ চোৱাচিতা কৰিব ৷ দ্বিতীয় শাখাৰ যাত্ৰীসকলক 15 দিনৰ ভিতৰত ধনৰাশি ঘুৰাই দিয়া হ'ব ৷ যদিহে বিমান পৰিবহণকাৰী সংস্থাই টকা ঘুৰাই দিয়াত অসমৰ্থ হয় অথবা বিত্তীয় সমস্যাৰে ভাৰাক্ৰান্ত তেন্তে ই যাত্ৰীসকলৰ বাবে ক্ৰেডিট ছেল গঠন কৰি পৰৱৰ্তী সময়ত 2021ৰ 31 মাৰ্চলৈকে এই টকা টিকট ক্ৰয়ত ব্যৱহাৰ কৰিব পাৰিব ৷ তৃতীয় শাখাৰ যাত্ৰীসকলৰ বাবে ডিজিচিএৰ নীতিৰ অধীনত টিকটৰ ধনৰাশি ঘুৰাই দিয়া হ'ব ৷

লগতে পঢ়ক : আগন্তুক 100 দিনত 12 কোটি ৰাইজৰ কাষলৈ যাব চিআৰপিএফ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.