ETV Bharat / bharat

দেবেন্দ্ৰ সিঙৰ লক্ষ্যভ্ৰষ্ট হোৱাৰ বাবেই পূৰ্বে বাছি গৈছিল বিকাশ ডুবে - বিক্ৰু এনকাউন্টাৰ

বৰ্তমান বলৰামপুৰ আদালতত মুখ্য কনিষ্টবল হিচাপে কৰ্মৰত দেবেন্দ্ৰ প্ৰতাপ সিং ৷ 1998 চনতে তেওঁ বিকাশ ডুবেৰ এনকাউন্টাৰ কৰাৰ সুযোগ লাভ কৰিছিল ৷ কিন্তু, ডুবেলৈ লক্ষ্য কৰা এটা গুলী সামান্য লক্ষ্যভ্ৰষ্ট হোৱাৰ বাবে বাছি গৈছিল গেংষ্টাৰজন ৷

দেবেন্দ্ৰ প্ৰতাপ সিং
দেবেন্দ্ৰ সিঙৰ লক্ষ্যভ্ৰষ্ট হোৱাৰ বাবেই পূৰ্বে বাছি গৈছিল বিকাশ ডুবে
author img

By

Published : Jul 16, 2020, 10:45 PM IST

নেশ্যনেল ডেস্ক, 16 জুলাই : কিছুদিন পূৰ্বে উত্তৰ প্ৰদেশ বিশেষ টাস্ক ফৰ্ছৰ হাতত নিধন হোৱা গেংষ্টাৰ বিকাশ ডুবেই 1998 চনতেই প্ৰাণ হেৰুৱালেহেঁতেন ৷ কিন্তু, ডুবেলৈ লক্ষ্য কৰা এটা গুলী সামান্য লক্ষ্যভ্ৰষ্ট হোৱাৰ বাবে বাছি গৈছিল গেংষ্টাৰজন ৷

বৰ্তমান বলৰামপুৰ আদালতত মুখ্য কনিষ্টবল হিচাপে কৰ্মৰত দেবেন্দ্ৰ প্ৰতাপ সিং ৷ 1998 চনতে তেওঁ বিকাশ ডুবেৰ এনকাউন্টাৰ কৰাৰ সুযোগ লাভ কৰিছিল ৷ সেই সময়ত কল্যাণপুৰ আৰক্ষী চকীৰ বিশেষ স্কোৱাডৰ অংশ আছিল দেবেন্দ্ৰ ৷ বিকাশ ডুবেই কোনো অপৰাধ সংঘটিত কৰিবলৈ কানপুৰলৈ যোৱাৰ তথ্য প্ৰদান কৰিছিল বিজেপি নেতা সন্তোষ শুক্লাই ৷

দেবেন্দ্ৰ সিঙৰ লক্ষ্যভ্ৰষ্ট হোৱাৰ বাবেই পূৰ্বে বাছি গৈছিল বিকাশ ডুবে

সিঙে কয়, "আৰক্ষী চকীৰ ওচৰত আমি বেৰিকেড লগাইছিলো ৷ আমি জানিছিলো যে, তেওঁ বহু চতুৰ আৰু বেৰিকেড ভাঙি পেলাব ৷ আশংকা কৰাৰ দৰেই তেওঁ গুলীবৰ্ষণ কৰিছিল আৰু এজন আৰক্ষী বিষয়াৰ ওপৰেৰে বাইক চলাই পলায়ন কৰিছিল ৷"

"তেওঁ পলাই গৈছিল যদিও আমি তেওঁৰ পিছা লৈছিলো ৷ মই তেওঁলৈ গুলীয়াইছিলো যদিও লক্ষ্যভ্ৰষ্ট হৈছিলো ৷ তেতিয়া তেওঁ পৰি গৈছিল আৰু প্ৰায় 30 ছেকেণ্ড সময় মই তেওঁক ধৰি ৰাখিছিলো ৷ ইয়াৰ পাচতে অতিৰিক্ত বাহিনী উপস্থিত হৈছিল আৰু কৰায়ত্ত কৰিছিল ৷"

দেবেন্দ্ৰ প্ৰতাপ সিং
দেবেন্দ্ৰ সিঙৰ লক্ষ্যভ্ৰষ্ট হোৱাৰ বাবেই পূৰ্বে বাছি গৈছিল বিকাশ ডুবে

ইয়াৰ পাচতে মিছা গোচৰ ৰুজু কৰা হৈছিল বুলিও সন্দেহ প্ৰকাশ কৰে দেবেন্দ্ৰ সিঙে ৷ 1999 চনত সিং আৰু এজন আৰক্ষী বিষয়াৰ বিৰুদ্ধে মিছা গোচৰ ৰুজু কৰা হৈছিল ৷ এই গোচৰ এতিয়াও আদালতত চলি আছে বুলি জানিবলৈ দিয়ে সিঙে ৷

সিঙে কয়, "মই নাভাবো যে তেওঁ মোক পাহৰিব পাৰিছিল ৷"

তথ্য অনুসৰি, বিক্ৰু এনকাউন্টাৰত শ্বহীদ হোৱা দেবেন্দ্ৰ মিশ্ৰাই ডুবেক সতৰ্কবাণী প্ৰদান কৰিছিল যে তেওঁৰ এটা ভৰি যিহেতু বিকল হৈ পৰিছে আনটোও বিকল কৰি পেলাব ৷ যিহেতু 1998 চনৰ ঘটনাত ডুবেৰ এটা ভৰি বিকল হৈ পৰিছিল সেয়েহে মিশ্ৰাকে সিং বুলি ডুবেই ভুলকৈ চিহ্নিত কৰিছিল বুলি মন্তব্য কৰে দেবেন্দ্ৰ সিঙে ৷

লগতে পঢ়ক : গেংষ্টাৰ বিকাশ ডুবেঃ তৃতীয়টো অ'ডিঅ ক্লিপ ভাইৰেল

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.