ETV Bharat / bharat

আত্ম নিৰ্ভৰ ভাৰত সন্দৰ্ভত ত্ৰিপুৰাৰ উপ-মুখ্যমন্ত্ৰীৰ মন্তব্য - জিষ্ণু দেৱ বাৰ্মা

"আত্ম নিৰ্ভৰতা আমাৰ নিজৰ সাংস্কৃতিক চেতনাৰ পৰা আহে ৷ যিমানেই অধিক নৱ প্ৰজন্মই নিজৰ সংস্কৃতিক লৈ জাগ্ৰত হ'ব সিমানেই অধিক ৰাষ্ট্ৰখন আত্ম নিৰ্ভৰ দেশ হিচাপে পৰিগণিত হ'ব ৷" এখন যুৱ মহোৎসৱত অংশগ্ৰহণ কৰি সকলোকে সম্বোধন কৰি এনেদৰে ভাষণ প্ৰদান কৰে ত্ৰিপুৰাৰ উপ-মুখ্যমন্ত্ৰী জিষ্ণু দেৱ বাৰ্মাই ৷

আত্ম নিৰ্ভৰ ভাৰত সন্দৰ্ভত ত্ৰিপুৰাৰ উপ-মুখ্যমন্ত্ৰীৰ মন্তব্য

author img

By

Published : Dec 28, 2020, 10:38 PM IST

ত্ৰিপুৰা, 28 ডিচেম্বৰ: ত্ৰিপুৰাৰ উপ-মুখ্যমন্ত্ৰী জিষ্ণু দেৱ বাৰ্মাই বিজেপিৰ আত্ম নিৰ্ভৰ ভাৰতৰ উদ্দেশ্যক স্পষ্ট কৰি কয় যে, "আত্ম নিৰ্ভৰে ডাঙৰ উদ্যোগ-কাৰখানা, বাহন আৰু পৰমাণু বোমাক নুবুজায় ৷ আত্ম নিৰ্ভৰতা আমাৰ নিজৰ সাংস্কৃতিক চেতনাৰ পৰা আহে ৷ যিমানেই অধিক নৱ প্ৰজন্মই নিজৰ সংস্কৃতিক লৈ জাগ্ৰত হ'ব সিমানেই অধিক ৰাষ্ট্ৰখন আত্ম নিৰ্ভৰ দেশ হিচাপে পৰিগণিত হ'ব ৷"

পূৰ্বতে শাসনৰ গাদীত অধিষ্ঠিত CPM ক কটাক্ষ কৰি তেওঁ কয়, "পূৰ্বতে আমি দেখিছিলো কেনেদৰে আমি বহিৰাগত সংস্কৃতিক আদৰিবলৈ বাধ্য হৈছিলো ৷ য়ুথ আইকন সকল কিউবা, ৰাছিয়া আৰু লেটিন আমেৰিকাৰ পৰা আমদানি কৰা হৈছিল ৷ আমি সেইবোৰ বিচৰা নাছিলো ৷" ইয়াৰোপৰি তেওঁ কয়, "আমাৰ মাজত স্বামী বিবেকানন্দৰ দৰে ব্যক্তি আছিল, আমাৰ নিজৰ মহাৰাজ বীৰ বিক্ৰম আদি আমাৰ ভৱিষ্যতৰ প্ৰকৃত আদৰ্শ হ'ব পাৰে ৷"

মন্ত্ৰী গৰাকীৰ মতে, সাংস্কৃতিক সচেতনতাই সমাজ গঠনৰ ক্ষেত্ৰত গুৰুতৰ ভুমিকা পালন কৰে ৷ যুৱ প্ৰজন্মই অৱশ্যেই ভাৰতীয় জীৱনযাত্ৰাক জানিব লাগিব ৷ কোনোবা ভাল অভিযন্তা, ভাল চিকিৎসক হ'ব পাৰে, কিন্তু সকলোৱে নিজৰ সংস্কৃতিৰ মূল্য বুজিব লাগে ৷ পশ্চিম ত্ৰিপুৰাত অনুষ্ঠিত জিলা পৰ্যায়ৰ এখন যুৱ মহোৎসৱত অংশগ্ৰহণ কৰি সকলোকে সম্বোধন কৰি এনেদৰে ভাষণ প্ৰদান কৰে উপ-মুখ্যমন্ত্ৰী গৰাকীয়ে ৷

লগতে পঢ়ক: দ্বিতীয়বাৰৰ বাবে ত্ৰিপুৰালৈ আহিব বিজেপিৰ পৰ্যবেক্ষক বিনোদ সোণকৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.