ETV Bharat / bharat

অপৰিৱৰ্তিত দিল্লীৰ বায়ু প্ৰদূষণ

author img

By

Published : Jan 17, 2021, 4:22 PM IST

ৰাজধানী দিল্লীত অপৰিৱৰ্তিত অৱস্থাত আছে বায়ু প্ৰদূষণৰ মাত্ৰা । ডাঠ কুঁৱলী আৰু ধূসৰ পুৱাৰ সাক্ষী হ'ল দিল্লীবাসী । এছ এ এফ এ আৰে দিল্লীৰ বায়ুমণ্ডলৰ সূচাংক "গুৰুতৰ" ঘোষণা কৰে ।

অপৰিৱৰ্তনশীল দিল্লীৰ বায়ু প্ৰদূষণ
অপৰিৱৰ্তনশীল দিল্লীৰ বায়ু প্ৰদূষণ

নিউজ ডেস্ক , ১৭ জানুৱাৰী : বায়ু প্ৰদূষণৰ ফলত দেশত পুনৰ বতৰ পৰিৱৰ্তন হোৱা দেখিবলৈ পোৱা গৈছে । ভাৰতৰ বতৰ বিজ্ঞান কেন্দ্ৰই জনোৱা মতে দেশৰ ভিন্ন প্ৰান্তত কুঁৱলী আৰু শীতৰ তীব্ৰ প্ৰকোপ দেখিবলৈ পোৱা গৈছে । উত্তৰ ভাৰতৰ ৰাজ্য়সমূহৰ বিভিন্ন স্থানত অত্য়াধিক শীত আৰু কুঁৱলী পৰা দেখা গৈছে । বিভাগটোৱে টুইটযোগে জনোৱা মতে দেওবাৰৰ দিনটোত পঞ্জাৱ, পশ্চিম উত্তৰ প্ৰদেশত ডাঠ কুঁৱলী দেখাৰ লগতে হাৰিয়ানা, ছণ্ডীগড়,দিল্লী, পূব উত্তৰ প্ৰদেশ, বিহাৰ, অসম আৰু মেঘালয়ৰো বিভিন্ন অঞ্চল ডাঠ কুঁৱলীয়ে ছানি ধৰে । ডাঠ কুঁৱলীৰ বাবে এই ঠাই সমূহত দৃশ্য় প্ৰৱণতা হ্ৰাস হোৱা দেখা যায় । গতিকে বিভাগটোৱে ৰাইজক ৰাজপথত চলাচলৰ সময়ত সাৱধানতা অৱলম্বনৰ বাবে আহ্বান জনাইছে । যানবাহনৰ ফ'গ লাইট ব্য়ৱহাৰৰ বাবেও ৰাইজক আহ্বান জনাইছে বতৰ বিভাগে ।

ইফালে ৰাজধানী দিল্লীত অপৰিৱৰ্তিত অৱস্থাত আছে বায়ু প্ৰদূষণৰ মাত্ৰা । দেওবাৰে বায়ু প্ৰদূষণৰ ভয়ংকৰ ৰূপ দেখিবলৈ পোৱা গ'ল চহৰ খনতো । ডাঠ কুঁৱলী আৰু ধূসৰ পুৱাৰ সাক্ষী হ'ল দিল্লীবাসী । যাৰ বাবে চিষ্টেম অব এয়াৰ কোৱালিটি এণ্ড ৱেডাৰ ফৰকাষ্টিং এণ্ড ৰিচাৰ্জ (এছ এ এফ এ আৰ)য়ে দিল্লীৰ বায়ুমণ্ডলৰ সূচাংক "গুৰুতৰ" অৰ্থাৎ এ কিউ আই ৪২৮ বুলি ঘোষণা কৰে । সমান্তৰালকৈ চহতখনৰ প্ৰচণ্ড শীতৰ প্ৰকোপ দেখা গ'ল ।

উল্লেখ যে বায়ুমণ্ডলৰ সূচাংক অৰ্থাৎ এ কিউ আই ০-৫০ থাকিলে বায়ুমণ্ডলৰ অৱস্থা "ভাল" বুলি ধৰা হয় সমান্তৰালকৈ ৫১-১০০ থাকিলে "সন্তোষজনক", ১০১-২০০ থাকিলে " মধ্য়ম " ২০১-৩০০ থাকিলে "বেয়া ", ৩০১-৪০০ থাকিলে "অতি বেয়া" আৰু ৪০১-৫০০ থাকিলে "গুৰুতৰ" বুলি ধৰা হয় ।

লগতে পঢ়ক :সমগ্ৰ দেশতে উপলব্ধ হ'ল ক'ভিড 19ৰ ভেকচিন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.