ETV Bharat / bharat

দিল্লী সংঘৰ্ষঃ গৃহমন্ত্ৰী অমিত শ্বাহৰ পদত্যাগৰ দাবী ছোনিয়া গান্ধীৰ

author img

By

Published : Feb 26, 2020, 9:15 PM IST

দিল্লী সংঘৰ্ষৰ বাবে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ পদত্যাগৰ লগতে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে শান্তি প্ৰচেষ্টাত ব্যৰ্থ হোৱা বুলিও মন্তব্য আগবঢ়ায় কংগ্ৰেছ সভানেত্ৰী ছোনিয়া গান্ধীয়ে ৷ বুধবাৰে কংগ্ৰেছ কাৰ্যনিৰ্বাহক সমিতিৰ বৈঠকৰ পিচত এক সংবাদমেল সম্বোধন কৰি কংগ্ৰেছ সভানেত্ৰীগৰাকীয়ে দিল্লীৰ হিংসাত্মক সংঘৰ্ষৰ আঁৰত এক গভীৰ ৰাজনৈতিক ষড়যন্ত্ৰ লুকাই আছে বুলি উল্লেখ কৰে ৷

Delhi violence: Sonia Gandhi trains guns on Amit Shah by asking for HM's resignation
দিল্লী সংঘৰ্ষঃ গৃহমন্ত্ৰী অমিত শ্বাহৰ পদত্যাগৰ দাবী ছোনিয়া গান্ধীৰ

নেশ্যনেল ডেস্ক, 26 ফেব্ৰুৱাৰীঃ দিল্লীৰ হিংসাত্মক ঘটনাৰ বাবে কংগ্ৰেছ সভানেত্ৰী ছোনিয়া গান্ধীয়ে কেন্দ্ৰীয় আৰু দিল্লী চৰকাৰেই দায়ী বুলি উল্লেখ কৰে ৷ এই সংঘৰ্ষৰ দায়িত্ব স্বীকাৰ কৰি দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহে পদত্যাগ কৰিব লাগে বুলি উল্লেখ কৰে ছোনিয়া গান্ধীয়ে ৷ বুধবাৰে কংগ্ৰেছ কাৰ্যনিৰ্বাহক সমিতিৰ বৈঠকৰ পিচত এক সংবাদমেল সম্বোধন কৰি কংগ্ৰেছ সভানেত্ৰীগৰাকীয়ে দিল্লীৰ হিংসাত্মক সংঘৰ্ষৰ আঁৰত এক গভীৰ ৰাজনৈতিক ষড়যন্ত্ৰ লুকাই আছে বুলি উল্লেখ কৰে ৷ আনহাতে এই ষড়যন্ত্ৰৰ আভাস দিল্লী বিধানসভা নিৰ্বাচনৰ সময়ত কেইবাগৰাকীও বিজেপি নেতাই প্ৰদান কৰা সাম্প্ৰদায়িক বিষবাষ্পৰ ভাষণতেই পোৱা গৈছিল বুলি উল্লেখ কৰে ছোনিয়া গান্ধীয়ে ৷ দিল্লী সংঘৰ্ষৰ বাবে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ পদত্যাগৰ লগতে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে শান্তি প্ৰচেষ্টাত ব্যৰ্থ হোৱা বুলিও মন্তব্য আগবঢ়াই কংগ্ৰেছ সভানেত্ৰীগৰাকীয়ে ৷ ইয়াৰোপৰি এই হিংসাত্মক ঘটনাক লৈ বিজেপি নেতা কপিল মিশ্ৰাই কৰা মন্তব্যকলৈও তেওঁ তীব্ৰ কটাক্ষ কৰে ৷ কংগ্ৰেছ কাৰ্যনিৰ্বাহক সমিতিয়ে দিল্লীৰ এই সংঘৰ্ষৰ বাবে সমাধানৰ বাট প্ৰশস্ত কৰিবলৈ এটা প্ৰস্তাৱ দাখিল কৰিছে আৰু অতি শীঘ্ৰেই এই সন্দৰ্ভত তদন্ত আৰম্ভ কৰি ব্যৱস্থা গ্ৰহণ কৰাৰ বিষয়ে উল্লেখ কৰে ৷

কংগ্ৰেছ কাৰ্যনিৰ্বাহক সমিতিৰ প্ৰস্তাৱ ছোনিয়া গান্ধীয়ে পৰ্যবেক্ষণ কৰি দিল্লীৰ হিংসাজৰ্জৰ অঞ্চলসমূহত নিৰাপত্তাৰক্ষীৰ সংখ্যা বৃদ্ধি কৰি পৰিস্থিতি নিয়ন্ত্ৰণৰ ব্যৱস্থা কৰিব লাগে আৰু প্ৰত্যেক চুবুৰীতে একোখন শান্তি কমিতি গঠনৰ বাবে আহ্বান জনায় ৷ আনহাতে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক হিংসাজৰ্জৰ অঞ্চলসমূহ পৰিদৰ্শন কৰি ৰাইজৰ লগত আলোচনা কৰাৰ বাবে আহ্বান জনায় ছোনিয়া গান্ধীয়ে ৷ উল্লেখ্য যে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দক সাক্ষাৎ কৰাৰ উদ্দেশ্যে কংগ্ৰেছৰ ৰাষ্ট্ৰপতি ভৱনলৈ যাত্ৰা বৃহস্পতিবাৰলৈ স্থগিত ৰখা বুলি উল্লেখ কৰে কংগ্ৰেছ মুখপাত্ৰ ৰণদ্বীপ সুৰ্যেৱালাই ৷

আৰু পঢ়কঃকপিল মিশ্ৰা, অনুৰাগ ঠাকুৰ আৰু প্ৰভেশ বৰ্মাৰ বিৰুদ্ধে গোচৰ ৰুজুৰ নিৰ্দেশনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.