ETV Bharat / bharat

অক্টোবৰ 14-15ত সন্ত্ৰাসবাদ প্ৰতিৰোধী গোট প্ৰধানৰ সন্মিলন

নতুন দিল্লীত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত দেশৰ বিভিন্ন ৰাজ্যৰ আৰক্ষী বিভাগৰ সন্ত্ৰাসবাদ প্ৰতিৰোধী গোটৰ মুৰব্বীসকলৰ সন্মিলন ৷ অহা 14 আৰু 15 অক্টোবৰত দুদিনীয়াকৈ অনুষ্ঠিত হ'বলগীয়া সন্মিলনখনত সম্বোধন কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ৷

author img

By

Published : Oct 7, 2019, 11:24 PM IST

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ

নিউজ ডেস্ক, 7 অক্টোবৰঃ দেশত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ'বলৈ গৈ আছে বিভিন্ন ৰাজ্যৰ শীৰ্ষ আৰক্ষী বিষয়াসকলৰ সন্ত্ৰাসবাদ প্ৰতিৰোধী সন্মিলন ৷ অহা 14 আৰু 15 অক্টোবৰত বিভিন্ন ৰাজ্যৰ আৰক্ষী বিভাগৰ সন্ত্ৰাসবাদ প্ৰতিৰোধী গোটক লৈ কেন্দ্ৰীয়ভাৱে অনুষ্ঠিত হ'ব দেশৰ প্ৰথমখন শীৰ্ষক সন্মিলন ৷

ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চলত অনুষ্ঠিত হ'বলগীয়া সন্মিলনখনত শীৰ্ষ আৰক্ষী বিষয়াসকলে অংশগ্ৰহণ কৰিব ৷ দুদিনীয়াকৈ অনুষ্ঠিত হ'বলগীয়া সন্মিলনখন উদ্বোধন কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ৷ ইয়াৰ উপৰিও সন্মিলনত অংশগ্ৰহণ কৰিব দেশৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত দোভালে ৷

সন্ত্ৰাসবাদ সন্দৰ্ভত ৰাজ্যিক আৰক্ষী বিভাগসমূহে কিদৰে ব্যৱস্থা গ্ৰহণ কৰিব সেই সন্দৰ্ভত বিতং আলোচনাত মিলিত হ'ব আৰক্ষী বিষয়াসকল ৷ প্ৰতিখন ৰাজ্যৰ সন্ত্ৰাসবাদ প্ৰতিৰোধী গোটে নিজৰ নিজৰ সিদ্ধান্তসমূহ আন ৰাজ্যসমূহৰ সৈতে আলোচনা কৰি গ্ৰহণ কৰিব ৷ ইয়াৰ উপৰিও প্ৰত্যেকখন ৰাজ্যৰে চোৰাংচোৱা বিভাগৰ মাজত অন্তৱৰ্তী কৰ্মসূচী, বিশেষকৈ সন্ত্ৰাসবাদ প্ৰতিৰোধী গোটসমূহৰ অন্তৱৰ্তী কাৰ্যকলাপ সন্দৰ্ভত বিশেষ আলোচনা অনুষ্ঠিত হ'ব এই সন্মিলনত ৷

অনুচ্ছেদ 370 প্ৰত্যাহাৰৰ লগতে পোহৰৰ উৎসৱ দিপাৱলীৰ পূৰ্বেই হাই এলাৰ্টত আছে দেশৰ নিৰাপত্তা বাহিনীসমূহকে ধৰি চোৰাংচোৱা এজেন্সীসমূহ ৷ সংবাদ প্ৰতিষ্ঠান ANIত প্ৰকাশিত প্ৰতিবেদন অনুসৰি, ভাৰতীয় চোৰাংচোৱাই ইতিমধ্যেই লাভ কৰিছে সম্ভাব্য সন্ত্ৰাসবাদমুলক কাৰ্যকলাপৰ তথ্য ৷ পাকিস্তানী সেনা আৰু আইএছআইৰ সহায়ত সন্ত্ৰাসবাদী সংগঠন লস্কৰ-ই-তৈবা, হিজবুল মুজাহিদীন আৰু জইচ-ই-মহম্মদে জম্মু-কাশ্মীৰকে ধৰি দেশৰ বিভিন্ন প্ৰান্তত ভয়ংকৰ আক্ৰমণৰ পৰিকল্পনা কৰিছে ৷ চোৰাংচোৱাৰ তথ্যৰ উদ্ধৃতিৰে ৰাজনৈতিক আৰু আৰক্ষীৰ লোকসকলক হত্যা কৰিবলৈ কিছুদিন পূৰ্বেই পুলৱামা জিলাৰ এক অজ্ঞাত স্থানত এইসকল সন্ত্ৰাসবাদীয়ে আলোচনাত মিলিত হোৱাৰ কথা প্ৰকাশ কৰিছে সংবাদ প্ৰতিষ্ঠানটোৱে ৷

উল্লেখ্য যে, 2008 চনৰ মুম্বাই সন্ত্ৰাসবাদী আক্ৰমণৰ পিচতে কেন্দ্ৰীয় গৃহমন্ত্ৰালয়ৰ নিৰ্দেশত প্ৰতিখন ৰাজ্যই গঠন কৰিছিল সন্ত্ৰাসবাদ প্ৰতিৰোধী গোট ৷ সন্ত্ৰাসবাদ বিৰোধী বিশেষ বাহিনীটোৰ গঠনৰ পিচতে এয়া হৈছে সৰ্বভাৰতীয় পৰ্যায়ত অনুষ্ঠিত হ'বলগীয়া আলোচনাচক্ৰ ৷

Intro:Body:

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.