ETV Bharat / bharat

দিল্লীত কৰ'ণা আতংক : ৪৯,৯৭৯ গৰাকীলৈ বৃদ্ধি আক্ৰান্তৰ সংখ্যা

ৰাজধানী দিল্লীত বৃহস্পতিবাৰে মহামাৰী COVID-19 ত নতুনকৈ আক্ৰান্ত হয় ২,৮৭৭ গৰাকী । যাৰ পৰিপ্ৰেক্ষিতত ৰাজধানীখনত মুঠ কৰ'ণা আক্ৰান্তৰ সংখ্যা ৪৯,৯৭৯ গৰাকীলৈ বৃদ্ধি পাই বুলি সদৰি কৰে স্বাস্থ্য বিভাগে । আনহাতে, ভাইৰাছত আক্ৰান্ত হৈ ১,৯৬৯ গৰাকী লোকৰ মৃত্যু হয় বুলিও উল্লেখ কৰে ।

COVID-19
দিল্লীত কৰ'ণা আতংক, ৪৯,৯৭৯ গৰাকীলৈ বৃদ্ধি ৰোগীৰ সংখ্যা
author img

By

Published : Jun 19, 2020, 9:13 AM IST

নিউজ ডেস্ক, ১৯ জুনঃ দেশৰ ৰাজধানী দিল্লীত বৰ্তমান পৰ্যন্ত মহামাৰী কৰ'ণাত আক্ৰান্ত হৈছে ৪৯,৯৭৯ গৰাকীৰো অধিক লোক । বৃহস্পতিবাৰে দিল্লীত ২,৮৭৭ গৰাকীকৈ ব্যক্তিৰ দেহত নতুনকৈ লাভ কৰা হৈছে মহামাৰী কৰ'ণাৰ অৱস্থিতি । আনহাতে, আৰোগ্য হৈছে ২৩,৩৪১ গৰাকী ৷

COVID-19
দিল্লীত কৰ'ণা আতংক, ৪৯,৯৭৯ গৰাকীলৈ বৃদ্ধি ৰোগীৰ সংখ্যা

তাৰোপৰি, বিগত ২৪ ঘণ্টাত দিল্লীত COVID-19 ত আক্ৰান্ত হৈ মৃ্ত্যু হৈছে ৬৫ গৰাকী লোক । যাৰ পৰিপ্ৰেক্ষিতত বৰ্তমালৈকে ১৯,৬৯ গৰাকী লোকৰ মৃত্যু হয় বুলি সদৰি কৰে দিল্লীৰ স্বাস্থ্য বিভাগে ।

ৰাজধানী দিল্লীত ৩,২১,৩০২ গৰাকী লোকৰ ইতিমধ্যে COVID-19 পৰীক্ষা কৰা হৈছে । যাৰ ভিতৰত বৃহস্পতিবাৰৰ দিনটোত ৮,৭২৬ গৰাকীৰ পৰীক্ষা কৰা হয় বুলি সদৰি কৰে স্বাস্থ্য বিভাগে ।

আনহাতে, দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিছোদিয়াই টুইটযোগে প্ৰকাশ কৰে যে, দিল্লী চৰকাৰে বৃহস্পতিবাৰে ১৯৩ টা কোৱাৰেণ্টাইন কেন্দ্ৰত ৰেপিড এণ্টিজন পদ্ধতিৰ জৰিয়তে COVID-19 ৰ পৰীক্ষা কৰিবলৈ আৰম্ভ কৰিছে । ইতিমধ্যে এই পদ্ধতিৰ জৰিয়তে ৭,০৪০ গৰাকী লোকৰ পৰীক্ষা কৰা হৈছে । যাৰ ভিতৰত ৪৫৬ গৰাকী লোক মহামাৰী COVID-19 ত আক্ৰান্ত বুলিও চিনাক্ত কৰে । লগতে ৰেপিড এণ্টিজন পদ্ধতিৰে কনটেণ্টমেইন জ'নতো পৰীক্ষা কৰা হ'ব বুলি সদৰি কৰে উপ-মুখ্যমন্ত্ৰী গৰাকীয়ে ।

দিল্লী চৰকাৰে COVID-19ৰ পৰীক্ষা কৰা এই টেষ্ট কিট তথা ৰেপিড এণ্টিজন পদ্ধতিৰ মূল্য ২,৪০০ টকা নিৰ্ধাৰণ কৰিছে বুলিও জানিবলৈ দিয়ে ।

লগতে পঢ়ক : চীনা আক্ৰমণকাৰীক যোগ্য প্ৰত্যুত্তৰ দিবলৈ চৰকাৰক আহ্বান গৌৰৱ গগৈৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.