ETV Bharat / bharat

প্ৰতিদিনাই ৰাজধানীত 15 গৰাকী শিশু নিৰুদ্দেশ হয়: আৰক্ষী - অপৰাধ শাখা

দিল্লী আৰক্ষীয়ে প্ৰকাশ কৰিছে এক শিহৰণকাৰী তথ্য ৷ দেশৰ ভিতৰতে ৰাজধানী দিল্লীত প্ৰতিদিনাই 12 ৰ পৰা 15 গৰাকী শিশু অপহৰণ হয় ৷ দিল্লী আৰক্ষীৰ অপৰাধ শাখা আৰু প্ৰতিখন আৰক্ষী থানাত মানৱ সৰবৰাহ বিভাগ থকাৰ পিচতো নিৰুদ্দেশ হোৱা শিশুৰ ভিতৰত 60-70 শতাংশ শিশুকহে উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷

Delhi police with human trafficking unit to search missing children in Delhi
প্ৰতিদিনাই ৰাজধানীত 15 গৰাকী শিশু নিৰুদ্দেশ হয়: আৰক্ষী
author img

By

Published : Dec 26, 2020, 7:10 PM IST

নিউজ ডেস্ক, 26 ডিচেম্বৰ : দেশত ক'ভিড-19 ৰ ত্ৰাস অব্যাহত থকাৰ মাজতে দিল্লী আৰক্ষীয়ে প্ৰকাশ কৰিছে এক শিহৰণকাৰী তথ্য ৷ দেশৰ ভিতৰতে ৰাজধানী দিল্লীত প্ৰতিদিনাই 12 ৰ পৰা 15 গৰাকী শিশু নিৰুদ্দেশ হয় ৷ দিল্লী আৰক্ষীৰ অপৰাধ শাখা আৰু প্ৰতিখন আৰক্ষী থানাত মানৱ সৰবৰাহ বিভাগ থকাৰ পিচতো নিৰুদ্দেশ হোৱা শিশুৰ ভিতৰত 60-70 শতাংশ শিশুকহে উদ্ধাৰ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে ৷

সূত্ৰই প্ৰকাশিত তথ্য অনুসৰি, নিৰুদ্দেশ হোৱা শিশুৰ ভিতৰত সৰহ সংখ্যক শিশু অমন বিহাৰ, প্ৰেম নগৰ, আগৰ নগৰৰ ৷ উক্ত অঞ্চলৰ স্থানীয় লোকে জনোৱা অনুসৰি, প্ৰতিদিনে উক্ত অঞ্চলৰ অতি কমেও এজন শিশু নিৰুদ্দেশ হয় ৷

Delhi police with human trafficking unit to search missing children in Delhi
প্ৰতিদিনাই ৰাজধানীত 15 গৰাকী শিশু নিৰুদ্দেশ হয়: আৰক্ষী

চাইফুদ্দিন নামৰ এজন স্থানীয় লোকে জনোৱা অনুসৰি, নিৰুদ্দেশ হোৱাৰ পিচত শিশুটিৰ পৰিয়ালৰ লোকে মছজিদত ৰাজহুৱাকৈ ঘোষণা কৰে ৷ তাৰ পিচতো যদি শিশুটিৰ সন্ধান পোৱা নায়ায় তেতিয়া আৰক্ষী থানাত গোচৰ ৰুজু কৰা হয় ৷

লগতে পঢ়ক : হাগ্ৰামা মহিলাৰীয়ে হৰ্চ ট্ৰেডিঙৰ চেষ্টা চলাইছিলঃ ইউপিপিএল

বিগত বৰ্ষত নিৰুদ্দেশ হোৱা শিশুৰ তথ্যঃ

2019 বৰ্ষৰ অক্টোবৰত নাছৰিন নামৰ এজন ব্যক্তিৰ 10 বছৰীয়া শিশুটি খেলিবলৈ যোৱাৰ পৰাই নিৰুদ্দেশ হৈ আছে ৷ পৰৱৰ্তী সময়ত পিতৃ-মাতৃয়ে আৰক্ষী থানাত গোচৰ ৰুজু কৰিছিল যদিও বৰ্তমানলৈ কোনো ধৰণৰ সম্ভেদ পোৱা নায় ৷

ইফালে, নাছৰিন নামৰ লোকজনৰ অভিযোগ অনুসৰি, আৰক্ষীয়েও তদন্তৰ নামত কেৱল দায়িত্ব পালন কৰিছে ৷ আৰক্ষীয়ে সঠিকভাৱে তদন্ত নকৰা বুলি অভিযোগ তুলিছে ভুক্তভোগী পিতৃজনে ৷

বিগত তিনি বছৰৰ পৰা নিৰুদ্দেশঃ

অমন বিহাৰৰ ৰখীনা খাতুন নামৰ এগৰাকী মহিলাই জনোৱা অনুসৰি, 2017 চনৰ 17 ফ্ৰেব্ৰুৱাৰীৰ পৰা তেওঁলোকৰ সন্তান নিৰুদ্দেশ হৈ আছে ৷ দুপৰীয়াৰ ভাগত খেলিবলৈ বাহিৰলৈ ওলাই যোৱাৰ পৰা শিশুটিৰ কোনো সম্ভেদ পোৱা নায় পৰিয়ালৰ লোকে ৷ আনকি, নিৰুদ্দেশ হোৱাৰ পিচতে পিতৃ-মাতৃয়ে দিল্লীৰ সকলো শিশু আশ্ৰয় গৃহ, শিশু গৃহ আদিত বিচাৰিছে যদিও কোনো ধৰণৰ সম্ভেদ পোৱা নায় বুলি জনাই পিতৃ-মাতৃয়ে ৷ আৰক্ষী থানাত নিৰুদ্দেশ সন্দৰ্ভত গোচৰ ৰুজু কৰিছে যদিও বিগত 3 বছৰে কোনো ধৰণৰ সম্ভেদ দিব নোৱাৰাৰ বাবে আৰক্ষীৰ তদন্তত অসন্তুষ্ট পিতৃ-মাতৃ ৷

লগতে পঢ়ক : বিলাসীপাৰাত সংঘটিত ভয়ংকৰ অগ্নিকাণ্ড

এই সকলো ঘটনা সন্দৰ্ভত সদৰ জিলাৰ ডি চি পি সঞ্জয় ভাটিয়াই কয় যে, আৰক্ষীয়ে নিৰুদ্দেশ হোৱা শিশুক উদ্ধাৰ কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে ৷ আমি ঘটনাৰ সবিশেষ তথ্য লাভ কৰি তদন্ত আৰম্ভ কৰিছো ৷ আনকি, দিল্লী আৰক্ষীৰ আয়ুক্ত এস এন শ্ৰীবাস্তৱে নিজেই নিৰুদ্দেশ হোৱা শিশুবোৰক উদ্ধাৰ কৰিবলৈ প্ৰচেষ্টা অব্যাহত ৰাখিছে ৷

আৰক্ষী আয়ুক্ত গৰাকীয়ে কোনো বিষয়াই যদি নিৰুদ্দেশ হোৱা শিশুক উদ্ধাৰ কৰিব পাৰে তেতিয়াহলে চাকৰিৰ পদোন্নতিৰ কথা ঘোষণা কৰিছে ৷

উল্লেখ্য যে, 2020 বৰ্ষত অপৰাধ শাখাৰ তথ্য অনুসৰি, 1200 গৰাকী শিশু নিৰুদ্দেশ হৈছে ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.