নিউজ ডেস্ক, 4 ফেব্ৰুৱাৰী : পৰিৱেশবিদ গ্ৰেটা থানবাৰ্গৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিলে দিল্লী আৰক্ষীয়ে ৷ কেন্দ্ৰৰ কৃষি আইনৰ বিৰুদ্ধে কৃষকক উচটনি দিয়াৰ অভিযোগতে দিল্লী আৰক্ষীয়ে গ্ৰেটাৰ বিৰুদ্ধে ৰুজু কৰিলে গোচৰ ৷
মঙলবাৰে নতুন দিল্লীৰ কৃষক প্ৰতিবাদৰ সমৰ্থনত টুইট কৰিছিল গ্ৰেটা থানবাৰ্গে ৷ ইয়াৰ লগতে টুইটটোত প্ৰতিবাদৰ সকলো তথ্য সামৰি কিদৰে চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰিব লাগে তাৰ সম্পৰ্কত এখন ডকুমেন্ট টুইটটোৰ লগতে গাঁঠি দিছিল থানবাৰ্গে ৷ কিন্তু পৰৱৰ্তী সময়ত টুইটটো মচি দিছিল টুইটাৰ কৰ্তৃপক্ষই ৷
দৰাচলতে ভাৰত চৰকাৰৰ বিৰুদ্ধে এইদৰে ষড়যন্ত্ৰত লিপ্ত হোৱাৰ লগতে দিল্লী কৃষক প্ৰতিবাদ হিংসাত্মক কৰি তুলিবলৈ উৎসাহ প্ৰদান কৰিছিল থানবাৰ্গে ৷ যাৰ বাবে অৱশেষত এইদৰে গোচৰ ৰুজু কৰে দিল্লী আৰক্ষীয়ে ৷
লগতে পঢ়ক : মানাহ ৰাষ্ট্ৰীয় উদ্যানত পৰ্যটকৰ বাবে চাইক্লিং ব্যৱস্থাৰ সংযোগ