ETV Bharat / bharat

৪৬ গৰাকী বিদেশী নাগৰিকৰ বিৰুদ্ধে দিল্লী আৰক্ষীৰ চাৰ্জশ্বীট দাখিল - Delhi

ভিছা নিয়ম ভংগ কৰা,চৰকাৰী নিৰ্দেশনা উলংঘা,মহামাৰী ৰোগ আইনৰ নীতি-নিয়ম ভংগ আৰু দুৰ্যোগ ব্যৱস্থাপনা আইন উলংঘা কৰাৰ অপৰাধত ৪৬ গৰাকী বিদেশী নাগৰিকৰ বিৰুদ্ধে দিল্লী আৰক্ষীয়ে দাখিল কৰে চাৰ্জশ্বীট ।

দিল্লী আৰক্ষী
Delhi Police files 12 charge sheets against 46 foreign nationals in Tablighi Jamaat case
author img

By

Published : Jun 19, 2020, 4:45 PM IST

নিউজ ডেস্ক, ১৯ জুনঃ দিল্লী আৰক্ষীৰ অপৰাধ শাখাই শুকুৰবাৰে ৪৬ গৰাকী বিদেশী নাগৰিকৰ বিৰুদ্ধে দাখিল কৰে ১২ খন চাৰ্জশ্বীট। ৰাজধানী চহৰখনত নিজামুদ্দিন অঞ্চলত অনুষ্ঠিত মাৰ্কাজ টবলিগী জামাতৰ ঘটনাত জড়িত থকাৰ অভিযোগত বিদেশী নাগৰিক কেইজনৰ বিৰুদ্ধে দিল্লী আৰক্ষীয়ে চাৰ্জশ্বীট দাখিল কৰে।

বিদেশী নাগৰিককেইজনে টবলিগী জামাতত অংশগ্ৰহণৰ পাছতে সমগ্ৰ দেশজুৰি কোভিড-১৯ সংক্ৰমিত হোৱাৰ মূল কেন্দ্ৰ হিচাপে চিহ্ণিত হৈছিল দিল্লীৰ নিজামুদ্দিন অঞ্চল। আৰক্ষী সূত্ৰই প্ৰকাশ কৰা অনুসৰি,১২ খন বেলেগ বেলেগ ৰাষ্ট্ৰৰ এই বিদেশী নাগৰিক কেইজনে ভিছা নিয়ম ভংগ কৰা,চৰকাৰী নিৰ্দেশনা উলংঘা,মহামাৰী ৰোগ আইনৰ নীতি-নিয়ম ভংগ আৰু দুৰ্যোগ ব্যৱস্থাপনা আইন উলংঘা কৰাৰ অপৰাধত চাৰ্জশ্বীট দাখিল কৰা হয়।

Delhi Police files 12 charge sheets against 46 foreign nationals in Tablighi Jamaat case
টবলিগী জামাতৰ ঘটনাত জড়িত থকাৰ অভিযোগত ৪৬ গৰাকী বিদেশী নাগৰিকৰ বিৰুদ্ধে দিল্লীৰ আৰক্ষীৰ চাৰ্জশ্বীট দাখিল

ইতিমধ্যে,দিল্লীৰ এখন আদালতত ৯১৫ গৰাকী বিদেশী নাগৰিকৰ বিৰুদ্ধে ৪৭ খন চাৰ্জশ্বীট দাখিল কৰিছে দিল্লী আৰক্ষীৰ অপৰাধ শাখাই। এই ৯১৫ গৰাকী বিদেশী নাগৰিক ৩৫ খন বেলেগ বেলেগ ৰাষ্ট্ৰৰ বুলি জানিব পৰা গৈছে। কিন্তু বৰ্তমানলৈকে ইয়াৰে এজন লোককো গ্ৰেপ্তাৰ কৰা হোৱা নাই বুলি দিল্লী আৰক্ষীয়ে জানিবলৈ দিয়ে।

লগতে চাওকঃ চেলেংহাটত পুখুৰীৰ পৰা উদ্ধাৰ মহিলাৰ মৃতদেহ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.