ETV Bharat / bharat

দিল্লীৰ এজন লোকে 50 দিন ধৰি গাড়ীৰ ভিতৰতেই কটাইছে জীৱন - কৰ'ণা ভাইৰাছ

ছাহনাৱাজ নামৰ লোক জনক ভনী জোৱায়েকে বাহিৰ কৰি দিছিল ঘৰৰ পৰা । কৰ'ণা ভাইৰাছ সংক্ৰমণৰ ভয়ত তেওঁৰ পৰিয়ালেও ঘৰলৈ যাবলৈ দিয়া নাছিল । সেয়ে বিগত 50 দিন ধৰি তেওঁ গাড়ী এখনৰ ভিতৰতে জীৱন কটাইছে ।

দিল্লীৰ এজন লোকে 50 দিন ধৰি গাড়ীৰ ভিতৰতেই কটাইছে জীৱন

author img

By

Published : May 16, 2020, 1:17 PM IST

নতুন দিল্লী, 16 মে': উত্তৰ-পূৱ দিল্লীৰ ছিলামপুৰ অঞ্চলত এজন ব্যক্তিয়ে লক ডাউনৰ সময়চোৱাত 50 দিন ধৰি জীৱন কটাইছে এখন গাড়ীৰ ভিতৰত ।

ছাহনাৱাজ নামৰ লোক জনক ভনী জোৱায়েকে ঘৰৰ পৰা উলিয়াই দিয়ে । তাৰ পিচতে তেওঁ গাড়ীৰ ভিতৰতে থকাৰ সিন্ধান্ত লয় । এই সময়চোৱাত লক ডাউনৰ বাবে তেওঁক সহায় কৰিবলৈ কোনো নাছিল ।

লোক জনৰ ঘৰ বিনজৰত আৰু তেওঁ গাড়ী চালক হিচাপে কৰ্মৰত । তেওঁক যাতে ঈদৰ আগত পৰিয়ালৰ কাষত যাবলৈ চৰকাৰে সুবিধা কৰি দিয়ে তাৰ বাবে চৰকাৰৰ ওচৰত তেওঁ আহ্বান জনায় ।

ব্যক্তিজন তেওঁ বিয়া দিয়া ভনীয়েকৰ ঘৰত থাকে । কিন্তু কোনো কথাত বিবাদৰ সৃষ্টি হোৱাত ভনী জোৱায়েকে তেওঁক ঘৰৰ পৰা বাহিৰ হৈ যাবলৈ কয় । আনহাতে আন সম্পৰ্কীয় লোকেও কৰ'ণা ভাইৰাছ সংক্ৰমণৰ ভয়ত তেওঁক নাযাবলৈ কয় । সেয়ে তেওঁ গাড়ীত থকাৰ সিদ্ধান্ত লয় ।

ইপিনে ৰমজান মাহ চলি থকাত তেওঁ ব্ৰত ৰাখিছে আৰু কাষৰীয়া লোকে তেওঁক খাদ্য দিলে ইফটাৰ আৰু শ্বেহৰী যোগান হয় ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.