নিউজ ডেস্ক, ১৯ জুনঃ দিল্লীৰ স্বাস্থ্যমন্ত্ৰী সৈতেন্দ্ৰ জৈনৰ শৰীৰত ধৰা পৰিছে কোভিড-১৯ৰ উপস্থিতি। সম্প্ৰতি ৰাজধানী চহৰখনৰ চকেট হাস্পতালত চিকিত্সাধীন হৈ আছে স্বাস্থ্যমন্ত্ৰীগৰাকী। সেয়ে তেখেতৰ শীঘ্ৰে সুস্বাস্থ্যৰ কামনা কৰি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছে দিল্লীৰ লেফটেনেণ্ট গৱৰ্ণৰ অনিল বাইজালে।
![Delhi LG prays for speedy recovery of Satyendar Jain](https://etvbharatimages.akamaized.net/etvbharat/prod-images/07:42:21:1592575941_delhi-lg_m7j5wy71592572004460-54_1906email_1592572015_379.jpg)
দিল্লীৰ লেফটেনেণ্ট গৱৰ্ণৰগৰাকীয়ে টুইটাৰযোগে সৈতেন্দ্ৰ জৈনে শীঘ্ৰে আৰোগ্য লাভ কৰাৰ লগতে সুস্বাস্থ্যৰ কামনা কৰে। স্বাস্থ্যমন্ত্ৰীগৰাকীৰ স্বাস্থ্যৰ অধিক অৱণতি ঘটাৰ লগতে, উশাহ-নিশাহত কষ্ট পোৱাৰ বাবে অক্সিজেন দি ৰখা হৈছে। বিশেষ সূত্ৰৰ পৰা লাভ কৰা তথ্য অনুসৰি সৈতেন্দ্ৰ জৈনক প্লাজমা থেৰাপি (Plasma therapy) দিয়াৰ সম্ভাৱনা আছে।
সূত্ৰৰ পৰা লাভ কৰা খৱৰ অনুসৰি, নিম'নিয়াতো আক্ৰান্ত হৈ আছে স্বাস্থ্যমন্ত্ৰী সৈতেন্দ্ৰ জৈন। সেয়ে চিকিত্সকে তেখেতক 'অন এণ্ড অফ অক্সিজেন চাপোৰ্ট' (On end of oxygen support)ত ৰাখিছে। তেখেতে কোভিড-১৯ ত আক্ৰান্ত হোৱা খৱৰ লাভ কৰাৰ পাছতে গৃহমন্ত্ৰী অমিত শ্বাহেও তেখেতৰ সুস্বাস্থ্যৰ কামনা কৰি টুইট কৰে।
লগতে চাওকঃ শিৱসাগৰত জিলা পৰিষদৰ মুখ্য কাৰ্যবাহীৰ গাদীক লৈ শীতল যুদ্ধ !