নিউজ ডেস্ক, ১৬ জুনঃ কোভিড-১৯ পৰীক্ষাৰ ফলাফল নিগেটিভ পোৱা গৈছে দিল্লীৰ স্বাস্থ্য মন্ত্ৰী সৈতেন্দ্ৰ জৈনৰ। বিগত কেইবাদিন ধৰি জ্বৰ আৰু উশাহ-নিশাহৰ অসুবিধাত ভুগি আছিল স্বাস্থ্য মন্ত্ৰীগৰাকী। যাৰ বাবে তেখেতৰ কোভিড-১৯ পৰীক্ষা কৰা হয়।

কোভিড-১৯ৰ এই সংকটৰ সময়তে সোমবাৰৰ পৰা দিল্লীৰ ৰাজীৱ গান্ধী চুপাৰ স্পেচিয়েলিটী হাস্পতালত চিকিৎসাধীন হৈ আছে মন্ত্ৰীগৰাকী। বেছিকৈ জ্বৰ উঠা বাবে অক্সিজেনৰ মাত্ৰা কমি যোৱাত সোমবাৰে নিশা হাস্পতালত ভৰ্তি কৰোৱা হৈছিল সৈতেন্দ্ৰ জৈনক।
উল্লেখ্য যে,ৰাজধানী চহৰখনত এইপৰ্যন্ত ৪২,৮২৯ গৰাকীলৈ বৃদ্ধি পাইছে কোভিড-১৯ আক্ৰান্ত লোকৰ সংখ্যা। স্বাস্থ্য বিভাগৰ তথ্য অনুসৰি এইপৰ্যন্ত এই মহামাৰীত মৃত্যু মুখত পৰিছে ১৪০০ গৰাকী ৰোগী।
লগতে চাওকঃ মহানগৰীৰৰ 12 টা স্থানত মুকলি কোভিড 19ৰ বাবে স্বাৱ টেষ্ট কেন্দ্ৰ