নিউজ ডেস্ক, ১৯ জুন : কোভিড-১৯ৰ সন্ত্ৰাসৰ মাজতে বৃহস্পতিবাৰে দিল্লী উচ্চ ন্যায়ালয়ে বাৰ কাউন্সিলৰ অধীনৰ ২৯০৯৮ জন অধিবক্তাৰ জীৱন বীমা কৰিবলৈ তৎকালীনভাবে কৰিবলৈ দিল্লী চৰকাৰক নিৰ্দেশ প্ৰদান কৰে ।
![delhi-hc-directs-kejriwal-govt-to-take-steps-for-immediate-procurement-of-insurance-for-29098-advocates](https://etvbharatimages.akamaized.net/etvbharat/prod-images/03:22:38:1592560358_7680032_dc.jpg)
ন্যায়মূৰ্তি প্ৰতিভা এম সিংয়ে দিল্লী চৰকাৰৰ বীমা কোম্পানীসমূহৰ পৰা জাননী বিচাৰি নিৰ্দেশ প্ৰদান কৰিছে । ২৯০৯৮ জন অধিবক্তাৰ স্বাস্থ্য বীমা কৰিবলৈ নিৰ্দেশ প্ৰদান কৰে । বাৰ কাউন্সিল অফ দিল্লীৰ অধ্যক্ষ কে সি মিত্তলে আদালতত কৰা আবেদনৰ ভিত্তিত মুখ্যমন্ত্ৰী Advocate Welfare Scheme ৰ ভিত্তিত বীমা পলিচি কৰাৰ নিৰ্দেশ প্ৰদান কৰিছে ।
জানিব পৰা মতে,মুখ্যমন্ত্ৰী অধিবক্তা কল্যাণ আঁচনিৰ অধীনত দিল্লী চৰকাৰে অধিবক্তাৰ বাবে ৫০ কোটি টকাৰ বাজেট ধায্য কৰিছিল । আৰু এই আঁচনিৰ অধীনত ২০১৯ চনৰ ১৮ ডিচেম্বৰত অধিবক্তা সকলক সহায় কৰাৰ বাবে কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰিছিল । এই আঁচনিৰ অধীনত অধিবক্তা সকলে ১৫ লাখ টকাৰ বীমা পলিচি লাভ কৰিব ।
লগতে পঢ়ক : বিহাৰৰ চক ফাটেহ গাঁৱত অন্তিম সৎকাৰ সেনা জয় কিশোৰৰ