ETV Bharat / bharat

ব্য়ক্তিগত নাৰ্ছিং হোমৰ ক্ষেত্ৰত কি নিয়ম উঠাই ল'লে দিল্লী চৰকাৰে ?

author img

By

Published : Jun 15, 2020, 2:02 PM IST

ৰাজধানী দিল্লীৰ সকলো নাৰ্ছিং হোমত ১০ ৰ পৰা ৪৯ খন বিছনাৰে COVID-19কেন্দ্ৰ হিচাপে গঢ়ি তুলিবলৈ দিয়া নিৰ্দেশ সোমবাৰে উঠাই লয় দিল্লী চৰকাৰে । দিল্লীত মহামাৰী COVID-19ত আক্ৰান্ত সংখ্যাৰ বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি তথা COVID-19 ত আক্ৰান্ত ৰোগীৰ লগত অন্য বেমাৰত আক্ৰান্ত ৰোগীৰ সংস্পৰ্শত নাহিবলৈ এই নিৰ্দেশ দিছিল বুলি সদৰি কৰে ।

দিল্লী
দিল্লীৰ সকলো নাৰ্ছিং হোম COVID-19ৰ কেন্দ্ৰ হিচাপে গঢ়াৰ নিৰ্দেশ উঠাই ল'লে দিল্লী চৰকাৰে

নিউজ ডেস্ক, ১৫ জুনঃ দিল্লীস্থিত সকলো নাৰ্ছিং হোমত ১০ ৰ পৰা ৪৯ খন বিছনাৰে মহামাৰী COVID-19কেন্দ্ৰ হিচাপে গঢ়ি তুলিবলৈ দিল্লী চৰকাৰে দিয়া নিৰ্দেশ সোমবাৰে উঠাই লয় দিল্লী চৰকাৰে ।

বিভাগীয় কৰ্তৃপক্ষৰ নিৰ্দেশ অনুসৰি, ২০১১ চনৰ নিয়ম ১৪ সংলগ্ন অনুসূচীৰ ১৪.১ ধাৰাৰ অধীনত দিল্লী নাৰ্ছিং হোম ৰেজিষ্টাৰৰ নীতি-নিয়ম অনুসৰি সকলো নাৰ্ছিং হোম ১০ ৰ পৰা ৪৯ খন বিছনাযুক্ত কৰিবলৈ নিৰ্দেশ দিয়ে ।

ৰাজধানী দিল্লীত মহামাৰী COVID-19ত আক্ৰান্ত সংখ্যাৰ বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি তথা COVID-19ত আক্ৰান্ত ৰোগীৰ লগতে অন্য বেমাৰত আক্ৰান্ত ৰোগীৰ সংস্পৰ্শত নাহিবলৈ দিল্লী চৰকাৰে দিল্লীস্থিত সকলো নাৰ্ছিং হোমত ১০ ৰ পৰা ৪৯ খন বিছনাযুক্ত কৰিবলৈ নিৰ্দেশ দিছিল । কিন্তু সোমবাৰে এই নিৰ্দেশ উঠাই লয় দিল্লী চৰকাৰে ।

আনহাতে, দিল্লী চৰকাৰৰ স্বাস্থ্য বিভাগৰ তথ্য অনুসৰি দিল্লীত দেওবাৰে মুঠ ২,২২৪ জন ব্যক্তিৰ দেহত নতুনকৈ কৰ'ণাৰ উপস্থিতি লাভ কৰে । যাৰ পৰিপ্ৰেক্ষিতত দিল্লীত বৰ্তমান পৰ্যন্ত মুঠ ৪১,১৮২ জন আক্ৰান্ত হোৱাৰ উপৰিও ১৫,৮২৩ জন আৰোগ্য হোৱাৰ উপৰিও ১,৩২৩ জন লোক ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু হয় ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.