নিউজ ডেস্ক, ৭ জুনঃ নতুন দিল্লীত কোভিড-19ত আক্ৰান্ত হৈছে দুৰ্যোগ প্ৰশমন বিভাগৰ এগৰাকী কৰ্মচাৰী । ৰাজধানী চহৰখনত কোভিড-19 প্ৰতিৰোধৰ বাবে যিটো বিভাগক এই দায়িত্ব অৰ্পন কৰা হৈছিল, সেই বিভাগৰে এজন ব্যক্তিৰ দেহত ধৰা পৰিছে কোভিড-19ৰ উপস্থিতি ।
জানিব পৰা মতে, দিল্লী দুৰ্যোগ প্ৰশমন বিভাগৰ যিজন কৰ্মচাৰীৰ কৰ'ণা পজিটিভ পোৱা গৈছে তেখেতে কিছুদিন পূৰ্বে তেখেতৰ জন্মদিন পালন কৰিছিল । তেওঁৰ জন্মদিনৰ পাৰ্টীৰ উপস্থিত আছিল কেইবাগৰাকী লোক । ইতিমধ্যে কৰ্মচাৰীজনৰ সম্পৰ্কত অহা লোকসকলৰ সন্দৰ্ভত বিভাগীয় কৰ্তৃপক্ষই অনুসন্ধান আৰম্ভ কৰিছে ।