ETV Bharat / bharat

চিকিৎসকৰ আত্মহত্যা কাণ্ড : জাৰৱালৰ জামিন নাকচ দিল্লী ন্যায়ালয়ৰ

author img

By

Published : May 29, 2020, 9:41 AM IST

চিকিৎসক এজনৰ আত্মহত্যাৰ ঘটনাত অভিযুক্ত হৈ গ্ৰেপ্তাৰ হোৱা আম আদমী পাৰ্টীৰ বিধায়ক প্ৰকাশ জাৰৱালৰ জামিন নাকচ দিল্লী ন্যায়ালয়ৰ । বৃহস্পতিবাৰে জামিন আবেদন নাকচ কৰে দিল্লী ন্যায়ালয়ে ।

Delhi court denies bail to AAP MLA Prakash Jarwal in doctor's suicide case

নতুন দিল্লী, 29 মে': বৃহস্পতিবাৰে দিল্লী ন্যায়ালয়ৰ এক গুৰুত্বপূৰ্ণ ৰায়দান । ৰাজধানী চহৰত এগৰাকী চিকিৎসকৰ আত্মহত্যাৰ ঘটনাত গ্ৰেপ্তাৰ হোৱা আম আদমী পাৰ্টীৰ বিধায়ক প্ৰকাশ জাৰৱালৰ জামিন আবেদন নাকচ দিল্লী ন্য়ায়ালয়ৰ । যোৱা মাহত চাউথ দিল্লীত আত্মহত্য়া কৰিছিল চিকিৎসকজনে । ন্যায়ালয়ৰ বিশেষ ন্য়ায়াধীশ অজয় কুমাৰ কুহাৰে বিধায়কগৰাকীৰ জামিন আবেদন খাৰিজ কৰি জামিনৰ মঞ্চটো উপযুক্ত নহয় বুলি উল্লেখ কৰে ।

নেতাগৰাকীৰ জামিনৰ দাবী কৰি জ্যেষ্ঠ অধিবক্তা হৰিহৰণে ন্যায়ালয়ত কয় যে, মৃতকৰ আত্মহত্যাৰ টোকাত বিভিন্ন লেখ আছিল । এই ঘটনাত কথিত ৰূপত বিধায়ক জাৰৱাল নামত কোনো অবৈধ সম্পত্তি লাভ কৰা হোৱা নাই । লগতে অভিযুক্ত এজন স্থায়ী বিধায়ক গতিকে তেওঁ পলায়ন কৰিব এনে আশংকা নাই বুলি যুক্তি দৰ্শোৱা হৈছিল । আনহাতে জামিনৰ বিৰোধীতা কৰি ৰাজহুৱা অধিবক্তা মনীষ ৰাৱতে কয় বিধায়কৰ ওপৰত থকা অভিযোগ সমূহ গুৰুতৰ আৰু এতিয়াও তদন্ত প্ৰক্ৰিয়া বিচাৰাধীন । অৱশ্য়ে জামিন আবেদনত বিধায়কগৰাকীৰ ওপৰত থকা সকলোবোৰ অভিযোগ মিছা আৰু ষড়যন্ত্ৰমূলক বুলিও উল্লেখ কৰা হৈছিল । কিন্তু সকলো বোৰ দিশ চালি জাৰি চাই দিল্লী ন্য়ায়ালয়ে অভিযুক্ত বিধায়কগৰাকীৰ জামিন আবেদন নাকচ কৰে ।

উল্লেখ্য় যে, 52 বছৰীয়া ৰাজেন্দ্ৰ সিং নামৰ চিকিৎসক জনে দুৰ্গা বিহাৰ চাউথ দিল্লীত যোৱা ১৮ এপ্ৰিলত আত্মহত্য়া কৰিছিল । আনহাতে লিখি যোৱা আত্মহত্য়াৰ টোকাত মৃত্যুৰ বাবে দায়ী বিধায়ক জাৰৱাল বুলি উল্লেখ কৰি গৈছিল ।

বিধায়ক জাৰৱাল দিল্লী জল ব'ৰ্ডৰ সৈতে ২০০৭ চনৰ পৰা পানী যোগান ব্যৱসায়ত জড়িত আহিছিল । আৰক্ষীয়ে অভিযোগ উত্থাপন কৰিছে যে, বিধায়ক জাৰৱালে চিকিৎসক জনৰ লগতে অন্যান্য পানী টেংকাৰ মালিকৰ পৰা অবৈধ ভাৱে ধন সংগ্ৰহ কৰি আহিছিল । এই সন্দৰ্ভত যোৱা ৯ মে'ত বিধায়ক গৰাকীক গ্ৰেপ্তাৰ কৰা হৈছিল বিধায়কগৰাকীক । বিধায়কগৰাকীৰ বিৰুদ্ধে তৰা গোচৰত চিকিৎসকগৰাকীক ভাবুকি প্ৰদান কৰাৰ কথাও উল্লেখ কৰা হৈছে ।

এই তদন্ত প্ৰক্ৰিয়াতেই পানী-টেংকাৰ মালিক আৰু অভিযুক্ত ব্যক্তিৰ মাজত এটা বৃহৎ নেক্সাছৰ সম্পৰ্ক আছিল বুলি আৰক্ষীয়ে তথ্য লাভ কৰিছে । তদন্তত পোহৰলৈ আহিছে যে, বিধায়কগৰাকীয়ে ভাতৃ অনিল জাৰৱালৰ দ্বাৰা পানী-টেংকাৰৰ মালিকৰ পৰা বৃহৎ পৰিমাণৰ ধন সংগ্ৰহ কৰি আহিছিল । লগতে এই সমূহ ধন বিভিন্ন সম্পত্তিত ব্যৱহাৰ কৰিছিল বুলিও জানিব পাৰিছে আৰক্ষীয়ে । ইয়াৰ ওপৰি জল ব'ৰ্ডক প্ৰভাৱিত কৰি জাৰৱালে নিজৰ সমষ্টিত বহু কেইটা ব'ৰবেল আৱণ্টিত কৰিছিল আৰু সন্তুষ্টি ধন হিচাপে ১০ লাখ টকা পোৱা পাচত অবৈধ ভাৱে এটা ব'ৰবেল প্ৰদান কৰা বুলি তথ্য লাভ কৰিছে আৰক্ষীয়ে । ইয়াৰ লগতে বিধায়কগৰাকীৰ ৱাটছএপ্ ইত্যাদিটো বহু আপত্তিজনক তথ্য লাভ কৰিছিল আৰক্ষীয়ে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.