ETV Bharat / bharat

তাণ্ডৱৰ বিৰুদ্ধে জনোৱা আবেদনৰ শুনানি স্থগিত ৰাখিলে দিল্লীৰ আদালতে

author img

By

Published : Jan 23, 2021, 10:41 PM IST

চেইফ আলি খান অভিনীত 'তাণ্ডৱ' ৱেব চিৰিজৰ নিৰ্মাতা সকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ প্ৰাৰ্থনা জনাই কৰা আবেদনৰ শুনানি স্থগিত ৰাখিলে দিল্লীৰ এখন আদালতে ৷ 19 এপ্ৰিললৈ আবেদনৰ শুনানি স্থগিত ৷ ৱেব চিৰিজখনে হিন্দু সকলৰ আবেগত আঘাত হনাৰ লগতে সাম্প্ৰদায়িক সংঘৰ্ষৰ বাবে প্ৰৰোচিত কৰাৰ অভিযোগ ৷

Delhi Court adjourns hearing in complaint against 'Tandav' to April 19
তাণ্ডৱৰ বিৰুদ্ধে জনোৱা আবেদনৰ শুনানি স্থগিত ৰাখিলে দিল্লীৰ আদালতে

নেচনেল ডেস্ক, 23 জানুৱাৰী: চেইফ আলি খান অভিনীত 'তাণ্ডৱ' শীৰ্ষক ৱেব চিৰিজ খনৰ নিৰ্মাতা সকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে জনোৱা এখন আবেদনৰ শুনানি শনিবাৰে দিল্লীৰ এখন আদালতে স্থগিত ৰাখে ৷

বিচাৰ প্ৰক্ৰিয়াৰ নিয়ম মানি সমগ্ৰ বিষয় সন্দৰ্ভত কেৱল ভিডিঅ' কনফাৰেন্সৰ জৰিয়তেহে আদালতে তথ্য সমূহৰ সন্দৰ্ভত অৱগত হোৱাৰ পৰিপ্ৰেক্ষিততে আবেদন খনৰ শুনানিৰ দিন স্থগিত ৰখা হয় ৷ পাটিয়ালা হাউচ কৰ্ট কমপ্লেক্সৰ মেট্ৰ'পলি'টান মেজিষ্ট্ৰেট উমেশ কুমাৰে আবেদনৰ শুনানিৰ দিন 19 এপ্ৰিললৈ স্থগিত ৰাখে বুলি জানিব পৰা গৈছে ৷

ক্ৰিমিনেল প্ৰচিদিউৰ কৰ্টৰ ধাৰা 200 ৰ অধীনত উক্ত অপৰাধ আবেদন খন দাখিল কৰা হৈছিল ৷ জানিব পৰা মতে উক্ত আবেদনৰ জৰিয়তে ভাৰতীয় দণ্ডবিধি আইনৰ বিভিন্ন ধাৰাৰ অধীনত অভিযুক্তক চমন জাৰি কৰাৰ লগত বিচাৰ প্ৰক্ৰিয়ালৈ অনাৰ বাবে আবেদন কৰা হৈছিল ৷ প্ৰাপ্ত তথ্য অনুসৰি এই আবেদনৰ জৰিয়তে অভিযোগকাৰী সকলে ৱেব চিৰিজ খনে সাম্প্ৰদায়িক সংঘৰ্ষৰ বাবে প্ৰৰোচিত কৰাৰ লগতে হিন্দু সকলৰ আবেগত আঘাত হানিছে বুলি অভিযোগ কৰিছে ৷

লগতে পঢ়ক:বাৰ্ষিক বাজেটত ন্যায়পালিকাৰ নামত পুঁজিৰ আবণ্টন বিচাৰি উচ্চতম ন্যায়ালয়ত আবেদন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.