ETV Bharat / bharat

দিল্লীত কেজৰিৱালে মুকলি কৰিলে 'দিল্লী কৰ'ণা' এপ - CM Arvind Kejriwal

দিল্লী জনসাধৰণৰ সহায়ৰ উদ্দেশ্যে মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে মঙলবাৰে মুকলি কৰে 'দিল্লী কৰ'ণা' নামেৰে এটি ম'বাইল এপ । এই এপটোৰ জৰিয়তে দিল্লীৰ সকলো ব্যক্তিগত তথা চৰকাৰী হাস্পতাল সমূহৰ বিষয়ে তথ্য লাভ কৰিব বুলি জানিবলৈ দিয়ে মুখ্যমন্ত্ৰী গৰকীয়ে ।

দিল্লী কৰ'ণা' এপ
দিল্লীত কেজৰিৱালে মুকলি কৰিলে 'দিল্লী কৰ'ণা' এপ
author img

By

Published : Jun 2, 2020, 4:49 PM IST

নিউজ ডেস্ক, ২ জুনঃ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে মঙলবাৰে মুকলি কৰে 'দিল্লী কৰ'ণা' নামেৰে এটি ম'বাইল এপ । কৰ'ণা আক্ৰান্ত ব্যক্তিসকলৰ সহায়ৰ উদ্দেশ্যৰে মুখ্যমন্ত্ৰী গৰাকীয়ে মুকলি কৰে এপটো ।

এপটো সন্দৰ্ভত মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, এই এপটোৱে দিল্লীৰ সকলো ব্যক্তিগত তথা চৰকাৰী হাস্পতাল সমূহৰ বিষয়ে তথ্য প্ৰদান কৰিব। হাস্পতালৰ বিছনাৰ সংখ্যাৰ পৰা কিমান ৰোগী হাস্পতালত ভৰ্তি হৈ আছে সেয়াও এই এপটোৰ জৰিয়তে তথ্য লাভ কৰিব । লগতে জনসাধাৰণৰ সহায়ৰ বাবে কেজৰিৱালে ১০৩১ নম্বৰটো হেল্পলাইন নম্বৰ মুকলি কৰে।

দিল্লীত কেজৰিৱালে মুকলি কৰিলে 'দিল্লী কৰ'ণা' এপ

কেজৰিৱালে কয়, এনে কিছুমান উদাহৰণ আছে য'ত কেতিয়াবা বিছনা আৰু চিকিৎসাৰ সুবিধাৰ বাবে জনসাধাৰণে অভিযোগ উত্থাপন কৰে। সেইবাবে এই এপটো মুকলি কৰা হৈছে। এই এপটোৰ জৰিয়তে স্পষ্টৰূপত ক'ত কেনেকুৱা চিকিৎসা ব্যৱস্থা আছে সেই সন্দৰ্ভত জনোৱাৰ উপৰিও হাস্পতালখনত কিমান বিছনা খালী হৈ আছে সেয়া তথ্যও দাঙি ধৰিব ।

লগতে মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে,দিল্লীত কৰ'ণা ভাইৰাছত আক্ৰান্তৰ সংখ্যা বৃদ্ধি হৈছে যদিও দিল্লী চৰকাৰে ইতিমধ্যে বিছনা,আই চি ইউ আৰু ভেণ্টিলেটৰৰ ব্যৱস্থা কৰিছে ।

লগতে চাওকঃ যোৰহাটত প্ৰতিবাদত নামিল শৰীৰ চৰ্চা কেন্দ্ৰৰ স্বত্বাধিকাৰী আৰু প্ৰশিক্ষক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.