ETV Bharat / bharat

সশস্ত্ৰ বাহিনীক শক্তিশালী কৰাৰ হেতু প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ বৈঠক

author img

By

Published : Jul 16, 2020, 9:48 AM IST

বুধবাৰে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ অধ্যক্ষতাত প্ৰতিৰক্ষা অধিগ্ৰহণ কাউন্সিল (DAC)ৰ সৈতে অনুষ্ঠিত হয় এক বিশেষ বৈঠক ৷ উত্তৰ সীমাত বিৰাজমান পৰিস্থিতি আৰু ভাৰতৰ সীমান্ত ৰক্ষাৰ হেতু সশস্ত্ৰ বাহিনীক শক্তিশালী কৰাৰ বাবে সুৰক্ষামূলক পৰিৱেশ গঢ়ি তুলিবলৈ এই বৈঠকযোগে আহ্বান জনোৱা হয় বুলি এক সংবাদ পত্ৰত প্ৰকাশ পাইছে ৷

Defence minister Rajnath Singh meeting
প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ বৈঠক

নেশ্যনেল ডেস্ক, 16 জুলাই : প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ অধ্যক্ষতাত বুধবাৰে প্ৰতিৰক্ষা অধিগ্ৰহণ কাউন্সিল (DAC)ৰ সৈতে এক বিশেষ বৈঠক অনুষ্ঠিত হয় ৷ এই বৈঠকত কাউন্সিলে সশস্ত্ৰ বাহিনীক পুঁজি অধিগ্ৰহণৰ ক্ষেত্ৰত 300 কোটি টকা পৰ্যন্ত অগ্ৰগতি দিয়াৰ ক্ষমতা প্ৰদান কৰে ৷

এক সংবাদ বাৰ্তা অনুসৰি, উত্তৰ সীমাৰ সৈতে বিৰাজমান পৰিস্থিতি আৰু ভাৰতৰ সীমান্ত ৰক্ষাৰ হেতু সশস্ত্ৰ বাহিনীক শক্তিশালী কৰাৰ বাবে সুৰক্ষামূলক পৰিৱেশ গঢ়ি তুলিবলৈ এই বৈঠকযোগে আহ্বান জনোৱা হয় ৷ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ উপৰিও ডিএছিৰ এই বিশেষ বৈঠকত জেনেৰেল বিপিন ৰাৱট আৰু তিনিগৰাকী সেনা প্ৰমুখে ভাগ লয় ৷

উল্লেখ্য যে, কিছুদিন পূৰ্বে প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে ৰাছিয়া ভ্ৰমণ কৰিছিল আৰু উপ প্ৰধানমন্ত্ৰী য়ুৰী ইভানোৱিছ ব’ৰিছোভৰ সৈতে চলা প্ৰতিৰক্ষা সম্পৰ্কীয় বিষয়ত সিদ্ধান্ত গ্ৰহণ কৰে আৰু আশ্বাস দিয়ে য়ে, পৰিকল্পনাসমূহ অতি শীঘ্ৰেই কাৰ্যকৰী কৰা হ’ব ৷

আনহাতে, চৰকাৰী কৰ্তৃপক্ষই সদৰি কৰা মতে, মন্ত্ৰী ৰাজনাথ সিঙে ৰাছিয়াৰ মুখ্য যুদ্ধ ব্যৱহাৰ্য বিমানৰ বাবে আৱশ্যকীয় পুঁজি প্ৰদানৰ বিষয়ত চৰ্চা কৰে ৷ এই চৰ্চাত ভাৰতীয় বায়ুসেনাৰ Su-30MKI আৰু MiG-29, ভাৰতীয় নৌসেনাৰ MiG29K, কিলো-বৰ্গৰ চাবমেৰিন আৰু T-90 যুদ্ধ ৰেংক অন্তৰ্ভুক্ত হৈ আছে ৷

সূত্ৰই জানিবলৈ দিয়ে যে, পূৰ্বে এই সা-সৰঞ্জামসমূহ জাহাজেৰে ভাৰতলৈ সৰবৰাহ কৰাৰ কথা আছিল যদিও ক’ভিড-19ৰ প্ৰকোপৰ বাবে কেইবামাহ ধৰি সৰবৰাহ কৰিব পৰা নাই ৷

লগতে পঢ়ক : ক’ভিডৰ পাচত কমেও 20 শতাংশ ছাত্ৰ-ছাত্ৰীয়ে এৰিব শিক্ষা : ছেভ্ দ্যা চিলড্ৰেন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.