ETV Bharat / bharat

পাকিস্তানক সেনাৰ খবৰ যোগান ধৰাৰ অপৰাধত আটক ভাৰতীয় সেনাৰ অভিযন্তা - ভাৰতীয় সেনা

ভাৰতীয় সেনাৰ তথ্য পাকিস্তান সেনাৰ চোৰাংচোৱাক যোগান ধৰাৰ অপৰাধত আটক কৰা হৈছে এগৰাকী ভাৰতীয় সেনাৰ অভিযন্তাক ৷ অভিযুক্ত মহেশ কুমাৰক হনী ট্ৰেপ কৰা হৈছিল আৰু তেওঁ পাকিস্তানী চোৰাংচোৱাৰ সৈতে জড়িত হৈছিল ৷

Defence employee arrested in Haryana for passing information to Pak

author img

By

Published : Sep 18, 2020, 6:19 AM IST

নিউজ ডেস্ক, 18 ছেপ্টেম্বৰ : হাৰিয়ানাত আৰক্ষীয়ে আটক কৰিছে এগৰাকী ভাৰতীয় সেনাৰ অভিযন্তাক ৷ ভাৰতীয় সেনাৰ তথ্য পাকিস্তান সেনাৰ চোৰাংচোৱাক যোগান ধৰাৰ অপৰাধত আটক কৰা হৈছে ব্যক্তিগৰাকীক ৷ আটকাধীন ব্যক্তিগৰাকী হাৰিয়ানাৰ ৰেৱাৰী জিলাৰ বাসিন্দা ৷

এটা সূত্ৰৰ ভিত্তিত স্পেচিয়েল টাস্ক্ ফ’ৰ্চৰ এটা দলে ধাৰুহেৰাৰ এটা বাছ আস্থানৰ পৰা আটক কৰে লোকজনক ৷ ছুটী লৈ ঘৰলৈ অহা লোকজনে জয়পুৰলৈ পুনৰ চাকৰিত যোগ দিবলৈ যোৱা সময়তে আৰক্ষীয়ে আটক কৰে ৷

স্পেচিয়েল টাস্ক্ ফ’ৰ্চে লক্ষ্ণৌৰ পৰা সেনাৰ চোৰাংচোৱাই দিয়া খবৰৰ ভিত্তিত লোকজনক আটক কৰে ৷ পাকিস্তানলৈ লোকজনৰ ম’বাইলৰ পৰা পঠোৱা মেছেজ ইতিমধ্যে ধৰা পৰিছে ৷ অভিযুক্ত মহেশ কুমাৰক হনী ট্ৰেপ কৰা হৈছিল আৰু তেওঁ পাকিস্তানী চোৰাংচোৱাৰ সৈতে জড়িত হৈছিল ৷

তাৰোপৰি অভিযুক্ত গৰাকী লৈ পাকিস্তানে এটা বিশেষ একাউন্ট যোগে ধন প্ৰেৰণ কৰিছিল ৷ ঘটনা সন্দৰ্ভত ধাৰুহেৰা আৰক্ষী থানাত এটা গোচৰ ৰুজু কৰা হৈছে ৷ অভিযুক্তক অধিক তথ্যৰ বাবে জেৰা চলায় আছে আৰক্ষীয়ে ৷

লগতে পঢ়ক : আৰক্ষীৰ অভিযানত জব্দ চাউলৰ লগতে গছৰ কুণ্ডা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.