ETV Bharat / bharat

প্ৰতিৰক্ষা মন্ত্ৰীৰ সৈতে গোপন আলোচনাত মিলিত দেশৰ সেনাপ্ৰধানসকল

author img

By

Published : Oct 29, 2019, 3:19 PM IST

দেশৰ প্ৰতিৰক্ষা মন্ত্ৰীৰ সৈতে আলোচনাত মিলিত হয় তিনিওটা সেনাৰ সেনাধ্যক্ষসকল ৷ ভাৰতীয় স্থলসেনা,ভাৰতীয় বায়ুসেনা আৰু ভাৰতীয় নৌসেনাৰ প্ৰধান ক্ৰমে,জেন. বিপিন ৰাৱাট,এয়াৰ চীফ মাৰ্শ্বাল আৰকে এছ ভাদুৰীয়া আৰু এডমিৰেল কৰমবীৰ সিঙে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ সৈতে জৰুৰী আলোচনাত মিলিত হয় ৷

প্ৰতিৰক্ষা মন্ত্ৰীৰ সৈতে সেনাধ্যক্ষসকল

নিউজ ডেস্ক, 29 অক্টোবৰঃ সেনাবাহিনীৰ তিনিওটা বিভাগৰে প্ৰধানসকলৰ সৈতে জৰুৰী আলোচনাত মিলিত হয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং ৷ নতুন দিল্লীস্থিত প্ৰতিৰক্ষা মন্ত্ৰীৰ কাৰ্যালয়ত সোমবাৰে গোপনে অনুষ্ঠিত হৈ যোৱা বৈঠকত অংশগ্ৰহণ কৰে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ লগতে স্থলসেনা প্ৰধান জেন. বিপিন ৰাৱাট,বায়ুসেনা প্ৰধান এয়াৰ চীফ মাৰ্শ্বাল আৰ কে এচ ভাদুৰীয়া আৰু নৌসেনা প্ৰধান এডমিৰেল কৰমবীৰ সিং

  • Chief of the Army Staff General Bipin Rawat, Chief of the Naval Staff Admiral Karambir Singh and Chief of the Air Staff Air Chief Marshal RKS Bhadauria called on Raksha Mantri Shri @rajnathsingh in New Delhi, today. pic.twitter.com/6TbzKbN4kQ

    — ADG (M&C) DPR (@SpokespersonMoD) October 28, 2019 " class="align-text-top noRightClick twitterSection" data=" ">

লগতে পঢ়কঃ নলবাৰীত বায়ু সেনাৰ হেলিকপ্টাৰৰ জৰুৰী অৱতৰণ

ভাৰত-পাক সীমান্ত নিয়ন্ত্ৰণৰেখাত দীৰ্ঘদিন ধৰি হৈ থকা যুদ্ধবিৰতি উলংঘণক লৈ প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীক সম্বোধন কৰে সেনাপ্ৰধান কেইগৰাকীয়ে ৷ ইয়াৰ লগতে জম্মু-কাশ্মীৰ আৰু উত্তৰ-পূবৰ সন্ত্ৰাসবাদ আৰু বিদ্ৰোহী বিৰোধী অভিযানৰ লগতে ভাৰত-বাংলা সীমান্তত শেহতীয়াকৈ হোৱা গুলিচালনাৰ ঘটনাৰ বিষয়েও আলোচনা কৰে প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে ৷

ভাৰতৰ প্ৰতিৰক্ষা খণ্ডৰ শেহতীয়া সংযোজন তথা দ্বিপাক্ষিক আৰু অন্যান্য সামৰিক অনুশীলন সন্দৰ্ভত সেনাপ্ৰধান কেইগৰাকীয়ে প্ৰতিৰক্ষা মন্ত্ৰীক অৱগত কৰায় ৷ বিশেষকৈ সংহত সামৰিক গোট (Integrated Battle Group) আৰু আন্দামান নিকোবৰত অনুষ্ঠিত হৈ যোৱা AFSOD (Armed Forces Special Operations Division) কামাণ্ডোৰ প্ৰথমটো যুদ্ধাভ্যাস সন্দৰ্ভত প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীক অৱগত কৰায় চীফ অৱ চাৰ্ভিছ ষ্টাফ তথা স্থলসেনা প্ৰধান জেন. বিপিন ৰাৱাটে ৷ উল্লেখ্য যে,ভাৰতৰ সামৰিক সক্ষমতা বৃদ্ধি কৰিবলৈ স্থলসেনা প্ৰধান জেন. বিপিন ৰাৱাটে সংহত সামৰিক গোট (Integrated Battle Group) আৰু AFSOD কামাণ্ডো গোট গঠনৰ পৰামৰ্শ আগবঢ়াইছিল আৰু চলিত বৰ্ষত দুয়োটা সামৰিক গোট গঠনত প্ৰতিৰক্ষা মন্ত্ৰালয়ে অনুমোদন জনাইছিল ৷

Intro:Body:

প্ৰতিৰক্ষা মন্ত্ৰীৰ সৈতে আলোচনাত মিলিত সেনাপ্ৰধানসকল 

দেশৰ প্ৰতিৰক্ষা মন্ত্ৰীৰ সৈতে আলোচনাত মিলিত হয় তিনিওটা সেনাৰ সেনাধ্যক্ষসকল ৷ ভাৰতীয় স্থলসেনা, ভাৰতীয় বায়ুসেনা আৰু ভাৰতীয় নৌসেনাৰ প্ৰধান ক্ৰমে, জেন. বিপিন ৰাৱাট, এয়াৰ চীফ মাৰ্শ্বাল আৰকেএছ ভাদুৰীয়া আৰু এডমিৰেল কৰমবীৰ সিঙে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ সৈতে জৰুৰী আলোচনাত মিলিত হয় ৷ 

নিউজ ডেস্ক, 29 অক্টোবৰঃ সেনাবাহিনীৰ তিনিওটা অংগৰে প্ৰধানসকলৰ সৈতে জৰুৰী আলোচনাত মিলিত হয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং ৷ নতুন দিল্লীস্থিত প্ৰতিৰক্ষা মন্ত্ৰীৰ কাৰ্যালয়ত সোমবাৰে গোপনে অনুষ্ঠিত হৈ যোৱা বৈঠকত অংশগ্ৰহণ কৰে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ লগতে স্থলসেনা প্ৰধান জেন. বিপিন ৰাৱাট, বায়ুসেনা প্ৰধান এয়াৰ চীফ মাৰ্শ্বাল আৰকেএচ ভাদুৰীয়া আৰু নৌসেনা প্ৰধান এডমিৰেল কৰমবীৰ সিং ৷ 

ভাৰত-পাক সীমান্ত নিয়ন্ত্ৰণৰেখাত দীৰ্ঘদিন ধৰি হৈ থকা যুদ্ধবিৰতি উলংঘণক লৈ প্ৰতিৰক্ষামন্ত্ৰীগৰাকীক সম্বোধন কৰে সেনাপ্ৰধানকেইগৰাকীয়ে ৷ ইয়াৰ লগতে জম্মু-কাশ্মীৰ আৰু উত্তৰ-পূবৰ সন্ত্ৰাসবাদ আৰু বিদ্ৰোহী বিৰোধী অভিযানৰ লগতে ভাৰত-বাংলা সীমান্তত শেহতীয়াকৈ হোৱা গুলিচালনাৰ ঘটনাৰ বিষয়েও আলোচনা কৰে প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে ৷ 

ভাৰতৰ প্ৰতিৰক্ষা খণ্ডৰ শেহতীয়া সংযোজন তথা দ্বিপাক্ষিক আৰু অন্যান্য সামৰিক অনুশীলন সন্দৰ্ভত সেনাপ্ৰধানকেইগৰাকীয়ে প্ৰতিৰক্ষামন্ত্ৰীক অৱগত কৰায় ৷ বিশেষকৈ সংহত সামৰিক গোট (Integrated Battle Group) আৰু আন্দামান নিকোবৰত অনুষ্ঠিত হৈ যোৱা AFSOD (Armed Forces Special Operations Division) কামাণ্ডোৰ প্ৰথমটো যুদ্ধাভ্যাস সন্দৰ্ভত প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীক অৱগত কৰায় চীফ অৱ চাৰ্ভিছ ষ্টাফ তথা স্থলসেনা প্ৰধান জেন. বিপিন ৰাৱাটে ৷ উল্লেখ্য যে, ভাৰতৰ সামৰিক সক্ষমতা বৃদ্ধি কৰিবলৈ স্থলসেনা প্ৰধান জেন. বিপিন ৰাৱাটে সংহত সামৰিক গোট (Integrated Battle Group) আৰু AFSOD কামাণ্ডো গোট গঠনৰ পৰামৰ্শ আগবঢ়াইছিল আৰু চলিত বৰ্ষত দুয়োটা সামৰিক গোট গঠনত প্ৰতিৰক্ষা মন্ত্ৰালয়ে অনুমোদন জনাইছিল ৷

Conclusion:

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.