নেশ্যনেল ডেস্ক,৯ ফেব্ৰুৱাৰী: কৃষক বিদ্ৰোহৰ সময়তে বিতৰ্কৰ আৱৰ্তলৈ অহা পাঞ্জাৱী অভিনেতা দীপ সিন্ধুক গ্ৰেপ্তাৰ কৰাৰ পিছতে পোহৰলৈ আহিছে এটাৰ পিছত আনটো তথ্য । আৰক্ষীয়ে মঙলবাৰে প্ৰকাশ কৰিছে যে, দীপ সিন্ধুৱে ভিডিঅ'বোৰ প্ৰস্তুত কৰিছিল আৰু কেলিফৰ্ণিয়াত থকা তেওঁৰ বান্ধৱীলৈ ভিডিঅ' প্ৰেৰণ কৰিছিল । পেচাত অভিনেত্ৰী এই বান্ধৱীগৰাকীয়ে এই ভিডিঅ'বোৰ দীপ সিন্ধুৰ ফেচবুক একাউণ্টৰ জৰিয়তে শ্বেয়াৰ কৰিছিল ।
এই কাৰ্যৰ জৰিয়তে সিন্ধুৱে গণতন্ত্ৰ দিৱসৰ দিনা দিল্লীত কৃষকৰ ট্ৰেক্টৰ ৰেলী উলিওৱাৰ সময়ত সংঘটিত হোৱা হিংসাত্মক ঘটনাৰ তদন্ত কৰি থকা সংস্থাক বিভ্ৰান্ত কৰাৰ চেষ্টা কৰিছিল বুলি আৰক্ষীয়ে জানিবলৈ দিছে । যোৱা ২৬ জানুৱাৰীত সংঘটিত হিংসাত্মক ঘটনাৰে জড়িত থকাৰ অভিযোগ উত্থাপিত হৈছিল দীপ সিন্ধুৰ বিৰুদ্ধে । আৰক্ষীৰ বিশেষ শাখাই জাকিৰপুৰ অঞ্চলৰ পৰা গ্ৰেপ্তাৰ কৰিছে দীপ সিন্ধুক ।
আনহাতে, দিল্লী আৰক্ষীয়ে দীপ সিন্ধু, যুগৰাজ সিং, গুৰজ'ট সিং আৰু গুৰজণ্ট সিঙৰ সন্ধান দিওঁতালৈ ১ লাখ টকাৰ পুৰস্কাৰ ঘোষণা কৰিছিল । লালকিল্লাত ত্ৰিৰংগাৰ ঠাইত কৃষক সংগঠনৰ পতাকা উত্তোলন কৰা ঘটনাৰ সৈতে দীপ সিন্ধু আৰু গেংষ্টাৰ লাক্কা ছাডানা জড়িত থকাৰ অভিযোগ তুলি দিল্লী আৰক্ষীয়ে গোচৰ ৰুজু কৰিছে । দিল্লী আৰক্ষীৰ অপৰাধ শাখাৰ বিশেষ আয়ুক্ত প্ৰবীৰ ৰঞ্জনে প্ৰকাশ কৰা মতে, গণৰাজ্য দিৱসৰ দিনা লালকিল্লাত পতাকা উত্তোলন কৰাৰ ঘটনাৰ মূল অভিযুক্ত দীপ সিন্ধু ।
তেওঁ কয় যে, উক্ত দিনটোত প্ৰতিবাদকাৰীয়ে পূৰ্বে নিৰ্ধাৰিত কৰা পথেৰে ট্ৰেক্টৰ ৰেলী উলিওৱা নাছিল আৰু বেৰিকেড ভাঙি দিল্লীৰ বিভিন্ন স্থানত প্ৰৱেশ কৰিছিল । লগতে আৰক্ষীৰ সৈতে সংঘৰ্ষত লিপ্ত হয় আৰু ৰাজহুৱা সম্পত্তিৰো ক্ষতিসাধন কৰে । লগতে লালকিল্লাত প্ৰৱেশ কৰি একাংশ প্ৰতিবাদকাৰীয়ে ত্ৰিৰংগাৰ ঠাইত কৃষক সংগঠনৰ পতাকা উত্তোলন কৰে । উল্লেখ্য যে, বিগত বৰ্ষৰ ২৬ নৱেম্বৰৰ পৰা কৃষকসকলে দিল্লী সীমান্তৰ বিভিন্ন স্থানত ৩ খন কৃষি আইন বাতিলৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰি আছে ।
লগতে পঢ়ক:মিজোৰামত পুনৰ ৩জন কৰ'ণাত আক্ৰান্ত