নেশ্যনেল ডেস্ক, ২৭ জুন : কেন্দ্ৰীয় জল শক্তি মন্ত্ৰী গজেন্দ্ৰ সিং শ্বেখাৱটে শুকুৰবাৰে উল্লেখ কৰে যে, "চীনৰ ছদ্মমূলক কামক সমগ্ৰ বিশ্বই নিন্দা কৰিছে ।''
তেওঁ কয় যে, ‘"এই সকলোবোৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কূটনৈতিক সম্পৰ্কৰ পৰিণাম, যাৰ বাবে দেশখনে প্ৰথমতেই বৈশ্বিক স্তৰত পাকিস্তানক চেৰ পেলাইছে । চীনক মাত্ৰ ২ মিনিটৰ ভিতৰত প্ৰত্যুত্তৰ দিয়াৰ ক্ষমতা ভাৰতৰ আছে । চীনা সামগ্ৰীৰ বহিষ্কাৰৰ কাম ইতিমধ্যে আৰম্ভ হৈছে ।'' কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে শুকুৰবাৰে এক ৰেলীযোগে উল্লেখ কৰে এই কথা ।

তেওঁ কয় যে, "প্ৰধানমন্ত্ৰী নেতৃত্ব আৰু নিয়ন্ত্ৰণাধীন কোভিড-১৯ যুঁজত ভাৰতে বিশ্বৰ ভিতৰতে অগ্ৰণী ভূমিকা পালন কৰিছে । ৰাজস্থানৰ বিজেপি কৰ্মকৰ্তাসকলে প্ৰমাণ কৰি দেখুৱাইছে যে, তেওঁলোক সকলোতকৈ আগত আছে । তেওঁলোকে কংগ্ৰেছ চৰকাৰৰ তুলনাত অধিক সাহাৰ্যমূলক সামগ্ৰী আৰু উপকৰণ প্ৰস্তুত কৰি আছে ।''
লগতে পঢ়ক : চীনা উৎপাদিত সামগ্ৰী বৰ্জনত সক্ষম হ'বনে ভাৰত ?