ETV Bharat / bharat

ঋণৰ বোজা সহিব নোৱাৰি কৃষকৰ আত্মহত্যা - আৰ্থিক সংকট

কন্যাৰ বিবাহৰ বাবে ২.৫০ লাখ টকাৰ ঋণ লৈ এই ধন পৰিশোধ কৰিব নোৱাৰাৰ বাবে আত্মহত্যা কৰে কুৰে আহিৰৱাৰ নামৰ উত্তৰ প্ৰদেশৰ এজন কৃষকে।

Debt-ridden farmer ends life in Uttar Pradesh
author img

By

Published : Jun 22, 2020, 8:37 PM IST

নিউজ ডেস্ক, ২২ জুনঃ উত্তৰ প্ৰদেশৰ জাখোৰা চহৰত বিষপান কৰি আত্মহত্যা কৰে এজন কৃষকে । ঋণৰ বোজা সহিব নোৱাৰি আত্মহত্যাৰ পথ বাচি লয় কৃষকগৰাকীয়ে। সোমবাৰে, উত্তৰ প্ৰদেশ আৰক্ষীৰ এজন বিষয়াই প্ৰকাশ কৰে এই কথা ।

আৰক্ষীয়ে উল্লেখ কৰা অনুসৰি, আত্মহত্যা কৰা কৃষকজনৰ নাম কুৰে আহিৰৱাৰ (৪০) বুলি জানিব পৰা গৈছে । দেওবাৰে সন্ধিয়া বিষপান কৰি আত্মহত্যাৰ চেষ্টা চলোৱা কৃষকজনক হাস্পতালত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসাধীন অৱস্থাতে মৃত্যু হয় কৃষকজনৰ।

Debt-ridden farmer ends life in Uttar Pradesh
উত্তৰ প্ৰদেশত ঋণৰ বোজা সহিব নোৱাৰি আত্মহত্যা কৃষকৰ

মৃত কৃষক আহিৰৱাৰে আৰ্থিক সমস্যাত ভুগি আছিল বুলি পৰিয়ালৰ লোকে জানিবলৈ দিয়ে । কৃষকজনে বিগত বৰ্ষত কন্যাৰ বিবাহৰ বাবে ২.৫০ লাখ টকাৰ ঋণ লৈছিল । অৱশেষত ঋণৰ বোজা সহিব নোৱাৰি কৃষকজনে আত্মহত্যাৰ পথ বাছি লয় বুলি পৰিয়ালৰ লোকে উল্লেখ কৰে। তদুপৰি আৰ্থিক সংকটৰ বাবে কৃষকজনে এই চূড়ান্ত পথ বাচি লয় বুলি খুৰখালিয়েক দয়াৰামে জানিবলৈ দিয়ে।

ইতিমধ্যে আৰক্ষীয়ে কৃষকজনৰ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষা কৰাৰ পাছত পৰিয়ালক গতাই দিয়ে।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.