ETV Bharat / bharat

DDC Election : নিৰ্বাচন এক বৈধ গণতান্ত্ৰিক প্ৰক্ৰিয়া

সদ্য অনুষ্ঠিত DDCৰ নিৰ্বাচনে জম্মু-কাশ্মীৰ স্বায়ত্ব শাসিত পৰিষদত সমগ্ৰ ৰাজনৈতিক প্ৰেক্ষাপতকে সলনি কৰা পৰিলক্ষিত হৈছে ৷ গতিকে নিৰ্বাচনী প্ৰক্ৰিয়াৰ মাজেৰে বৈধভাৱে স্বায়ত্ব শাসিত পৰিষদখনত যুগ যুগ ধৰি চলি অহা ৰক্তপাতৰ সমস্যাৰ স্থায়ী সমাধান কৰিবলৈ সক্ষম হ’ব ৷ নিৰ্বাচন বয়কট কৰাৰ পৰা ইয়াক আকোৱালি লোৱা সিদ্ধান্তটো 2019 বৰ্ষৰ 5 আগষ্ট গ্ৰহণ কৰা হৈছিল ৷ যেতিয়া কাশ্মীৰ উপত্যকাক জম্মু-কাশ্মীৰ আৰু জম্মু-লাডাখ(এখন বিধানসভাৰ অন্তৰ্গত আৰু এখন নহয়) এই দুই ক্ষেত্ৰত বিভক্ত কৰা হৈছিল ৷

DDC polls: Making elections a legitimate democratic process
ডি ডি চি নিৰ্বাচনঃ নিৰ্বাচন এক বৈধ গণতান্ত্ৰিক প্ৰক্ৰিয়া
author img

By

Published : Nov 30, 2020, 10:34 PM IST

নাগৰিকৰ অস্থিৰতাৰ মাজত কাশ্মিৰৰ দৰে এডোখৰ ঠাইত ভোটাধিকাৰ সাব্যস্ত কৰাটো এক অন্যতম প্ৰত্যাহ্বান আছিল ৷ কাশ্মীৰত নিৰ্বাচন একপ্ৰকাৰ নিষেধ ৷ কিন্তু ডি ডি চি(District Development Council)ৰ ভোটগ্ৰহণে সমাজত নিৰ্বাচনী ৰাজনীতিৰ গ্ৰহণযোগ্যতাক প্ৰদৰ্শন কৰিছে ৷ ইয়াৰ কাৰ্যক্ৰমণিকা ব্যাহত হোৱাৰ উপৰিও নিৰ্বাচনী ৰাজনীতিৰ বৈধতা 1987 চনৰ পিছৰ পৰা কাশ্মীৰ সংঘৰ্ষৰ প্ৰথম দুৰ্ঘটনা ৷ নিৰ্বাচিত প্ৰতিনিধিসকল বিভিন্ন সন্ত্ৰাসবাদী সংগঠনৰ লক্ষ্য হৈ পৰে ৷ বৰ্তমানলৈকে জম্মু-কাশ্মীৰত হিংসা ত্যাগ কৰি বেলট পেপাৰৰ মাধ্যমেৰে সমস্যাৰ সমাধান বিচাৰা 5000ত কৈও অধিক ৰাজনৈতিক কৰ্মীক হত্যা কৰা হৈছে ৷

কিন্তু সদ্য অনুষ্ঠিত DDCৰ নিৰ্বাচনে জম্মু-কাশ্মীৰ স্বায়ত্ব শাসিত পৰিষদত সমগ্ৰ ৰাজনৈতিক প্ৰেক্ষাপটকে সলনি কৰা পৰিলক্ষিত হৈছে ৷ গতিকে নিৰ্বাচনী প্ৰক্ৰিয়াৰ মাজেৰে বৈধভাৱে স্বায়ত্ব শাসিত পৰিষদখনত যুগ যুগ ধৰি চলি অহা ৰক্তপাতৰ সমস্যাৰ স্থায়ী সমাধান কৰিবলৈ সক্ষম হ’ব ৷ নিৰ্বাচন বয়কট কৰাৰ পৰা ইয়াক আকোৱালি লোৱা সিদ্ধান্তটো 2019 বৰ্ষৰ 5 আগষ্ট গ্ৰহণ কৰা হৈছিল ৷ যেতিয়া কাশ্মীৰ উপত্যকাক জম্মু-কাশ্মীৰ আৰু জম্মু-লাডাখ(এখন বিধানসভাৰ অন্তৰ্গত আৰু এখন নহয়) এই দুই ক্ষেত্ৰত বিভক্ত কৰা হৈছিল ৷

আনহাতে, যিসমূহ ৰাজনৈতিক দলে নিৰ্বাচনত ভাগ লৈছিল তেওঁলোক আটাইয়ে কাশ্মীৰৰ পৰা বিশেষ ক্ষমতাৰ কৰ্তনৰ বিৰুদ্ধে আছিল ৷ তেওঁলোকে কোনো প্ৰতিক্ৰিয়া প্ৰকাশৰ পূৰ্বেই কেন্দ্ৰীয় চৰকাৰে তেওঁলোকক হয়তো কাৰাগাৰত প্ৰেৰণ কৰিছিল নতুবা জন সুৰক্ষা আইনৰ অধীনত নিজ নিজ বাসগৃহতে গৃহবন্দী কৰি ৰাখিছিল ৷ তেওঁলোকৰ ভিতৰত তিনিগৰাকী প্ৰাক্তন মুখ্যমন্ত্ৰী, প্ৰাক্তন ৰাজ্যিক কেবিনেট মন্ত্ৰী আৰু প্ৰাক্তন সাংসদো আছিল ৷

তেওঁলোকক মুকলি কৰাৰ পিছতেই বিজেপি নেতৃত্বধীন চৰকাৰেখনে কাশ্মীৰত তেওঁলোকৰ ভোটৰ ভিত্তি প্ৰস্তুত কৰা আৰম্ভ কৰে; যাৰ বাবে আঞ্চলিক দলসমূহে তেওঁলোকৰ নিৰ্বাচন বহিস্কাৰ ৰণনীতিত বিচ্ছিন্নতাবাদী শক্তিৰ সৈতে মিত্ৰতা কৰে ৷ কিন্তু দলসমূহে বিজেপিৰ বিৰুদ্ধে থিয় হোৱাৰ বাবে মিত্ৰতা কৰে আৰু শাসকীয় দলটোৰ বিৰুদ্ধে এটি একত্ৰিত দল গঠন কৰে ৷ ডি ডি চি নিৰ্বাচনত বিজেপিৰ বিৰুদ্ধে থিয় হোৱা প্ৰতিদ্বন্দী সমূহৰ আন্দোলনক চৰকাৰে স্তব্ধ কৰিব বিচৰাৰ অভিযোগ উত্থাপিত হৈছে ৷

ডি ডি চি নিৰ্বাচনৰ প্ৰথম স্তৰত ভোটাৰৰ আশাপ্ৰদ আৰু নিৰ্ভীক অংশগ্ৰহণে এটা কথা স্পষ্ট কৰিছে যে, বৰ্তমান কাশ্মীৰ উপত্যকাত নিৰ্বাচনী প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰাটো নিষেধ নহয় ৷ স্বতন্ত্ৰ ৰূপত নিৰ্বাচিত ব্যৱহাৰে গুপকাৰ জোঁটৰ সদস্যসকলক সমাজত এক স্বীকৃতি প্ৰদান কৰে ৷ বিভিন্ন নিৰ্বাচন কেন্দ্ৰসমূহত সকলো লিংগ আৰু বয়সৰ লোকে অংশগ্ৰহণ কৰা আৰু কোনো সংকোচ নোহোৱাকৈ কেমেৰাৰ সন্মুখীন হোৱা ছবিয়ে টেলিভিচনৰ পৰ্দা উপচাই পেলাইছে ৷

বিচ্ছিন্নতাবাদী গোষ্ঠীসমূহৰ দ্বাৰা নিৰ্বাচন বৰ্জনৰ আহ্বান আৰু পৰৱৰ্তী সময়ত বিভিন্ন সন্ত্ৰাসবাদী সংগঠনসমূহৰ সমৰ্থন কৰা কাৰ্যই উপত্যকাখনত পূৰ্বৰ দৰে সম্পূৰ্ণ গণতান্ত্ৰিক প্ৰক্ৰিয়াক প্ৰতিনিধিত্ব কৰিব ৷ একে প্ৰক্ৰিয়াকে কাশ্মীৰ উপত্যকাৰ পৰা 370 অনুচ্ছেদ উঠাই লোৱাৰ পিছত উত্থাপন হোৱা সমস্যাৰ সমাধানৰ এটি উৎস হিচাপেও গ্ৰহণ কৰা হ’ব ৷ এই ক্ষেত্ৰত ৰাইজে বিজেপিৰ উদ্দেশ্য পূৰ্ণ হৈছে নে নাই নে জনগণৰ ওপৰতবিজয় সাব্যস্ত কৰাৰ বাবে তেওঁলোকে আৰু অপেক্ষা কৰিব লাগিব সেইয়া প্ৰত্যক্ষ কৰাৰ বাবে নিৰ্বাচনৰ ফলাফল ঘোষণালৈ অপেক্ষা কৰিব লাগিব ৷

-বিলাল ভাট

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.