ETV Bharat / bharat

কোভিড প্ৰতিষেধকঃ ভাৰতৰ সিদ্ধান্তক প্ৰশংসা বিশ্ব স্বাস্থ্য় সংস্থাৰ - DCGI gives nod to vaccines developed by Bharat Biotech, SII for restricted use

ভাৰতীয় ড্ৰাগ নিয়ন্ত্ৰণকাৰী সংস্থা ডিজিচিআইয়ে দুটাকৈ ভাৰতীয় প্ৰতিষেধকৰ টীকাকৰণত জৰুৰীকালীন অনুমোদন জনোৱাৰ পাচতেই ভাৰত চৰকাৰৰ সিদ্ধান্তক আদৰণি জনায় বিশ্ব স্বাস্থ্য সংস্থাই ৷

কোভিড প্ৰতিষেধকত ভাৰতে গ্ৰহণ কৰা সিদ্ধান্তক প্ৰশংসা বিশ্ব স্বাস্থ্য় সংস্থাৰ

author img

By

Published : Jan 3, 2021, 4:03 PM IST

নিউজ ডেস্ক, 3 জানুৱাৰী : ভাৰত চৰকাৰে টীকাকৰণৰ ক্ষেত্ৰত গ্ৰহণ কৰা সিদ্ধান্তৰ পাচতেই এই সিদ্ধান্তক আদৰণি জনাইছে বিশ্ব স্বাস্থ্য সংস্থাই ৷ দক্ষিণ-পূব এছিয়াৰ ভিতৰত ভাৰতে গ্ৰহণ কৰা জৰুৰীকালীন টীকাকৰণে সমগ্ৰ অঞ্চলটোতে কোভিড-19ৰ বিৰুদ্ধে যুঁজ দিয়াত সহায় কৰিব বুলি উল্লেখ কৰিছে বিশ্ব স্বাস্থ্য সংস্থাই ৷ বিশ্ব স্বাস্থ্য সংস্থাৰ দক্ষিণ-পূব এছিয়াৰ আঞ্চলিক মহানিৰ্দেশক ডাঃ পুনম ক্ষেত্ৰপালে সংবাদ মাধ্যমৰ আগত দেওবাৰে প্ৰকাশ কৰে এই কথা ৷

  • A decisive turning point to strengthen a spirited fight!

    DCGI granting approval to vaccines of @SerumInstIndia and @BharatBiotech accelerates the road to a healthier and COVID-free nation.

    Congratulations India.

    Congratulations to our hardworking scientists and innovators.

    — Narendra Modi (@narendramodi) January 3, 2021 " class="align-text-top noRightClick twitterSection" data=" ">

ভাৰতীয় ড্ৰাগ নিয়ন্ত্ৰণ সংস্থাই দেওবাৰে অক্সফ'ৰ্ডৰ কোভিড-19 প্ৰতিষেধক তথা চিৰাম ইনষ্টিটিউটে প্ৰস্তুত কৰা কোভিশ্বীল্ড আৰু ভাৰত বায়’টেকৰ কোভাক্সিনৰ জৰুৰীকালীন ব্যৱহাৰত পূৰ্ণ অনুমতি প্ৰদান কৰিছে ৷ ভাৰতে ইতিমধ্যে কোভিড-19ৰ প্ৰতিষেধক টীকাকৰণৰ কাম আৰম্ভ কৰিছে আৰু ইয়াৰ বাবে প্ৰাৰম্ভিক পৰ্যায়ত প্ৰায় 83 কোটি প্ৰতিষেধকৰ অৰ্ডাৰ কৰিছে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে ৷

  • Happy new year, everyone! All the risks @SerumInstIndia took with stockpiling the vaccine, have finally paid off. COVISHIELD, India's first COVID-19 vaccine is approved, safe, effective and ready to roll-out in the coming weeks. pic.twitter.com/TcKh4bZIKK

    — Adar Poonawalla (@adarpoonawalla) January 3, 2021 " class="align-text-top noRightClick twitterSection" data=" ">

উল্লেখ্য যে, ভাৰত বায়’টেকৰ দ্বাৰা নিৰ্মিত কোভিড-19 প্ৰতিষেধক কোভাক্সিনলৈ কেন্দ্ৰই জৰুৰীকালীন ব্যৱহাৰৰ বাবে শনিবাৰে অনুমোদন জনাইছিল ৷ ইয়াৰ উপৰিও চিৰাম ইনষ্টিটিউট, পুণেত প্ৰস্তুত কৰা কোভিড-19 প্ৰতিষেধকলৈয়ো জৰুৰীকালীন ব্যৱহাৰৰ অনুমোদন দিয়াৰ লগতে আহমেদাবাদস্থিত কাদিলা হেল্থকেয়াৰে প্ৰস্তুত কৰা প্ৰতিষেধকৰ তৃতীয় পৰ্যায়ৰ ক্লিনিকেল পৰীক্ষণত অনুমোদন জনাইছিল কেন্দ্ৰই ৷ কেন্দ্ৰীয় চৰকাৰে ইতিমধ্য়েই সমগ্ৰ দেশতে কোভিড-19 প্ৰতিষেধকৰ টীকাকৰণ আৰম্ভ কৰিছে ৷ প্ৰথম পৰ্যায়ত দেশৰ বিভিন্ন ৰাজ্যৰ প্ৰায় 30 কোটি জনতাক প্ৰতিষেধক প্ৰদান কৰাৰ লগতে এই টীকাকৰণত 1 কোটি হেল্থকেয়াৰ ৱৰ্কাৰ, 2 কোটি ফ্ৰন্টলাইন আৰু অত্যাৱশ্যকীয় ৱৰ্কাৰৰ লগতে 50 বছৰৰ উৰ্ধৰ 27 কোটি লোকক টীকাকৰণ কৰিছে ৷

লগতে পঢ়ক : জৰুৰীকালীন অৱস্থাত ব্যৱহাৰ কৰিবলৈ কোভাক্সিনলৈ অনুমোদন কেন্দ্ৰৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.