ETV Bharat / bharat

লকডাউনৰ দ্বিতীয় দিন : দেশৰ ক'ত কি ঘটিল ! - Day 2 of lockdown in India: Ground report from various citie ..

কৰণা ভাইৰাছক লৈ সমগ্ৰ দেশতে জাৰী কৰা হৈছে 21 দিনৰ লকডাউন ৷ লকডাউনৰ প্ৰথম দিনটোত দেশৰ বিভিন্ন প্ৰান্ত বন্ধ হৈ পৰাৰ লগতে আৰক্ষীয়ে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাও পৰিলক্ষিত হয় ৷ আনহাতে দ্বিতীয় দিনটোত সামগ্ৰিকভাৱে ৰাইজে লকডাউন পৰিস্থিতিৰ সৈতে মোকাবিলা কৰা পৰিলক্ষিত হয় ৷

লকডাউনৰ দ্বিতীয় দিন : দেশৰ ক'ত কি ঘটিল !

author img

By

Published : Mar 26, 2020, 11:57 PM IST

নিউজ ডেস্ক, 26 মাৰ্চ : সমগ্ৰ বিশ্বতে ত্ৰাসৰ সৃষ্টি কৰা কৰণা ভাইৰাছক লৈ ভাৰততো গ্ৰহণ কৰা হৈছে বিশেষ সতৰ্কতা ৷ ইতিমধ্যে বিশ্ব স্বাস্থ্য সংস্থাৰ দৰে আন্তঃৰাষ্ট্ৰীয় সংগঠনে এই মহামাৰীৰ সৈতে ভাৰতে আৰম্ভ কৰা যুঁজৰ শলাগ লৈছে ৷ ভাৰতৰ ঘন জনসংখ্যাৰ প্ৰতি লক্ষ্য ৰাখি এই ভাইৰাছে অধিক ভয়াৱহ পৰিস্থিতিৰ যাতে সৃষ্টি কৰিব নোৱাৰে তাৰ বাবে কেন্দ্ৰীয় চৰকাৰে ৰাজ্য চৰকাৰসমূহৰ সৈতে লগ-লাগি অধিক সতৰ্কতা অৱলম্বন কৰিছে ৷ ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে দেশত 21 দিনৰ লকডাউন ঘোষণা কৰিছে ৷ লকডাউনৰ প্ৰথম দিনটোত সকলো পৰিস্থিতি নিয়ন্ত্ৰণত ৰাখে আৰক্ষীয়ে ৷ আজি লকডাউনৰ দ্বিতীয় দিনটোতো আৰক্ষীয়ে বিশেষ ভূমিকা পালন কৰে ৷ দেশৰ বিভিন্ন প্ৰান্তৰ লগতে ৰাজ্যতো গ্ৰহণ কৰা হয় কেতবোৰ বিশেষ সতৰ্কতা ৷ আৰক্ষীৰ লগতে জিলা প্ৰশাসনে বিভিন্ন প্ৰান্তসমূহ ছেনিটাইজ কৰাৰ লগতে ৰেচন আৰু অত্যাৱশ্যকীয় সামগ্ৰী আৰু সেৱাৰ বাবে কিছু ৰেহাই প্ৰদান কৰে ৷

লকডাউনৰ দ্বিতীয় দিনটোত ক'ত কি ঘটিল, তাৰ এক চমু প্ৰতিবেদন :

গুৱাহাটী : অসমৰ বিভিন্ন স্থানৰ লগতে গুৱাহাটীতো ৰাজ্য প্ৰশাসনে কিছুমান গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰে ৷ সেই অনুসৰি, ৰাজহুৱা যোগান আৰু অত্যাৱশ্যকীয় সেৱাসমূহৰ ক্ষেত্ৰত ক্ষন্তেক সময়ৰ বাবে হ'লেও কিছু শিথিলতা প্ৰদান কৰা হয় ৷ মহানগৰীৰ বিভিন্ন প্ৰান্তক ছেনিটাইজ কৰাৰ লগতে 7খনকৈ নিৰ্দিষ্ট স্থানত অত্যাৱশ্যকীয় সামগ্ৰী ক্ৰয়ৰ বাবে চিহ্নিত কৰা হয় ৷ বৰ্তমান সময়লৈকে ৰাজ্যত কোনো কৰ'ণা পজিটিভ ঘটনা পোহৰলৈ অহা নাই আৰু সামগ্ৰিকভাৱে গোটেই ৰাজ্যত বিভিন্ন সতৰ্কতামুলক ব্যৱস্থাৰ লগতে আৰক্ষী আৰু জিলা প্ৰশাসনে কাম কৰি আছে ৷

দিল্লী : দিল্লী চৰকাৰে লকডাউনৰ দ্বিতীয় দিনটোত দোকানসমূহক অত্যাৱশ্যকীয় সামগ্ৰী বিক্ৰীৰ বাবে অনুমতি প্ৰদান কৰি খোলা ৰখাৰ ব্যৱস্থা কৰি দিছে ৷ তাৰ লগতে দোকানসমূহত যাতে অতিৰিক্ত ভিৰ নহয় সেই দিশটোৰ প্ৰতিও লক্ষ্য ৰখা হৈছে ৷ ইতিমধ্যে দিল্লী প্ৰশাসনে ৰেচনৰ লগতে অন্যান্য সামগ্ৰীৰ যাতে নাটনি নহয় সেই দিশটোৰ প্ৰতি এইদৰে দোকানসমূহ খোলা ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ দিল্লীত এতিয়ালৈকে, 31 টা কৰ'ণা ভাইৰাছৰ ঘটনা পোহৰলৈ অহাৰ লগতে 1জন লোকৰ মৃত্যু ঘটিছে ৷

লক্ষ্নৌ : লক্ষ্নৌত অত্যাৱশ্যকীয় সামগ্ৰীৰ ক্ষেত্ৰত কিছু কিছু স্থানত নাটনিয়ে দেখা দিয়ে ৷ চহৰখনৰ বিভিন্ন স্থানত স্থানীয় নাগৰিকসকলে অত্যাৱশ্যকীয় সামগ্ৰীৰ ক্ষেত্ৰত দেখা দিয়া নাটনিৰ বিষয়ে অভিযোগ উত্থাপন কৰে ৷ চহৰখনৰ বিভিন্ন প্ৰান্তত আৰক্ষীৰ লগতে জিলা প্ৰশাসনে বিভিন্ন সতৰ্কতামুলক ব্যৱস্থা হাতত লৈছে ৷ ইতিমধ্যে উত্তৰ প্ৰদেশত মুঠ 35 গৰাকী লোক কৰ'ণা ভাইৰাছত আক্ৰান্ত হৈছে ৷

আহমেদাবাদ : আহমেদাবাদ পৌৰসভাই চহৰখনৰ বাসিন্দাসকলক ৰেচনৰ লগতে অন্যান্য সামগ্ৰী ক্ৰয় কৰাত সুবিধা প্ৰদান কৰি দিয়ে ৷ বাসিন্দাসকলক উমৈহতীয়াভাৱে এজন লোক চিনাক্ত কৰি তেওঁৰ দ্বাৰাই সকলোৰে বাবে সামগ্ৰী ক্ৰয় কৰিব পৰাকৈ ব্যৱস্থা কৰি দিয়ে ৷ ইতিমধ্যে ইয়াৰ বাবে পৌৰসভাই এটা হোৱাটছ এপ নম্বৰো মুকলি কৰি দিয়ে ৷ গুজৰাটত ইতিমধ্যে 33 টা কৰ'ণা ভাইৰাছৰ ঘটনা পোহৰলৈ অহাৰ লগতে 1জন লোক মৃত্যুমুখত পৰিছে ৷

মুম্বাই : মুম্বাইত লকডাউনৰ সৰ্বাত্মক প্ৰভাৱ দেখিবলৈ পোৱা যায় ৷ ঘাইপথৰ লগতে চহৰখনৰ উপপথসমূহো লকডাউনৰ দ্বিতীয় দিনটোত উকা হৈ ৰয় ৷ দেশৰ বাণিজ্যিক ৰাজধানীত কিছুসংখ্যক প্ৰতিষ্ঠান সক্ৰিয় হৈ কাম কৰি থকা পৰিলক্ষিত হোৱাৰ বিপৰীতে বেছিসংখ্যকে বন্ধ হৈ আছে ৷ ইতিমধ্যে মহাৰাষ্ট্ৰত 101 গৰাকী লোক এই ভাইৰাছত আক্ৰান্ত হোৱাৰ বিপৰীতে 2গৰাকী লোক মৃত্যুমুখত পৰিছে ৷

চেন্নাই : চেন্নাইৰ লোকসকলে অত্যাৱশ্যকীয় সামগ্ৰীসমূহ ক্ৰয় কৰাত কোনো অসুবিধাৰ সন্মুখীন হোৱা নাই ৷ গাখীৰ, মেডিচিন আৰু শাক-পাঁচলিৰ লগতে অন্যান্য সামগ্ৰীসমূহ ক্ৰয় কৰিবলৈ চেন্নাইৰ বাসিন্দাসকলক সহায় কৰিছে বিভিন্ন ই-কমাৰ্চ সংস্থাসমূহে ৷ ইতিমধ্যে তামিলনাডুত 18 গৰাকী লোক এই ভাইৰাছত আক্ৰান্ত হৈছে ৷

হায়দৰাবাদ : হায়দৰাবাদত স্থানীয় প্ৰশাসনে ৰাইজক সামাজিক দুৰত্ব বৰ্তাই ৰাখিবলৈ কোৱাৰ লগতে বিক্ৰেতাসকলক অধিক দামত সামগ্ৰী বিক্ৰী নকৰিবলৈ সাৱধানবানী প্ৰদান কৰিছে ৷ চহৰখনৰ আৰক্ষী আয়ুক্ত অঞ্জনী কুমাৰৰ লগতে তথ্য প্ৰযুক্তি আৰু উদ্যোগ বিভাগৰ সচিব জয়েশ ৰঞ্জনে সংবাদমেল সম্বোধন কৰি কৰ'ণা ভাইৰাছৰ বিৰুদ্ধে যুঁজিবলৈ এখন কমিটী গঠন কৰে ৷ বৰ্তমান সময়লৈকে তেলেংগানাত 35 গৰাকী লোক এই ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হৈছে ৷

পঞ্জকুলা, মোহালি আৰু চণ্ডীগড় : চহৰকেইখনত ইতিমধ্যে অত্যাৱশ্যকীয় সামগ্ৰীৰ নাটনিয়ে দেখা দিছে ৷ সাধাৰণ জনতাৰ বাবে খাদ্যসামগ্ৰীকে ধৰি অন্যান্য সামগ্ৰীসমূহৰ নাটনিয়ে বহুটো সমস্যাৰ সৃষ্টি কৰিছে ৷ পঞ্জাৱত এতিয়ালৈকে 29 গৰাকী লোক এই ভাইৰাছত আক্ৰান্ত হোৱাৰ লগতে 1গৰাকী লোক মৃত্যুমুখত পৰিছে ৷

কলকাতা : চহৰখনৰ প্ৰায়ভাগ মলৰ লগতে অন্যান্য অত্যাৱশ্যকীয় সেৱা আৰু সামগ্ৰী প্ৰদানকাৰী সংস্থাসমূহ মুকলি কৰি ৰখা হৈছে আৰু যাতে ৰাইজৰ মাজত অত্যাৱশ্যকীয় সামগ্ৰীৰ নাটনিয়ে দেখা নিদিয়ে তাৰ প্ৰতিও লক্ষ্য ৰাখিছে ৷ কিন্তু ক্ষন্তেক সময়ৰ বাবেহে এইদৰে দোকানসমূহৰ লগতে অন্যান্য প্ৰতিষ্ঠানসমূহ খোলা ৰখাৰ লগতে ইয়াৰ সময়সীমাৰ প্ৰতিও ৰাইজৰ মাজত দ্বিধাই দেখা দিয়ে ৷ ইতিমধ্যে পশ্চিমবংগত 9 গৰাকী লোক এই ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হোৱাৰ লগতে 1 জন লোকৰ মৃত্যু হৈছে ৷

বাংগালুৰু : চহৰখনত স্থানীয় ৰাইজে অত্যাৱশ্যকীয় সামগ্ৰী ক্ৰয় কৰিবলৈ শাৰী পাতি অপেক্ষা কৰা পৰিলক্ষিত হয় ৷ অৱশ্যে আৰক্ষীয়ে এইক্ষেত্ৰত বিশেষ সাৱধানতা অৱম্বলন কৰাৰ লগতে সতৰ্কতামুলক ব্যৱস্থাও গ্ৰহণ কৰে ৷ বৰ্তমান সময়লৈকে কৰ্ণাটকত 41 গৰাকী লোক এই ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হোৱাৰ লগতে 1গৰাকী লোক মৃত্যুমুখত পৰিছে ৷

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.