ETV Bharat / bharat

দেশজুৰি লক ডাউনৰ আজি এঘাৰ দিন...

author img

By

Published : Apr 4, 2020, 9:29 PM IST

Updated : Apr 4, 2020, 9:37 PM IST

এইপৰ্যন্ত ৰাজ্যত কৰ'ণাত আক্ৰান্তৰ সংখ্যা 25 জনলৈ বৃদ্ধি ৷ আজিৰ দিনটোত ৰাজ্যত মুঠ 5 জন ব্যক্তি আক্ৰান্ত হোৱাৰ তথ্য় পোহৰলৈ আহিছে ৷

আজি এঘাৰ দিন...
আজি এঘাৰ দিন...

নিউজ ডেস্ক, 4 এপ্ৰিলঃ আজি এঘাৰ দিন অতিক্ৰম কৰিলে লকডাউনে ৷ ৰাজ্যবাসীৰ পৰিচৰ্যাত কোনো ক্ৰটি ৰখা নাই ৰাজ্য প্ৰশাসনে ৷ এই পৰ্যন্ত ৰাজ্যত কৰ'ণাত আক্ৰান্তৰ সংখ্যা 25 জনলৈ বৃদ্ধি ৷ আজিৰ দিনটোত ৰাজ্যত মুঠ 5 জনকৈ ব্যক্তি আক্ৰান্ত হোৱাৰ তথ্য় লাভ কৰা হৈছে ৷ ইয়াৰে চাৰিজন ব্যক্তিয়ে নিজামুদ্দিন জামাতত অংশগ্ৰহণ কৰাৰ বিপৰীতে গুৱাহাটীৰ স্পেনিচ গাৰ্ডেনৰ মনিশ তীব্ৰৱাল এই ৰোগত আক্ৰান্ত হোৱা বুলি সংবাদমেল যোগে জনাইছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ এই পৰ্যন্ত ৰাজ্যখনৰ প্ৰতিখন জিলাতে খাদ্যসামগ্ৰী অথবা জৰুৰী সামগ্ৰীসমূহৰ ক্ষেত্ৰত কোনো সমস্যাই দেখা দিয়া নাই ৷ চৰকাৰক আৰ্থিকভাৱে সহায় কৰিবলৈ মুখ্যমন্ত্ৰীৰ সাহাৰ্য পুঁজিলৈ বিৰোধী দলৰ কেইবাগৰাকীও প্ৰাক্তন বিধায়ক, মন্ত্ৰীয়ে অনুদান আগবঢ়াইছে ৷ ৰাজ্যক এই সমস্যাৰ পৰা মুক্ত কৰিবলৈ সকলো বিৰোধী দলৰ সৈতে বৈঠকৰ আয়োজন কৰিবলৈ মুখ্যমন্ত্ৰীক আহ্বান জনায় প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই ৷

আনহাতে, গোলাঘাটত সংবাদিকৰ তৎপৰতাত আৰক্ষীয়ে উদ্ধাৰ কৰে দিল্লীৰ এগৰাকী যুৱতী ৷ 25 মাৰ্চৰ পৰা বাছ আস্থানৰ কাষৰ এটা গৃহত তিনিজন লোকৰ সৈতে আশ্ৰয় লৈ আছিল যুৱতীগৰাকীয়ে ৷ জ্বৰ, ডিঙিৰ বিষত আক্ৰান্ত যুৱতীগৰাকী ৷ লকডাউনৰ সময়ছোৱাত ৰাজ্যৰ কিছু স্থানত হত্যাকাণ্ডৰ ঘটনাও সংঘটিত হৈছে ৷

আনহাতে, লকডাউনৰ এঘাৰ দিনত দেশখনৰ সামগ্ৰিক পৰিৱেশ...

মুম্বাইঃ কৰ'ণাত আক্ৰান্তসকলৰ বাবে BMC য়ে চহৰখনত 5 খন হাস্পতাল উছৰ্গা কৰে ৷ এই হাস্পতাল কেইখনৰ স্বাস্থ্যকৰ্মীক সম্পূৰ্ণ PPE (personal protection equipment) প্ৰদান কৰা হব ৷ শাক-পাচলি, ৰেচনৰ সামগ্ৰী আৰু পেকিং কৰা সামগ্ৰীসমূহ সম্পূৰ্ণ মুম্বাইত যোগান ধৰা হৈছে ৷ আনহাতে, কিছু দিনৰ বাবে চহৰখনৰ দোকানসমূহক বন্ধ ৰখাৰ বাৰে বাৰে আদেশ প্ৰদান কৰা হৈছে ৷ এটা দিনত মহাৰাষ্ট্ৰত কভিড 19 ত 67 গৰাকী লোক আক্ৰান্ত হৈছে ৷ এই সময়চোৱাত অন্য ৰাজ্যসমূহৰ হাস্পতালসমূহৰ ব্লাড বেংকসমূহ ক্ৰমাৎ খালী হোৱাৰ বিপৰীতে মুম্বাইৰ ব্লাড বেংকত পৰ্যাপ্ত পৰিমাণৰ তেজ আছে ৷ কভিড 19 ত আক্ৰান্ত ৰোগীৰ সকলৰ চিকিৎসাত বৰ্তি থকা চিকিৎসক, নাৰ্ছসকলক মুম্বাই তাজ ত ৰখা হৈছে ৷

দিল্লীঃ ৰাজ্যখনত স্বাস্থ্যকৰ্মীৰ সুৰক্ষাৰ ক্ষেত্ৰত কোনো আপোচ কৰা নহব৷ এই পৰ্যন্ত সকলো চিকিৎসালয় সুৰক্ষা কিট ষথেষ্ট পৰিমাণে মজুত থকাৰ লগতে শীঘ্ৰেই পুনৰ চিকিৎসালয়সমূহত PPE, N95 মাস্ক,ভেন্টিলেটৰচৰ ব্যৱস্থা কৰা হব ৷ আনহাতে আজি লোকনায়ক জয় প্ৰকাশ নাৰায়ন হাস্পতাল পৰিদৰ্শন কৰে কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী ড. হৰ্ষ বৰ্ধনে ৷ জানিব পৰা মতে, বিগত দুটা দিনত নিজামুদ্দিনৰ লগত জৰিত প্ৰায় 600 লোকক কোৱাৰান্টাইন কৰা হয়৷ আনহাতে গংগাৰাম হাস্পতালৰ 108 গৰাকীক স্বাস্থ্যকৰ্মীক আজি কোৱাৰান্টাইনত ৰখা হয় ৷ দুগৰাকী কৰ'ণাত আক্ৰান্ত লোকৰ সংস্পৰ্শলৈ অহাৰ বাবে কোৱাৰান্টাইন কৰা হয় 108 গৰাকী স্বাস্থ্যকৰ্মীক ৷ আজি দিল্লী চৰকাৰে জনসাধাৰণক ভাইৰাছৰ বিষয়ে জনাবলৈ এখন কভিড 19 চাটবট ওলিয়াই ৷

চেন্নাইঃ চহৰখনত লকডাউন ভংগ কৰিলে পৌৰসভাই সকলো মাংসৰ দোকান বন্ধ কৰিব বুলি নিৰ্দেশ দিয়ে৷ চহৰখনত অত্যাধিক মানুহ গোট হ'লে ইয়াৰ দায়ী মাংস, মাছৰ দোকানী হব ৷ লকডাউনৰ সময়ত ঘৰত থকা লোকসকলৰ বাবে আম্বেদকাৰ আৰ্টছ কলেজৰ শিক্ষাৰ্থীয়ে সামাজিক কামৰ এটা ক'ৰ্ছ প্ৰদান কৰে ৷ এই সময়চোৱাত ৰাইজৰসহায়ৰ বাবে পাছ পৰি ৰোৱা নাই কয়দীসকলো ৷ 150 জন কাৰাবন্দীয়ে দিনে-নিসা কাম কৰি তিনি তৰপীয় 31000 মাস্ক বনাই আছে ৷

হাইদৰাবাদঃ ব্যক্তিগতভাৱে খাদ্য সামগ্ৰী প্ৰদান কৰা সংস্থা সমূহক চৰকাৰৰ নিৰ্দেশ অনুযায়ী খাদ্য যোগানৰ নিৰ্দেশ পৌৰসভা প্ৰশাসনৰ অথবা সংস্থাসমূহৰ বিৰুদ্ধ ব্যৱস্থা গ্ৰহণ কৰিব ৷ ৰাজ্যখনৰ মনিকোন্দাত বৃহস্পতিবাৰে খাদ্যৰ বাবে 3000 লোক গোট খোৱাৰ পাছতে প্ৰশাসনে এই ব্যৱস্থা গ্ৰহণ কৰে ৷ প্ৰধানমন্ত্ৰী ৰিলিফ ফান্দৰ দৰে মিছা UPI ID বনাই মানুহক ঠগিব লোৱা এটা দলক আটক কৰে হাইদৰাবাদৰ চাইবাৰ ক্ৰাইম আৰক্ষীয়ে৷

কলিকতাঃ দেওবাৰে 140 জন বিদেশী নাগৰিকক উভতাই পঠিওৱাৰ সিদ্ধান্ত মমতা বেনাৰ্জী চৰকাৰৰ ৷ ৰাজ্যখনৰ প্ৰথম কভিড 19 হাস্পতালৰ যোজনা বাতিল কৰা হয় ৷ দমদম হাস্পতালৰ 35 গৰাকী স্বাস্থ্যকৰ্মীক হোম কোৱাৰান্টাইনত ৰখাৰ সিদ্ধান্ত লোৱা হয় ৷

Last Updated : Apr 4, 2020, 9:37 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.