ETV Bharat / bharat

দেশজুৰি লক ডাউনৰ আজি দশম দিন...

author img

By

Published : Apr 3, 2020, 10:09 PM IST

আনহাতে এই সময়ছোৱাত কোকৰাঝাৰ, বিশ্বনাথ, ধুবুৰী, ধেমাজী আৰু নলবাৰীৰ লগতে কেবাখনো জিলাত আৰ্তজনৰ কাষত থিয় দিছে বহু জনপ্ৰতিনিধি, ব্যৱসায়ীৰ লগতে বহু বেচৰকাৰী সংগঠনে ৷

আজি দশম দিন...
আজি দশম দিন...

নিউজ ডেস্ক, 3 এপ্ৰিলঃ শুকুৰবাৰে 10 নম্বৰ দিন অতিক্ৰম কৰে লকডাউনে ৷ সমগ্ৰ দেশৰ লগতে ৰাজ্যবাসীয়ে বৰ্তমানেও প্ৰধানমন্ত্ৰীৰ আহ্বানক সমৰ্থন জনোৱা পৰিলক্ষিত হৈছে ৷ শেহতীয়া তথ্য অনুসৰি, ৰাজ্যত কভিড 19 ত আক্ৰান্তৰ সংখ্যা 20 জনলৈ বৃদ্ধি পোৱাৰ লগতে তৎপৰ হৈ উঠিছে ৰাজ্য চৰকাৰ ৷

আনহাতে এই সময়ছোৱাত কোকৰাঝাৰ, বিশ্বনাথ, ধুবুৰী, ধেমাজী আৰু নলবাৰীৰ লগতে কেবাখনো জিলাত আৰ্তজনৰ কাষত থিয় দিছে বহু জনপ্ৰতিনিধি, ব্যৱসায়ীৰ লগতে বহু বেচৰকাৰী সংগঠনে ৷ ৰাইজৰ সহায় বাবে ওলাই আহিল শিলচৰৰ দুগৰাকী কিন্নৰ ৷ বৰ্তমানেও ৰাজ্যৰ ওদালগুৰি, গুৱাহাটী, দৰং আদি স্থানত লকডাউন উলংঘনকৰা পৰিলক্ষিত হয় ৷ উলংঘনকাৰীৰ ক্ষেত্ৰত দিনে কঠোৰ হৈ পৰিছে আৰক্ষী-প্ৰশাসন ৷

সমগ্ৰ দেশৰ শেহতীয়া তথ্য অনুসৰি ক্ৰমাৎ বৃদ্ধি পাইছে কভিড 19 ত আক্ৰান্তৰ সংখ্যা ৷

লক্ষ্নৌঃ আৰক্ষীক প্ৰহাৰ কৰা সকলৰ ওপৰত কঠোৰ আইনৰ অধীনত কঠোৰ হবলৈ নিৰ্দেশ প্ৰদান ৰাজ্য চৰকাৰৰ ৷ ৰাজধানী চহৰখনৰ অন্তৰ্গত Darul Uloom Farangi Mahal য়ে কৰ'ণাত আক্ৰান্ত বুলি সন্দেহত আৱৰ্ত্ত লোকসকলক খোদ পৰীক্ষাগাৰলৈ যাবলৈ এখন ফটোৱা জাৰি কৰে ৷ আনহাতে চহৰখনৰ আন অঞ্চলত বাস কৰা 20,000 লোক খাদ্য সামগ্ৰীৰ ক্ষেত্ৰত সমস্যাৰ সন্মুখীন হৈছে ৷

ছণ্ডীগড়ঃ চহৰখনত বৰ্তমানলৈ কভিড ১৯ত আক্ৰান্তৰ সংখ্যা 18 গৰাকী ৷ ইতিমধ্যে ৰাজ্য প্ৰশাসনে ৰাজ্যখনৰ গৃহবন্দীসকলৰ ওপৰত তীক্ষ্ন নজৰ ৰখাৰ লগতে তেওঁলোকৰ স্থানসমূহ টেলিকম বিভাগক ট্ৰেক কৰিবলৈয়ো প্ৰশাসনে নিৰ্দেশ দিয়ে ৷ লকডাউনৰ সময়ছোৱাত চহৰখনত পৰিষ্কাৰ বাতাবৰণৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে ৷

আহমেদাবাদঃ চহৰখনত এই পৰ্যন্ত কৰ'ণাত আক্ৰান্তৰ সংখ্যা 7 গৰাকী হোৱাৰ লগতে গুজৰাটত দশম দিনলৈ আক্ৰান্তৰ সংখ্যা 95 গৰাকী বুলি জানিব পৰা গৈছে ৷ চহৰখনৰ ব্যক্তিগত হাস্পতালৰ চিকিৎসকসকলৰ লগতে শ্বাস-কষ্টজনিত বিশেষজ্ঞ সকলক কভিড 19 ত আক্ৰান্ত ৰোগীসকলৰ চিকিৎসাৰ বাবে নিয়োগ কৰা হৈছে ৷

দিল্লীঃ শেহতীয়া তথ্য অনুসৰি দিল্লীত আক্ৰান্তৰ সংখ্যা 293 ৷ এই পৰ্যন্ত দেশখনৰ ভিতৰত ৰাজ্যখন তৃতীয় স্তৰত ৷ বিগত দিনত আক্ৰান্ত ৰোগীক চিকিৎসা প্ৰদান কৰি অহা দুগৰাকী নাৰ্ছ কভিড ১৯ত আক্ৰান্ত ৷ লকডাউনৰ ফলত আৰ্থিকভাৱে দুৰ্বল হৈ পৰা ৰাজ্যখনৰ চালকসকলক 5000 কৈ টকা প্ৰদানৰ আশ্বাস মুখ্যমন্ত্ৰীগৰাকীৰ ৷

মুম্বাইঃ যিসকল ব্যক্তিগত হাস্পতালৰ চিকিৎসকে কৰ'ণাৰ ভয়ত নিজৰ ক্লিনিক বন্ধ কৰাৰ লগতে অন্য ৰোগৰ চিকিৎসা প্ৰদান নাকচ কৰিছে সেই চিকিৎসক সকলক নাভি মুম্বাইৰ পৌৰনিগমে এখন জাননী প্ৰদান কৰে ৷ এই পৰ্যন্ত ৰাজ্যখনত কৰ'ণাত নিহতৰ সংখ্যা 2 জন ৷

হাইদৰাবাদঃ তেলেংগানাত এই পৰ্যন্ত চিকিৎসকসকলৰ বাবে PPE(personal protective equipment) যথেষ্ট পৰিমাণে মজুত আছে ৷ তেলেংগানাত বৰ্তমানলৈ 7000 পৰা 8000 লৈ PPE মজুত আছে ৷ ইয়াৰে ভিতৰত প্ৰায় 800 PPE ব্যৱহাৰ হোৱাৰ লগতে সেইসমূহ নষ্ট কৰা হৈছে ৷

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.