ETV Bharat / bharat

পদ্মশ্ৰী সন্মানেৰে সন্মানিত ওড়িশাৰ ময়ুৰভঞ্জৰ প্ৰথমগৰাকী জনজাতীয় মহিলা - পদ্মশ্ৰী সন্মান

চানথালি ভাষালৈ আগবঢ়োৱা অৱদানৰ বাবে ডঃ দময়ন্তী বেশ্ৰালৈ আগবঢ়োৱা হ’ব পদ্মশ্ৰী সন্মান ৷ দেশৰ জনজাতীয় মহিলাসকলৰ মাজত শিক্ষাৰ প্ৰসাৰ ঘটোৱাতো বৰ্তমান সময়ৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কাম বুলি মন্তব্য কৰে গৱেষক মহিলা গৰাকীয়ে ৷

Damayanti Beshra is awarded with padmasree award
ড0 দময়ন্তী বেশ্ৰালৈ আগবঢ়োৱা হ’ব পদ্মশ্ৰী সন্মান
author img

By

Published : Mar 2, 2020, 5:21 PM IST

Updated : Mar 2, 2020, 11:14 PM IST

নিউজ ডেস্ক , 2 মাৰ্চঃ ওড়িশাৰ এখন জনজাতি অধ্যুষিত জিলা ময়ুৰভঞ্জৰ এগৰাকী গৱেষক মহিলা ডঃ দময়ন্তী বেশ্ৰাক সন্মানিত কৰা হ’ব পদ্মশ্ৰী বঁটাৰে ৷ চানতালি ভাষাৰ ক্ষেত্ৰত কৰা গৱেষণা তথা চানথালি ভাষাত ৰচনা কৰা কবিতা আৰু বিভিন্ন গ্ৰন্থৰ বাবে দেশৰ ৰাষ্ট্ৰপতিয়ে ডঃ বেশ্ৰাক প্ৰদান কৰিব সন্মানীয় পদ্মশ্ৰী সন্মান ৷ কেৱল চানথালি ভাষাৰ ক্ষেত্ৰতই নহয়, ওড়িয়া ভাষাৰ ক্ষেত্ৰটো সম্পূৰ্ণ দখল আছে গৱেষক মহিলা গৰাকীৰ ৷ ডঃ বেশ্ৰাই নিজৰ শৈশৱৰ পৰাই চানথালি তথা ওড়িয়া ভাষাত লিখিবলৈ আৰম্ভ কৰিছিল যদিও,তেখেতৰ বিবাহৰ পাছতহে তেখেতৰ সৃষ্টিৰাজি গ্ৰন্থাকাৰে প্ৰকাশ পাইছিল ৷ তেখেতৰ এই নিৰলস প্ৰচেষ্টাৰ আঁৰত তেখেতৰ অভিভাৱক আৰু স্বামীৰ সম্পূৰ্ণ সহযোগ আৰু সমৰ্থন আছে বুলি জানিবলৈ দিয়ে গৱেষক গৰাকীয়ে ৷ সাক্ষাৎকাৰত জনজাতীয় পৰিয়ালত জন্মগ্ৰহণ কৰা এগৰাকী মহিলা হিচাপে জীৱনকালত যথেষ্ট প্ৰত্যাহ্বানৰ সন্মুখীন হৈ আহিছে বুলি জানিবলৈ দিয়ে ডঃ বেশ্ৰাই ৷ লগতে তেখেতে উল্লেখ কৰে যে , এগৰাকী মহিলাই নিজকে কেতিয়াও দুৰ্বল বুলি ভৱা উচিত নহয় ৷ ডঃ দায়ামন্তী বেশ্ৰাই নিজৰ সম্পৰ্কত মন্তব্য কৰি কয় যে, তেওঁ ভৱিষ্যতৰ বাবে বিশেষ চিন্তিত নহয়,বৰ্তমানক প্ৰাধান্য দি বা বৰ্তমানক ভিত্তি কৰি তেওঁ জীয়াই থাকিব বিচাৰে ৷ জনজাতীয় মহিলা সকলৰ সম্বন্ধে মন্তব্য কৰি ডঃ বেশ্ৰাই কয় যে , জনজাতীয় মহিলা সকল শিক্ষাৰ সুবিধাৰ পৰা এতিয়াও বহু নিলগত ৷ জনজাতীয় সমাজত,বিশেষকৈ জনজাতীয় মহিলাসকলৰ মাজত শিক্ষাৰ প্ৰসাৰ ঘটোৱা বৰ্তমান সময়ত অত্যন্তই গুৰুত্বপূৰ্ণ কাম ৷

ড0 দময়ন্তী বেশ্ৰালৈ আগবঢ়োৱা হ’ব পদ্মশ্ৰী সন্মান

চানথালি সাহিত্যৰ অনুবাদ তথা চানথালি ভাষাত ৰচনা কৰা তেখেতৰ এখন কিতাপৰ বাবে 2010 চনত ড0 দময়ন্তী বেশ্ৰালৈ আগবঢ়োৱা হৈছিল কেন্দ্ৰীয় সাহিত্য একাডেমী বঁটা ৷ "পণ্ডিত ৰঘুনাথ মুৰ্মু" আৰু "চাইচামপিৰু ইনজি দিছান" হৈছে ডঃ বেশ্ৰাৰ দুখন পুৰস্কাৰপ্ৰাপ্ত গৱেষণামূলক লেখনি ৷ ইয়াৰ উপৰিও গৱেষক গৰাকীয়ে প্ৰকাশ কৰিছে চানথালি ভাষাত লিখিত কবিতাৰ গ্ৰন্থৰ লগতে,ৰচনা,সমালোচনাত্মক গ্ৰন্থ,ব্যাকৰণ আৰু চানথালি ভাষাৰ ইতিহাস বিষয়ক গ্ৰন্থ ৷ ডঃ বেশ্ৰা বৰ্তমান এগৰাকী পাঠকৰ লগতে মহাৰাজা পূৰ্ণচন্দ্ৰ স্বায়ত্তশাসিত মহাবিদ্যালয়ৰ উৰিয়া বিভাগৰ মূৰব্বী অধ্যাপক হিচাপে কৰ্মৰত ৷ এইগৰাকী বিদূষী মহিলাৰ জন্ম হৈছিল 1962 চনৰ 18 ফেব্ৰুৱাৰীত জনজাতি অধ্যুষিত ময়ুৰভঞ্জ জিলাৰ ৰাইৰঙ্গপুৰ মহকুমাৰ চবেইয’দা জিলাত ৷ প্ৰয়াত ৰাজমালি মাঝি আৰু পুঙ্গী মাঝিৰ জ্যেষ্ঠ কন্যা ডঃ দময়ন্তী বেশ্ৰা ৷ ওড়িশাৰ ময়ুৰভঞ্জ জিলাৰ প্ৰথমগৰাকী জনজাতীয় মহিলা হিচাপে পদ্মশ্ৰী সন্মান গ্ৰহণ কৰিব ডঃ দাময়ন্তী বেশ্ৰাই ৷ লগতে পঢ়কঃদিল্লী সংঘৰ্ষঃ চাৰিগৰাকী ৰাজনীতিকৰ বিৰুদ্ধে শুনানি প্ৰদান কৰিব উচ্চতম ন্যয়ালয়ে

Last Updated : Mar 2, 2020, 11:14 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.