নিউজ ডেস্ক, ৪ জুনঃ ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰই শেহতীয়াভাৱে প্ৰকাশ কৰা তথ্য অনুসৰি ঘূৰ্ণীবতাহ নিসৰ্গে মুম্বাই সংলগ্ন আলিবাগৰ কাষৰীয়া অঞ্চলত ভূমিস্খলনৰ সৃষ্টি কৰি বৰ্তমান মহাৰাষ্ট্ৰৰ পশ্চিম বিদৰ্ভ অঞ্চলত গতি কৰিছে।
ঘূৰ্ণীবতাহ নিসৰ্গৰ ফলত বুধবাৰে আলীবাগ অঞ্চলত ভূমিস্খলনৰ সৃষ্টি হয়। পূৰ্বৰে পৰা কোভিড ১৯য়ে জুৰুলা কৰা বিত্তীয় কেন্দ্ৰস্থলী মুম্বাইত এই ঘূৰ্ণীবতাহৰ ব্যাপক প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে।
ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰই টুইটযোগে উল্লেখ কৰা অনুসৰি ৪ জুনত প্ৰায় ৫.৩০ বজাত ঘূৰ্ণিবতাহ নিসৰ্গে পশ্চিম বিদৰ্ভ (মহাৰাষ্ট্ৰ)ৰ পৰা তীব্ৰ বেগেৰে উত্তৰ-পূৱ দিশত গতি কৰে যদিও সেই অঞ্চলত ইয়াৰ প্ৰভাৱ কম হয়।
বুধবাৰে বিয়লি আৰৱ সাগৰৰ পৰা মহাৰাষ্ট্ৰৰ উপকূলীয় অঞ্চলসমূহত প্ৰতি ঘণ্টাত ১২০ কিলোমিটাৰ গতিবেগেৰে ঘূৰ্ণিবতাহ বলে। সূদীৰ্ঘ ৭২ বছৰৰ পাছত মুম্বাই এনে ঘূৰ্ণিবতাহৰ সম্মূখীন হয়।
ঘূৰ্ণিবতাহৰ ফলত পাৰ্শ্ববৰ্তী উপকূলীয় জিলা ৰায়গড় আৰু পালঘৰ আদিত প্ৰচণ্ড বতাহ, বৰষুণ হয়। লগতে উপকূলীয় অঞ্চলত ৬-৮ ফুট উচ্চতালৈ সাগৰীয় ঢৌ উঠে। তদুপৰি আবাসিক অঞ্চলসমূহত বহু লোকৰ বাসগৃহৰ টিন উৰি যোৱাৰ লগতে গছ আৰু বৈদ্যুতিক খুটা ভাঙি পৰে।
ৰায়গড় জিলাত এই ঘূৰ্ণিবতাহৰ ফলত বিদ্যুত্স্পৃষ্ট হৈ এজন লোকৰ মৃত্যু হয়। লগতে, বাসগৃহ ভাঙি পৰি এগৰাকী ৬৫ বছৰীয়া মহিলা আৰু এজন ৫২ বছৰীয়া লোকৰ মৃত্যু হয় বুলি বিভাগীয় কৰ্তৃপক্ষই প্ৰকাশ কৰে।